নিপুণ অসমৰ পাঠদান নিৰীক্ষণ কৰ্মশালাত কি কি আলোচনা?

ধেমাজি জিলাৰ সমগ্ৰ শিক্ষাৰ অন্তৰ্গত বৰদলনি শিক্ষাখণ্ডত Classroom Observation Tool চমুকৈ COTৰ এদিনীয়া প্ৰশিক্ষণ পশ্চিম গোগামুখ মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয়। এই প্ৰশিক্ষণৰ জৰিয়তে নিপুন শিক্ষাখণ্ড হিচাপে স্বীকৃতি বৰদলনি শিক্ষাখণ্ডৰ অন্তৰ্গত ২৯ টা মণ্ডল সমল কেন্দ্ৰ সমন্বয়কসকলক শ্ৰেণীকোঠাৰ পৰ্যবেক্ষণৰ সময়ত কি কি দিশত মনোনিৱেশ কৰিব লাগে আদি বিভিন্ন দিশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণ প্ৰদান কৰে নিপুণ অসমৰ ধেমাজিৰ জিলা পৰামৰ্শদাতা ৰশ্মি দলে, বৰদলনি ল’ৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক নবীন চন্দ্ৰ বৰুৱা আৰু জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ধেমাজিৰ প্ৰৱক্তা ইন্দ্ৰজিৎ গামে।

উল্লেখযোগ্য যে প্ৰশিক্ষণৰ বাবে সমগ্ৰ শিক্ষা অসমৰ সহযোগী সংস্থা CSFৰ ৰাজ্যিক মুৰব্বী ইন্দ্ৰনাথ চেটাৰ্জী উপস্থিত থকাৰ লগতে ধেমাজি জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা মিছন সমন্বয়ক বিতুপন হাজৰিকা, জিলা আঁচনি বিষয়া অৰুনিমা দুৱৰা, বৰদলনি শিক্ষাখণ্ডৰ BRP মুকুল সুত আৰু প্ৰণতি দেৱী উপস্থিত থাকে।

পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰশিক্ষণত মূলতঃ Classroom Observation Toolৰ লগত জড়িত APPৰ ব্যৱহাৰৰ বিষয়ে আৰু CRCC সকলে কেনেকৈ পাঠদান নিৰীক্ষণ কৰিব সেই সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...