নিপুণ অসমৰ পাঠদান নিৰীক্ষণ কৰ্মশালাত কি কি আলোচনা?

ধেমাজি জিলাৰ সমগ্ৰ শিক্ষাৰ অন্তৰ্গত বৰদলনি শিক্ষাখণ্ডত Classroom Observation Tool চমুকৈ COTৰ এদিনীয়া প্ৰশিক্ষণ পশ্চিম গোগামুখ মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয়। এই প্ৰশিক্ষণৰ জৰিয়তে নিপুন শিক্ষাখণ্ড হিচাপে স্বীকৃতি বৰদলনি শিক্ষাখণ্ডৰ অন্তৰ্গত ২৯ টা মণ্ডল সমল কেন্দ্ৰ সমন্বয়কসকলক শ্ৰেণীকোঠাৰ পৰ্যবেক্ষণৰ সময়ত কি কি দিশত মনোনিৱেশ কৰিব লাগে আদি বিভিন্ন দিশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণ প্ৰদান কৰে নিপুণ অসমৰ ধেমাজিৰ জিলা পৰামৰ্শদাতা ৰশ্মি দলে, বৰদলনি ল’ৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক নবীন চন্দ্ৰ বৰুৱা আৰু জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ধেমাজিৰ প্ৰৱক্তা ইন্দ্ৰজিৎ গামে।

উল্লেখযোগ্য যে প্ৰশিক্ষণৰ বাবে সমগ্ৰ শিক্ষা অসমৰ সহযোগী সংস্থা CSFৰ ৰাজ্যিক মুৰব্বী ইন্দ্ৰনাথ চেটাৰ্জী উপস্থিত থকাৰ লগতে ধেমাজি জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা মিছন সমন্বয়ক বিতুপন হাজৰিকা, জিলা আঁচনি বিষয়া অৰুনিমা দুৱৰা, বৰদলনি শিক্ষাখণ্ডৰ BRP মুকুল সুত আৰু প্ৰণতি দেৱী উপস্থিত থাকে।

পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰশিক্ষণত মূলতঃ Classroom Observation Toolৰ লগত জড়িত APPৰ ব্যৱহাৰৰ বিষয়ে আৰু CRCC সকলে কেনেকৈ পাঠদান নিৰীক্ষণ কৰিব সেই সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...