২০২৩ত অনুষ্ঠিত হ’ব মহিলাৰ IPL, কেইটা দলে খেলিব, কি কি নিয়ম BCCIৰ?

অহা বছৰৰ পৰা অনুষ্ঠিত হ’ব মহিলাৰ IPL। পুৰুষৰ IPLৰ ব্যাপক জনপ্ৰিয়তাৰ পিছত এইবাৰ মহিলাৰ IPL আয়োজনৰ প্ৰস্তুতি চলোৱা হৈছে। প্ৰথম বছৰ ৫টা দলৰ মাজত অনুষ্ঠিত হ’ব খেল।

মুঠ ২২খন খেল অনুষ্ঠিত হ’ব প্ৰথম ছিজনত। ইয়াৰে ২০খন লীগ পৰ্যায়ৰ খেল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। আনহাতে, প্ৰথম বছৰত প্ৰতিটো দলৰ মূল একাদশত স্থান দিয়া হব ৫গৰাকী খেলুৱৈক। ইয়াৰে ৪গৰাকী বিদেশী খেলুৱৈ আৰু সহযোগী দেশসমূহৰ এগৰাকী খেলুৱৈক ৰাখিব পাৰিব দলত।

২০২৩ চনৰ মাৰ্চ মাহৰ পৰা IPL আয়োজনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে BCCI-এ। প্ৰস্তাৱিত ৫টা দলত গুৱাহাটীও অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...