২ হাজাৰ টকাৰে কেনেকৈ ক্ৰয় কৰিলে ৩০ কোটি টকীয়া ঘৰ

এগৰাকী মহিলাই এৰাতিৰ ভিতৰত কেনেকৈ কোটিপতি হ’ল সেই কথা জানিলে আপুনি আচৰিত হ’ব। এগৰাকীয়ে মহিলাই হঠাতে ৩০ কোটি টকাৰ এটা বিলাসী ঘৰৰ স্বত্বাধিকাৰী হৈ পৰে। কেৱল মাত্ৰ দুহাজাৰ টকাৰ বিনিময়ত। স্বাস্থ্য বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰা ৫৯ বছৰীয়া মহিলাগৰাকীয়ে আনলোকৰ ঘৰত পালক মাতৃ হিচাপে কাম কৰিছিল। মহিলাগৰাকীৰ নাম কেথেৰিন কাৰৱাডিন। ইউ.কে.-ৰ ৰাজহুৱা স্বাস্থ্য সেৱাৰ (এন.এইচ.এছ. কৰ্মী) পৰা অৱসৰ লোৱাৰ পিছত, তেওঁ এগৰাকী পালক মাতৃ হৈছিল। কেথেৰিনৰ নিজৰ পাঁচটা সন্তান আছে, কিন্তু অৰ্থনৈতিক পৰিস্থিতিৰ বাবে, তেওঁ আনৰ সন্তানৰ চোৱাচিতা কৰাৰ কাম আৰম্ভ কৰিছিল।

ডেইলী মেইলৰ প্ৰতিবেদন অনুসৰি, কেথেৰিনে তেওঁৰ স্বামী ক্ৰিছ আৰু পাঁচটা সন্তানৰ সৈতে এটা সৰু ঘৰত বাস কৰিছিল। শেহতীয়াকৈ ভেলেণ্টাইন ডে’ত, তেওঁ ২০ পাউণ্ড (ভাৰতীয় মূল্যত ২ হাজাৰ টকা)ৰ লটাৰী টিকট ক্ৰয় কৰিছিল। কেথৰিনে ভবা নাছিল যে, এনেকুৱা এটা দিন আহিব বুলি। চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ১তাৰিখে কেথৰিনে ৩মিলিয়ন পাউণ্ড (ভাৰতীয় মূল্যত ৩০ কোটি টকা) মূল্যৰ এটাৰ ঘৰ লটাৰীত লাভ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...