দেশৰ এখন চহৰত নিষিদ্ধ কৰা হ’ল লাউডস্পীকাৰ। কিয় নিষিদ্ধ কৰা হ’ল লাউডস্পীকাৰ? জানেনে!

ভাৰতৰ ৰাজস্থানৰ এখন চহৰত নিষিদ্ধ কৰা হ’ল লাউডস্পীকাৰ। ৰাজস্থানৰ আজমেৰ প্ৰশাসনে সকলো ধৰ্মীয় অনুষ্ঠান আৰু সকলো ৰাজহুৱা স্থানত নিষিদ্ধ কৰিলে লাউডস্পীকাৰ। শব্দ প্ৰদূষণ প্ৰতিৰোধ কৰিবৰ বাবে এই সিদ্ধান্ত লৈছে ৰাজস্থান প্ৰশাসনে। চলিত মাহৰ ৭ এপ্ৰিলৰ পৰা এই আদেশ কাৰ্যকাৰী কৰিছে আজমেৰ প্ৰশাসনে।

শেহতীয়াকৈ আজান বিৰ্তকই ব্যাপক চৰ্চা লাভ কৰা বাবেই আজমেৰ প্ৰশাসনে ধৰ্মীয় অনুষ্ঠানত পতাকা আৰু ধৰ্মীয় চিহ্নিও নিষিদ্ধ কৰিছে। যদি কোনো ব্যক্তি বা কোনো অনুষ্ঠানে লাউডস্পীকাৰ ব্যবহাৰ কৰিব বিচাৰে তেন্তে আগতিয়াকৈ প্ৰসাশনৰ অনুমতি ল’ব লাগিব। অৱশ্যে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ এই অনুমতি প্ৰদান কৰা নহ’ব।

বৰ্তমান আজমেৰত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে। প্ৰশাসনে জাৰি কৰা এই আদেশ অনুসৰি কোনো ব্যক্তিগত ধৰ্মীয় অনুষ্ঠানতো উত্তোলন কৰিব নোৱাৰিব পতাকা। কিয়নো ইয়াৰ ফলত ৰাজহুৱা শান্তি ভংগ হ’ব পাৰে, আইন-শৃংখলা আৰু সামাজিক সম্প্ৰীতিৰ প্ৰতিও ভাবুকি আহিব পাৰে।

আজমেৰৰ আৰক্ষী অধিক্ষকে লগতে জনাই যে, যদি কোনো ব্যক্তিয়ে প্ৰশাসনৰ এই আদেশ উলংঘা কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা লাৱা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...