২ হাজাৰ টকাৰে কেনেকৈ ক্ৰয় কৰিলে ৩০ কোটি টকীয়া ঘৰ

এগৰাকী মহিলাই এৰাতিৰ ভিতৰত কেনেকৈ কোটিপতি হ’ল সেই কথা জানিলে আপুনি আচৰিত হ’ব। এগৰাকীয়ে মহিলাই হঠাতে ৩০ কোটি টকাৰ এটা বিলাসী ঘৰৰ স্বত্বাধিকাৰী হৈ পৰে। কেৱল মাত্ৰ দুহাজাৰ টকাৰ বিনিময়ত। স্বাস্থ্য বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰা ৫৯ বছৰীয়া মহিলাগৰাকীয়ে আনলোকৰ ঘৰত পালক মাতৃ হিচাপে কাম কৰিছিল। মহিলাগৰাকীৰ নাম কেথেৰিন কাৰৱাডিন। ইউ.কে.-ৰ ৰাজহুৱা স্বাস্থ্য সেৱাৰ (এন.এইচ.এছ. কৰ্মী) পৰা অৱসৰ লোৱাৰ পিছত, তেওঁ এগৰাকী পালক মাতৃ হৈছিল। কেথেৰিনৰ নিজৰ পাঁচটা সন্তান আছে, কিন্তু অৰ্থনৈতিক পৰিস্থিতিৰ বাবে, তেওঁ আনৰ সন্তানৰ চোৱাচিতা কৰাৰ কাম আৰম্ভ কৰিছিল।

ডেইলী মেইলৰ প্ৰতিবেদন অনুসৰি, কেথেৰিনে তেওঁৰ স্বামী ক্ৰিছ আৰু পাঁচটা সন্তানৰ সৈতে এটা সৰু ঘৰত বাস কৰিছিল। শেহতীয়াকৈ ভেলেণ্টাইন ডে’ত, তেওঁ ২০ পাউণ্ড (ভাৰতীয় মূল্যত ২ হাজাৰ টকা)ৰ লটাৰী টিকট ক্ৰয় কৰিছিল। কেথৰিনে ভবা নাছিল যে, এনেকুৱা এটা দিন আহিব বুলি। চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ১তাৰিখে কেথৰিনে ৩মিলিয়ন পাউণ্ড (ভাৰতীয় মূল্যত ৩০ কোটি টকা) মূল্যৰ এটাৰ ঘৰ লটাৰীত লাভ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...