নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত অৱধ অসম এক্সপ্ৰেছ ৰে’লত বুধবাৰে দিনৰ ১:১০ মিনিটত এটি কন্যা শিশু প্ৰসৱ কৰে ৰীণা কুমাৰী নামৰ এগৰাকী মহিলাই। নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচন হস্পিতালৰ চিকিৎসক ডা° মুজাম্মেল হুছেইন আৰু একাংশ চিকিৎসা কর্মীৰ তৎপৰতাত ৰে’লৰ ভিতৰতেই কোনোধৰণৰ অস্ত্ৰোপ্ৰচাৰ নকৰাকৈ নিৰাপদে শিশুটি প্ৰসৱ কৰাবলৈ সক্ষম হয়।
বিহাৰৰ মুজাফফৰপুৰৰ ৰীণা কুমাৰী নামৰ মহিলা গৰাকীয়ে ৰে’লত প্ৰসৱ বেদনাত চটফটাই থকাৰ খবৰ লাভ কৰি চিকিৎসক মুজাম্মেল হুছেইনসহ চিকিৎসাকৰ্মীৰ দলটো তৎকালেই উপস্থিত হয় দবাটোত। মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত চিকিৎসকগৰাকীয়ে দবাৰ ভিতৰতেই স্বাভাৱিক আৰু সুৰক্ষিত প্ৰসৱৰ ব্যৱস্থা কৰিছিল। আৰু এটি সুস্থ কন্যা শিশুৰ প্ৰসৱ কৰে ৰীণা কুমাৰী নামৰ মহিলাগৰাকীয়ে। সম্প্ৰতি শিশু আৰু মাতৃ উভয়েই সুস্থ থকাত চিকিৎসকে 15909 অৱধ অসম এক্সপ্ৰেছ ৰে’লৰ S-2 কোচ যোগে মুজাফফৰপুৰলৈ দুয়োকে প্ৰেৰণ কৰিছে।
উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই এই খবৰ ফেচবুকযোগে প্ৰকাশ কৰাৰ পিছতেই বিভিন্নজনে ডা° মুজাম্মেল হুছেইন আৰু চিকিৎসাকৰ্মীসকলক প্ৰশংসাৰে উপচাই পেলোৱা পৰিলক্ষিত হৈছে।