ইমৰান শ্বাহলৈ ‘বৰ অসম সমন্বয় বঁটা-২০২১’

লক্ষীমপুৰ জিলা জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত তথা লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সহযোগত বিশিষ্ট কথা-সাহিত্যিক, পদ্মশ্ৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহলৈ ‘বৰ অসম সমন্বয় বঁটা-২০২১’। সাহিত্যিক গৰাকীৰ বাসগৃহ চৌহদত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটা।

প্ৰতিবছৰে ‘চুকাফা দিৱস’ত সমাজ জীৱনলৈ অৱদান আগবঢ়াই অহা একোগৰাকী বৰেণ্য ব্যক্তিলৈ এই বঁটা প্ৰদান কৰি আহিছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লক্ষীমপুৰ জিলা সমিতিয়ে। এই বঁটাত আছে নগদ ২৫ হেজাৰ টকা, অংগ বস্ত্ৰ, স্মাৰক, ফুলাম জাপি, শৰাই, সম্বৰ্ধনা পত্ৰ আদি।

উল্লেখযোগ্য যে, ১৯৩৩ চনৰ ২৩ নৱেম্বৰত জন্মগ্ৰহণ কৰা ইমৰান শ্বাহে ইতিপূৰ্বে ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান লাভ কৰাৰ উপৰিও অসম উপত্যকা সাহিত্য বঁটা, আজানপীৰ বঁটা, ৰংপুৰ গৌৰৱ বঁটাকে ধৰি বহু সন্মান লাভ কৰিছে। নৱম শ্ৰেণীত পঢ়ি থাকোতেই ‘বনবাসী’ কাব্য গ্ৰন্থেৰে অসমীয়া সাহিত্যৰ জগতত খোজ পেলোৱা ইমৰান শ্বাহে বিগত সাত দশকৰো অধিককাল গল্প, কবিতা, উপন্যাস, গীত আদিৰে জাতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰমুজ প্ৰণালীৰ নিয়ম উলংঘাকাৰী জাহাজক জৰিমনা আৰু জব্দ কৰাৰ হুংকাৰ ইৰানৰ

বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তি পৰিবহন পথ হৰমুজ প্ৰণালীৰে চলাচল...

কেৰালাৰ কাজীয়া লিজ মেজোৰ শিৰত ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট

কেৰালাৰ মাৱেলিক্কৰাৰ অধিবাসী কাজীয়া লিজ মেজোৱে ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া...

২০৩৫ চনৰ ভিতৰত ভাৰতৰ থাকিব নিজা মহাকাশ কেন্দ্ৰ: ইছৰ’ৰ অধ্যক্ষ

ভাৰতে ২০৩৫ চনৰ ভিতৰত 'ভাৰতীয় অন্তৰীক্ষ ষ্টেচন' (BAS) নামৰ...