বঙাইগাঁৱত ৰে’লৰ দবাৰ ভিতৰতেই মহিলাই কৰিলে প্ৰসৱ

নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত অৱধ অসম এক্সপ্ৰেছ ৰে’লত বুধবাৰে দিনৰ ১:১০ মিনিটত এটি কন্যা শিশু প্ৰসৱ কৰে ৰীণা কুমাৰী নামৰ এগৰাকী মহিলাই। নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচন হস্পিতালৰ চিকিৎসক ডা° মুজাম্মেল হুছেইন আৰু একাংশ চিকিৎসা কর্মীৰ তৎপৰতাত ৰে’লৰ ভিতৰতেই কোনোধৰণৰ অস্ত্ৰোপ্ৰচাৰ নকৰাকৈ নিৰাপদে শিশুটি প্ৰসৱ কৰাবলৈ সক্ষম হয়।

বিহাৰৰ মুজাফফৰপুৰৰ ৰীণা কুমাৰী নামৰ মহিলা গৰাকীয়ে ৰে’লত প্ৰসৱ বেদনাত চটফটাই থকাৰ খবৰ লাভ কৰি চিকিৎসক মুজাম্মেল হুছেইনসহ চিকিৎসাকৰ্মীৰ দলটো তৎকালেই উপস্থিত হয় দবাটোত। মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত চিকিৎসকগৰাকীয়ে দবাৰ ভিতৰতেই স্বাভাৱিক আৰু সুৰক্ষিত প্ৰসৱৰ ব্যৱস্থা কৰিছিল। আৰু এটি সুস্থ কন্যা শিশুৰ প্ৰসৱ কৰে ৰীণা কুমাৰী নামৰ মহিলাগৰাকীয়ে। সম্প্ৰতি শিশু আৰু মাতৃ উভয়েই সুস্থ থকাত চিকিৎসকে 15909 অৱধ অসম এক্সপ্ৰেছ ৰে’লৰ S-2 কোচ যোগে মুজাফফৰপুৰলৈ দুয়োকে প্ৰেৰণ কৰিছে।

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই এই খবৰ ফেচবুকযোগে প্ৰকাশ কৰাৰ পিছতেই বিভিন্নজনে ডা° মুজাম্মেল হুছেইন আৰু চিকিৎসাকৰ্মীসকলক প্ৰশংসাৰে উপচাই পেলোৱা পৰিলক্ষিত হৈছে।

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...