বঙাইগাঁৱত ৰে’লৰ দবাৰ ভিতৰতেই মহিলাই কৰিলে প্ৰসৱ

নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত অৱধ অসম এক্সপ্ৰেছ ৰে’লত বুধবাৰে দিনৰ ১:১০ মিনিটত এটি কন্যা শিশু প্ৰসৱ কৰে ৰীণা কুমাৰী নামৰ এগৰাকী মহিলাই। নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচন হস্পিতালৰ চিকিৎসক ডা° মুজাম্মেল হুছেইন আৰু একাংশ চিকিৎসা কর্মীৰ তৎপৰতাত ৰে’লৰ ভিতৰতেই কোনোধৰণৰ অস্ত্ৰোপ্ৰচাৰ নকৰাকৈ নিৰাপদে শিশুটি প্ৰসৱ কৰাবলৈ সক্ষম হয়।

বিহাৰৰ মুজাফফৰপুৰৰ ৰীণা কুমাৰী নামৰ মহিলা গৰাকীয়ে ৰে’লত প্ৰসৱ বেদনাত চটফটাই থকাৰ খবৰ লাভ কৰি চিকিৎসক মুজাম্মেল হুছেইনসহ চিকিৎসাকৰ্মীৰ দলটো তৎকালেই উপস্থিত হয় দবাটোত। মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত চিকিৎসকগৰাকীয়ে দবাৰ ভিতৰতেই স্বাভাৱিক আৰু সুৰক্ষিত প্ৰসৱৰ ব্যৱস্থা কৰিছিল। আৰু এটি সুস্থ কন্যা শিশুৰ প্ৰসৱ কৰে ৰীণা কুমাৰী নামৰ মহিলাগৰাকীয়ে। সম্প্ৰতি শিশু আৰু মাতৃ উভয়েই সুস্থ থকাত চিকিৎসকে 15909 অৱধ অসম এক্সপ্ৰেছ ৰে’লৰ S-2 কোচ যোগে মুজাফফৰপুৰলৈ দুয়োকে প্ৰেৰণ কৰিছে।

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই এই খবৰ ফেচবুকযোগে প্ৰকাশ কৰাৰ পিছতেই বিভিন্নজনে ডা° মুজাম্মেল হুছেইন আৰু চিকিৎসাকৰ্মীসকলক প্ৰশংসাৰে উপচাই পেলোৱা পৰিলক্ষিত হৈছে।

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...