স্বামীৰ কাষত বহিবলৈ বিচাৰি ৩ ঘণ্টা কান্দিলে মহিলাই, ছিট এৰি নিদিলে কাষত বহা মহিলা যাত্ৰীয়ে!

দহ ঘণ্টীয়া বিমান যাত্ৰা, স্বামীৰ কাষত বহাৰ হেঁপাহ আৰু ছিট সলনি কৰিবলৈ অস্বীকাৰ কৰা এগৰাকী মহিলা যাত্ৰী! এই ঘটনাই এতিয়া ছ’চিয়েল মিডিয়াত সৃষ্টি কৰিছে চৰ্চা।

টমিকা হাৰ্ভে নামৰ এগৰাকী মহিলাই কাজাখস্তানৰ পৰা তুৰ্কীছ এয়াৰলাইনছৰ বিমানযোগে ঘৰলৈ উভতি আহিছিল। পিতৃৰ মৃত্যুৰ পিছত মানসিকভাৱে ভাগি পৰা হাৰ্ভেৰ ইস্তানবুলৰ পৰা ৱাশ্বিংটন ডি চিলৈ যোৱা সংযোগী বিমানখনত এগৰাকী মহিলাই তেওঁৰ ছিটটো এৰি দিবলৈ অনুৰোধ জনায়। কাৰণ, তেওঁ দহ ঘণ্টীয়া যাত্ৰাত স্বামীৰ কাষত বহিব বিচাৰিছিল।

কিন্তু হাৰ্ভেই ছিট সলনি কৰিবলৈ অস্বীকাৰ কৰে। হাৰ্ভেৰ দাবী অনুসৰি, ইয়াৰ পিছতে মহিলাগৰাকীয়ে প্ৰায় তিনি ঘণ্টা ধৰি কান্দি থাকে। স্বামীৰ কাষত বহিব নোৱাৰিলে মূৰটো থ’বলৈ কান্ধ এটাও নাপাব বুলি তেওঁ হাৰ্ভেক জনায়।

আনহাতে, মহিলাগৰাকীৰ স্বামী দুটা শাৰী আগত মাজৰ ছিটত হেডফোন লগাই আৰামত শুই আছিল বুলি হাৰ্ভেই নিজৰ পোষ্টত উল্লেখ কৰে।

বিমানখন অৱতৰণ কৰাৰ পিছত হাৰ্ভেই ব্যংগ কৰি কয়, “বাহ! চাওকচোন, স্বামী নোহোৱাকৈ দহ ঘণ্টা কেনেকৈ পাৰ কৰিলে!”

ঘটনাটোৱে ছ’চিয়েল মিডিয়াত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। একাংশই নিজৰ ছিট এৰি নিদিয়াৰ অধিকাৰক সমৰ্থন কৰাৰ বিপৰীতে আন একাংশই হাৰ্ভেৰ শেষৰ মন্তব্যক অত্যধিক কঠোৰ বুলি সমালোচনা কৰিছে। অৱশ্যে, বিমান সংস্থাই তেওঁলোকৰ ছিটৰ ব্যৱস্থা কেনেকৈ কৰিছিল, সেই বিষয়ে কোনো নিশ্চিত তথ্য প্ৰকাশ পোৱা নাই।

আপুনি কি কৰিলেহেঁতেন? স্বামীৰ কাষত বহিবলৈ নিজৰ ছিট এৰি দিলেহেঁতেননে, নে নিজৰ বুক কৰা ছিটতে বহি থাকিলেহেঁতেন?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭ দিনৰ পিছত কাৰাগাৰৰ পৰা মুকলি CJPৰ দুই মুখপাত্ৰ সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীৰ জন্তৰ-মন্তৰত প্ৰতিবাদৰ সময়ত ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন কৰি গ্ৰেপ্তাৰ...

মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙক ‘গ্ৰেণ্ড মাষ্টাৰ ৯ম ডান’ সন্মান গ্ল’বেল ট্ৰেডিচনেল তাইকোৱাণ্ডো ফেডাৰেচনৰ

মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙক গ্ল’বেল ট্ৰেডিচনেল তাইকোৱাণ্ডো ফেডাৰেচনে...