দেশবিৰোধী বাতৰি আৰু উচটনিমূলক বক্তব্যক লৈ সংবাদ মাধ্যমলৈ কেন্দ্ৰৰ কঠোৰ নিৰ্দেশনা; AIৰ ব্যৱহাৰতো সতৰ্কতা, নিৰাপত্তা অভিযানৰ বাতৰি সম্প্ৰচাৰত বিশেষ গুৰুত্ব

দেশৰ ব্যক্তিগত ছেটেলাইট টেলিভিছন চেনেলসমূহৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে। বাতৰি সম্প্ৰচাৰৰ ক্ষেত্ৰত সাম্প্ৰদায়িক বিদ্বেষ, দেশবিৰোধী মনোভাৱ আৰু উত্তেজনা বিয়পাব পৰা বক্তব্যৰ প্ৰতি বিশেষ সতৰ্কতা অৱলম্বন কৰাৰ লগতে কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ব্যৱহাৰৰ ক্ষেত্ৰতো সাৱধান হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

বুধবাৰে জাৰি কৰা এই নিৰ্দেশনা অনুসৰি, সাম্প্ৰদায়িক বা দেশবিৰোধী মনোভাৱ প্ৰকাশ কৰিব পৰা অনুষ্ঠান আৰু বাতৰিৰ ক্ষেত্ৰত সম্পাদকীয় নিয়ন্ত্ৰণ অধিক শক্তিশালী কৰিব লাগিব। বিতৰ্কমূলক অনুষ্ঠান আৰু সংবেদনশীল বাতৰি সম্প্ৰচাৰৰ ক্ষেত্ৰতো চেনেলসমূহে অধিক সাৱধানতা অৱলম্বন কৰিব লাগিব।

নিৰ্দেশনাত নিৰাপত্তা বাহিনীৰ সন্ত্ৰাসবাদবিৰোধী অভিযানৰ বাতৰি সম্প্ৰচাৰৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰয়োজন সাপেক্ষে এনে অভিযানৰ সম্প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে, যাতে নিৰাপত্তা বাহিনীৰ কাম-কাজ বা অভিযানৰ গোপনীয়তা আৰু নিৰাপত্তা বিঘ্নিত নহয়। একেদৰে, হিংসাত্মক দৃশ্য অথবা জনসাধাৰণৰ মানসিক অৱস্থাত নেতিবাচক প্ৰভাৱ পেলাব পৰা দৃশ্য সম্প্ৰচাৰৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

আনহাতে, টেলিভিছনৰ পেনেল আলোচনা আৰু বিতৰ্কমূলক অনুষ্ঠানৰ ক্ষেত্ৰতো কঠোৰ নিৰ্দেশনা দিয়া হৈছে। সাম্প্ৰদায়িক বিদ্বেষ, দেশবিৰোধী মনোভাৱ অথবা উত্তেজনা বিয়পাব পৰা বক্তব্য সম্প্ৰচাৰ কৰিব নোৱাৰিব। এনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অনুষ্ঠানৰ সঞ্চালক আৰু চেনেল কৰ্তৃপক্ষই সক্ৰিয় ভূমিকা পালন কৰিব লাগিব।

কোনো আলোচনাত অংশগ্ৰহণকাৰীৰ বক্তব্য আপত্তিজনক, অপমানজনক বা উচটনিমূলক হৈ উঠিলে প্ৰয়োজন অনুসৰি তেওঁৰ মাইক্ৰ’ফোন বন্ধ কৰা, বক্তব্যৰ সম্প্ৰচাৰ বন্ধ কৰা অথবা সমগ্ৰ অনুষ্ঠানৰ সম্প্ৰচাৰ বন্ধ কৰাৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব।

বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ব্যৱহাৰ সন্দৰ্ভতো স্পষ্ট নিৰ্দেশনা দিয়া হৈছে। AIক বাতৰি পৰিৱেশনৰ সহায়ক প্ৰযুক্তি হিচাপে ব্যৱহাৰ কৰিব পাৰিলেও ইয়াৰ ফলত বাতৰিৰ শুদ্ধতা, সত্যতা আৰু সংবেদনশীলতা যাতে কোনো কাৰণতে ক্ষতিগ্ৰস্ত নহয়, তাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব।

এই নিৰ্দেশনা উলংঘা কৰিলে ‘কেবল টেলিভিছন নেটৱৰ্কছ (নিয়ন্ত্ৰণ) আইন, ১৯৯৫’ৰ অধীনত সংশ্লিষ্ট টিভি চেনেলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে।

ইয়াৰ উপৰি, বাতৰি সংগ্ৰহ, সম্পাদনা, প্ৰযোজনা আৰু সম্প্ৰচাৰৰ সৈতে জড়িত কৰ্মীসকলৰ নিয়মীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা আৰু সম্পাদকীয় পৰ্যালোচনা প্ৰক্ৰিয়া অধিক শক্তিশালী কৰাৰ বাবেও কেন্দ্ৰীয় চৰকাৰে পৰামৰ্শ আগবঢ়াইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭ দিনৰ পিছত কাৰাগাৰৰ পৰা মুকলি CJPৰ দুই মুখপাত্ৰ সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীৰ জন্তৰ-মন্তৰত প্ৰতিবাদৰ সময়ত ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন কৰি গ্ৰেপ্তাৰ...

মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙক ‘গ্ৰেণ্ড মাষ্টাৰ ৯ম ডান’ সন্মান গ্ল’বেল ট্ৰেডিচনেল তাইকোৱাণ্ডো ফেডাৰেচনৰ

মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙক গ্ল’বেল ট্ৰেডিচনেল তাইকোৱাণ্ডো ফেডাৰেচনে...

পাকিস্তানৰ বেলুচিস্তানত সামৰিক ড্ৰ’ন আক্ৰমণত তিনি সাধাৰণ নাগৰিকৰ মৃত্যু

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত পৃথক পৃথক ড্ৰ’ন আক্ৰমণত তিনি সাধাৰণ...