বাৰানসীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সন্ত গুৰু ৰবিদাস ঘাটত জনালে সেৱা

উত্তৰপ্ৰদেশৰ ধৰ্মীয়স্থল বাৰানসীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। আজি বাৰানসীৰ সন্ত গুৰু ৰবিদাস ঘাটত জনালে শ্ৰদ্ধাঞ্জলি। কাশী বিশ্বনাথ কৰিড’ৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ লগতে অসমৰ পৰা যোৱা সত্ৰাধিকাৰসহ প্ৰায় ২৫জনীয়া এটা দলেও অংশগ্ৰহণ কৰে এই অনুষ্ঠানত। এই উদ্বোধনী অনুষ্ঠানৰ পিছত আটাইকেইগৰাকী মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে অহা ১৫ ডিচেম্বৰত অযোধ্যা ভ্ৰমণ কৰিব।

মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত আছিল পত্নী ৰিণিকি ভূঞা শৰ্মা।

ইয়াৰ লগতে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্য়পাল আনন্দিবেন পেটেলো উপস্থিত আছিল

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাকে ধৰি বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা-কৰ্মী উপস্থিত আছিল বাৰানসীত। কেইবাগৰাকী মুখ্যমন্ত্ৰীয়েও বাহৰ পাতিছে বাৰানসীত

উত্তৰ প্ৰদেশৰ প্ৰাচীন পৱিত্ৰ চহৰ বাৰাণসীত সোমবাৰে কাশী বিশ্বনাথ কৰিড’ৰ মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভক্ত আৰু পৰ্যটকৰ হৰ্ষোল্লাসৰ মাজত মোদীয়ে দেশবাসীক উদ্দেশ্যে উচৰ্গা কৰে এই স্বপ্নৰ প্ৰকল্প। কাশী বিশ্বনাথ কৰিড’ৰ মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক দেশৰ সনাতন সাংস্কৃতিক পৰম্পৰাৰ প্ৰতীক বুলি অভিহিত কৰে। ৩৩৯ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই বৃহৎ প্ৰকল্পটোত আছে ভক্ত আৰু পৰ্যটকসকলৰ বাবে বিভিন্ন সা-সুবিধা।

এই উদ্বোধনী অনুষ্ঠানৰ পিছত আটাইকেইগৰাকী মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে অহা ১৫ ডিচেম্বৰত অযোধ্যা ভ্ৰমণ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...