ইৰাণ-ইজৰাইলৰ যুদ্ধত সোমাব নেকি আমেৰিকা?

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক নিঃচৰ্তভাৱে আত্মসমৰ্পণ কৰিবলৈ কৈছিল। তাৰ কেইঘণ্টাৰ ভিতৰতে ইৰাণে উত্তৰ দিছে যে, তেওঁলোকে শিৰনত কৰিব নোৱাৰে। ট্ৰাম্পৰ ভাবুকিৰ পিছত ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতোল্লা আলি খামেনেই ‘যুদ্ধ আৰম্ভ’ কৰাৰ ঘোষণা কৰিছে। তাৰ পিছৰে পৰা তীব্ৰ জল্পনা-কল্পনা চলিছে, এইবাৰ আমেৰিকাই যুদ্ধত যোগ দিব নেকি? ট্ৰাম্পৰ উত্তৰ, “কৰিবও পাৰোঁ, আকৌ নকৰিবও পাৰোঁ। মই কি কৰিম কোনেও নাজানে।”

মঙলবাৰে ট্ৰাম্পে প্ৰত্যক্ষভাৱে খামেনেইক লক্ষ্য কৰি কৈছিল যে, তেওঁ জানে ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতাজন ক’ত লুকাই আছে। কিন্তু এতিয়া তেওঁক হত্যা কৰিব নোৱাৰে আমেৰিকাই। ধৈৰ্য হেৰুৱাই ইৰাণক ‘ধ্বংস’ কৰাৰ ভাবুকি দিছিল মাৰ্কিন ৰাষ্ট্ৰপতিয়ে। ট্ৰাম্পৰ সেই ভাবুকিৰ কেইঘণ্টামানৰ পিছত, বুধবাৰে খামেনেইয়ে উত্তৰ দিলে। এক্স হেণ্ডলত পৰ্যায়ক্ৰমে পোষ্ট কৰি তেওঁ ‘যুদ্ধ আৰম্ভ’ কৰাৰ কথা ঘোষণা কৰে।

যদিও সেই যুদ্ধ কাৰ বিৰুদ্ধে, তাক পোষ্টত স্পষ্ট কৰা হোৱা নাই। পাৰ্চি ভাষাত কৰা সেই পোষ্টৰ সৈতে খামেনেই এখন ছবিও দিছিল। তাত এজন ব্যক্তিক তৰোৱাল হাতত লৈ এটা দুৰ্গৰ প্ৰৱেশদ্বাৰৰ সন্মুখত থিয় হৈ থকা দেখা গৈছে। তেওঁৰ পিছফালে আছে অনুগামীসকল। আৰু আকাশৰ পৰা উল্কা পৰি আছে! সেই পোষ্টৰ পিছত খামেনেই ইজৰাইলক লক্ষ্য কৰি লিখিছে, “আমি অৱশ্যেই সন্ত্ৰাসী ইহুদীবাদী শাসনব্যৱস্থাৰ বিৰুদ্ধে কঠোৰ উত্তৰ দিব লাগিব। আমি কোনো ইহুদীবাদীৰ প্ৰতি দয়া দেখুৱাব নোৱাৰোঁ!” উল্লেখযোগ্য যে, ট্ৰাম্পৰ পিছত ইজৰাইলৰ প্ৰতিৰক্ষামন্ত্ৰীয়েও ভাবুকি দি কৈছিল যে, খামেনেইৰ পৰিণতি ইৰাকৰ পদচ্যুত আৰু নিহত প্ৰাক্তন সৰ্বাধিনায়ক ছাদ্দাম হুছেইনৰ দৰে হ’ব!

পিছত টেলিভিছনৰ মঞ্চতো নাম নোলোৱাকৈ খামেনেইয়ে ট্ৰাম্পক ভাবুকি দিছিল। তেওঁ কৈছিল, যিসকলে ইৰাণক চিনে, তেওঁলোকে এনে ভাষাত কথা নকয়। ধৰ্মীয় নেতাজনে কয়, “বুদ্ধিমান লোক সেইসকল যিসকলে ইৰাণক চিনে, ইৰাণীসকলক চিনে, ইৰাণৰ ইতিহাস জানে, তেওঁলোকে কেতিয়াও এনে ভাবুকিৰ ভাষাত কথা নকয়। আমেৰিকানসকলে জানিব লাগে, আমেৰিকাৰ সেনাবাহিনীৰ যিকোনো ধৰণৰ হস্তক্ষেপে অপূৰণীয় ক্ষতি কঢ়িয়াই আনিব।” ইৰাণৰ ওপৰত ‘যুদ্ধ’ জাপি দিয়া হৈছে বুলি খামেনেইয়ে স্পষ্ট কৰি দিছে যে, তেওঁলোকে আত্মসমৰ্পণ নকৰে। কোনো ‘জোৰ কৰি জাপি দিয়া শান্তি’ৰ ওচৰতো ইৰাণে শিৰনত নকৰে।

খামেনেইৰ উত্তৰৰ পিছত বিভিন্ন মহলত ধাৰণা গঢ়ি উঠিছে যে, এইবাৰ হয়তো ট্ৰাম্পৰ ‘ধৈৰ্যৰ বান্ধ’ ভাঙিব! এই কথাও সঁচা যে, ৱাশ্বিংটনত তৎপৰতা বাঢ়িছে। কিছুমানৰ দাবী, মঙলবাৰে ট্ৰাম্পে মাৰ্কিন চোৰাংচোৱাসকলৰ সৈতে বৈঠকতো বহিছিল। যদিও সেই বৈঠকত কি আলোচনা হৈছিল, সেয়া জানিব পৰা নাই।

‘নিউয়ৰ্ক টাইমছ’ৰ প্ৰতিবেদন অনুসৰি, ইৰাণ-ইজৰাইলৰ যুদ্ধত আমেৰিকাই যোগ দিলে পশ্চিম এছিয়াৰ মাৰ্কিন ঘাটিসমূহত আক্ৰমণ চলাবলৈ ইৰাণে ক্ষেপণাস্ত্ৰ আৰু সামৰিক সা-সৰঞ্জাম প্ৰস্তুত কৰি আছে বুলি মাৰ্কিন চোৰাংচোৱাসকলে প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলক জনাইছে। ইৰাণ সমৰ্থিত বিদ্ৰোহী গোষ্ঠী হুথিয়ে লোহিত সাগৰত মাৰ্কিন যুদ্ধজাহাজত আক্ৰমণ চলাব পাৰে বুলি মাৰ্কিন প্ৰশাসনে দৃষ্টিগোচৰ কৰাইছে। কিছুমানে আকৌ এইবুলিও কয় যে, ইৰাণে হৰমুজ প্ৰণালীত ‘মাইনিং’ আৰম্ভ কৰিব পাৰে। সংযুক্ত আৰৱ আমিৰশাহী, জৰ্ডান আৰু ছৌদি আৰৱৰ লগতে পশ্চিম এছিয়াৰ সামৰিক ঘাটিত মোতায়েন কৰা মাৰ্কিন সেনাসকলৰ বাবে এই বিষয়ে সতৰ্কতা জাৰি কৰা হৈছে। প্ৰতিবেদনত দাবী কৰা হৈছে, পশ্চিম এছিয়াত ৪০ হাজাৰতকৈ অধিক মাৰ্কিন সেনা মোতায়েন আছে।

আমেৰিকাৰ সংবাদমাধ্যমে জনাইছে, মঙলবাৰে ট্ৰাম্পৰ সৈতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ ফোনত কথা হৈছিল। কিন্তু দুই ৰাষ্ট্ৰপ্ৰধানৰ মাজত কি কথা হৈছিল, সেয়া জানিব পৰা হোৱা নাই। নেতানিয়াহুৱে বিচাৰে, আমেৰিকাই এই যুদ্ধত সামৰিক হস্তক্ষেপ কৰক। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰ ফোৰডোত বোমা পেলাওক, যাতে ইৰাণে তেওঁলোকৰ পৰমাণু কাৰ্যসূচী বন্ধ কৰিবলৈ বাধ্য হয়। কাৰণ, সেই পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিবলৈ প্ৰয়োজনীয় বোমা এই মুহূৰ্তত ইজৰাইলৰ হাতত নাই! ট্ৰাম্পেও আগতীয়াকৈ স্পষ্ট কৰি দিছিল যে, তেওঁ নিবিচাৰে ইৰাণৰ হাতত পৰমাণু অস্ত্ৰ আহক। বাৰে বাৰে ইৰাণৰ সৈতে এই বিষয়ে আলোচনাও কৰিছিল আমেৰিকাই। তাৰ মাজতে ইজৰাইলে আক্ৰমণ চলোৱাত ষষ্ঠ দফাৰ বৈঠক বাতিল হৈ গৈছিল। ইৰাণে আৰু বৈঠক কৰিবলৈ নিবিচাৰিলে।

পিছত ‘দ্য ৱাল ষ্ট্ৰীট জাৰ্নেল’ সংবাদপত্ৰই দাবী কৰিছিল যে, আৰৱৰ মধ্যস্থতাকাৰীৰ জৰিয়তে ইৰাণে আমেৰিকা আৰু ইজৰাইলৰ ওচৰলৈ বৈঠকত বহাৰ বাৰ্তা পঠিয়াইছিল। যদিও সেই সময়ত আমেৰিকা বা ইজৰাইলে এই বিষয়ে মুখ নুখুলিছিল। ইৰাণৰ তৰফৰ পৰাও চৰকাৰীভাৱে এই বিষয়ে একো কোৱা হোৱা নাছিল। কিন্তু বুধবাৰে ট্ৰাম্পে দাবী কৰিলে যে, ইৰাণে আলোচনাত বহিব বিচাৰিছিল। তেওঁৰ কথাত, “ইৰাণৰ বহু সমস্যা আছে। তেওঁলোকে আলোচনাত বহিব বিচাৰে। এইটো বহুদিনৰ আগতে সমাধান হৈ যাব লাগিছিল। তেওঁলোকে (আমেৰিকাৰ সৈতে) যোগাযোগ কৰিছিল। কিন্তু মই কৈ দিছো, এতিয়া বহুত দেৰি হৈ গৈছে।” ট্ৰাম্পে এইটোও দাবী কৰিছে যে, ইৰাণ আৰু আক্ৰমণ প্ৰতিৰোধ কৰাৰ পৰিস্থিতিত নাই। ইৰাণৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থা বুলিও একো নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...