মই পাকিস্তানক ভাল পাওঁ, যুদ্ধ মই বন্ধ কৰিলোঁ : ট্ৰাম্প

পাকিস্তানৰ সৈতে ভাৰতৰ সংঘাত তেওঁ নিজেই বন্ধ কৰিছে বুলি আকৌ এবাৰ দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। বুধবাৰে ভাৰতৰ বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে জনাইছিল যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ট্ৰাম্পৰ ফোনত কথা-বতৰা হৈছে। ৩৫ মিনিটৰ সেই ফোনালাপত প্ৰধানমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিল যে, ভাৰতে কাৰো মধ্যস্থতা মানি নলয়। পাকিস্তানৰ সৈতে ভাৰতৰ সংঘৰ্ষবিৰতিৰ বিষয়ে আলোচনা ইছলামাবাদৰ অনুৰোধতহে হৈছিল বুলি মোদীয়ে ট্ৰাম্পক জনাইছিল। এই ফোনালাপৰ বিষয়ে এইবাৰ মুখ খুলিলে ট্ৰাম্পে। প্ৰথমৰ পৰা তেওঁ যি দাবী কৰি আহিছিল, তাৰ পৰা অলপো আঁতৰি নাহিল। তেওঁ ক’লে, “পাকিস্তান আৰু ভাৰতৰ মাজৰ যুদ্ধ মই বন্ধ কৰিছো।”

বুধবাৰে হোৱাইট হাউছৰ বাহিৰত থিয় হৈ ট্ৰাম্পে সাংবাদিকৰ সৈতে কিছু সময় কথা পাতে। ইৰাণ-ইজৰাইল সংঘাতৰ পৰা আৰম্ভ কৰি ভাৰত-পাকিস্তান সংঘাতলৈকে বিভিন্ন প্ৰসংগ উত্থাপন হৈছিল। ভাৰতৰ সৈতে আমেৰিকাই সোনকালে এখন বাণিজ্য চুক্তি কৰিব বুলিও তেওঁ জনাইছে। ভাৰত-পাকিস্তানৰ প্ৰসংগত তেওঁ ক’লে, “চাওক, যুদ্ধ মই বন্ধ কৰিছো। মই পাকিস্তানক ভাল পাওঁ। মোদীও এজন অসাধাৰণ মানুহ। কালি ৰাতি তেওঁৰ সৈতে মোৰ কথা হৈছিল। আমি ভাৰতৰ সৈতে এখন বাণিজ্যিক চুক্তি কৰিবলৈ গৈ আছো। কিন্তু ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধ মই বন্ধ কৰিছো।”

পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনীৰ এই মুহূৰ্তত আমেৰিকাত আছে। বুধবাৰে হোৱাইট হাউছত ট্ৰাম্পৰ সৈতে মধ্যাহ্ন ভোজৰ বাবে তেওঁ আমন্ত্ৰিত আছিল। মুনীৰৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প। তেওঁ জনাইছে যে, ভাৰতৰ সৈতে সংঘৰ্ষবিৰতিৰ ক্ষেত্ৰত মুনীৰৰ ভূমিকা অতি ইতিবাচক আছিল। ট্ৰাম্পে কয়, “পাকিস্তানৰ তৰফৰ পৰা যুদ্ধ বন্ধ কৰাৰ ক্ষেত্ৰত এই মানুহজনে অতি প্ৰভাৱশালী ভূমিকা পালন কৰিছিল।” ট্ৰাম্পে আৰু ক’লে, “ভাৰতৰ তৰফৰ পৰাও মোদী আৰু কেইজনমান ব্যক্তি আছিল। যাৰ বাবে যুদ্ধ বন্ধ হ’ল। দুয়োখন দেশ পৰমাণু শক্তিধৰ। মই তেওঁলোকৰ যুদ্ধ বন্ধ কৰিলো। দুখন ডাঙৰ দেশৰ মাজৰ যুদ্ধ মই বন্ধ কৰিছো।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...