সোমবাৰে ৰাজ্য চৰকাৰৰ সৈতে কাগজকল কৰ্মচাৰীৰ বৈঠক

ঘৰ খালীৰ নিৰ্দেশৰ পিছতে হাহাকাৰ কাগজকলৰ কৰ্মচাৰীৰ
প্ৰতিবাদৰ মাজতে সোমবাৰে ৰাজ্য চৰকাৰৰ সৈতে দ্বিতীয়লানি বৈঠকত বহিব কৰ্মচাৰী সন্থা
চৰকাৰৰ প্ৰস্তাৱ মানি ল’বনে কাগজকলৰ কৰ্মচাৰী সকলে?

ক’লৈ যাব, কি কৰিব– লিকুইডিটৰৰ জাননীৰ পিছতে এই অৱস্থা নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ মাজত। ২০১৯ চনলৈকে প্ৰাপ্য দৰমহাৰ সৰ্বমুঠ ৬৫০ কোটি টকা দিবলৈ সাজু চৰকাৰ।

কিন্তু, কি হ’ব ২০১৯ চনৰ পিছত পাবলগীয়া দৰমহাৰ? পৰৱৰ্তী দৰমহাৰ বাবে আদালতত কাগজ কলৰ কৰ্মচাৰী সকলে চলাই যাব লাগিব আইনী যুঁজ। ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সোমবাৰে কাগজ কলৰ কৰ্মচাৰী সন্থাক মাতি পঠিওৱা হৈছে দিছপুৰলৈ। ঔদ্যোগিক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে দ্বিতীয়লানি বৈঠকত মিলিত হ’ব কৰ্মচাৰী সন্থা।

লিকুইডিটৰৰ জাননীৰ পিছতে APDCLৰ ফালৰ পৰাও জাৰি কৰা হৈছে জাননী। ১৫ ছেপ্তেম্বৰৰ পিছত কৰ্তন কৰা হ’ব বিদ্যুৎ সংযোগ। ইফালে, শিক্ষক দিৱসৰ দিনটোতে আমি দেখুৱাম দুখন বিদ্যালয়ৰ শিক্ষকৰ মৰ্মবেদনা। নগাঁও কাগজ কলৰ অধীনত থকা এইখন হিন্দুস্তান কাগজ নিগম প্ৰাথমিক বিদ্যালয়। কাগজ কলটো বন্ধ হৈ পৰাৰ পিছত বিগত ৫ বছৰে বিনা বেতনে শিক্ষকতা কৰি আহিছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলে। ইতিমধ্যে বিনা বেতনে অৱসৰ গ্ৰহণ কৰিছে আটাইকেইজন শিক্ষকে। এতিয়া বিদ্যালয়খনত আছেগৈ মাত্ৰ এজন শিক্ষক।

চলিত বৰ্ষৰ জানুৱাৰীত কাগজ কলৰ অধীনত থকা উচ্চ মাধ্যমিক বিদ্যালয়খন অসম চৰকাৰৰ অধীনলৈ যায়। কিন্তু বিদ্যালয়খনৰ ৩ জন শিক্ষকৰ প্ৰাদেশীকৰণ নহ’ল। যাৰ বাবে এতিয়া পানীত হাঁহ নচৰা অৱস্থা তেওঁলোকৰ। চৰম অনিশ্চয়তা আৰু অন্ধকাৰ ভৱিষ্যতৰ মাজত থকা কাগজ কলৰ কৰ্মচাৰী সকলৰ আগত চৰকাৰে কি প্ৰস্তাৱ আগবঢ়ায় সেয়া হৈ উঠিছে লক্ষ্যণীয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং: আজিৰে পৰা জুনিয়ৰ, ছাৱ-জুনিয়ৰ শাখাৰ খেল

গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা...

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি

২০২২ চনত দিল্লীত দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ চাঞ্চল্যকৰ...

নিৰাপত্তাহীনতাত এখন খিলঞ্জীয়াৰ গাঁও

ঘটনা খিলঞ্জীয়া বসতিপ্ৰধান ধিঙৰ কলবাৰীৰ। অভিযোগ উঠিছে মুছলমান আগ্ৰাসনৰ।...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...