নৰেন্দ্র মোদী চৰকাৰে এই দিশতে আগবঢ়া বুলিছে চৰ্চা

আমাৰ দেশৰ আনুষ্ঠানিক নাম INDIAৰ সলনি ভাৰত হ’বগৈ নেকি?
নৰেন্দ্র মোদী চৰকাৰে এই দিশতে আগবঢ়া বুলিছে চৰ্চা
G-20 শীৰ্ষ সন্মিলনলৈ অহা ৰাষ্ট্রপ্রধানলৈ ৰাষ্ট্রপতিৰ আমন্ত্রণ পত্রৰ পাছতে দেশৰ ৰাজনীতি উত্তাল
আমন্ত্রণ-পত্রত PRESIDENT OF INDIAৰ পৰিৱৰ্তে লিখা হ’ল PRESIDENT OF BHARAT বুলি

নতুন দিল্লীত G-20 শীৰ্ষ সন্মিলনৰ পাছতে অহা ১৮ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব সংসদৰ বিশেষ অধিৱেশন। সংসদৰ এই বিশেষ অধিৱেশনৰ উদ্দেশ্য কি সেয়া এতিয়াও অন্ধাকাৰত। কিন্তু G-20 শীৰ্ষ সন্মিলনলৈ অহা ২৯খন দেশৰ ৰাষ্ট্রপ্রধানলৈ ৰাষ্ট্রপতি দ্রৌপদী মুৰ্মুৱে প্রেৰণ কৰা আমন্ত্রণ-পত্রৰ পাছতে দেশৰ নাম সলনিৰ প্রসংগই বিতৰ্কৰ সৃষ্টি কৰিছে। ৰাষ্ট্রপতি মুৰ্মুৰ আমন্ত্রণী পত্রত পূৰ্বে প্রচলিত প্রথা অনুসৰি দ্রৌপদী মুৰ্মুৰ নামৰ পাছত PRESIDENT OF INDIAৰ পৰিৱৰ্তে লিখা হ’ল PRESIDENT OF BHARAT বুলি লিখা হ’ল। প্রথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিক ক্ষেত্রত PRESIDENT OF BHARAT সম্বোধন ব্যৱহাৰ কৰিছে। সেয়ে প্রশ্ন উঠিছে সংসদৰ আগন্তুক বিশেষ অধিৱেশনত দেশৰ নাম সলনি কৰাৰ বাবে বিধেয়ক আনিব নেকি নৰেন্দ্র মোদী চৰকাৰে।

হঠাৎ INDIAৰ সলনি ‘ভাৰত’ লেখাৰ আঁৰৰ কাৰণ কি?
লগে লগে প্রতিবাদত সৰৱ বিৰোধী জোঁট I.N.D.I.A.ৰ নেতৃবৰ্গ
বিৰোধী জোঁটত INDIAৰ নাম ব্যৱহাৰক লৈ শাসক-বিৰোধীৰ মাজত চলিছে ব্যাপক অঁৰিয়াঅঁৰি
প্রধানমন্ত্ৰী নৰেন্দ্র মোদীয়েও কটাক্ষ কৰিছিল বিৰোধী নেতৃবৰ্গক
সেয়ে এতিয়া INDIA নাম আঁতৰাই দেশৰ একমাত্র নাম ভাৰত ৰখাৰ বাবে প্রস্তুতি নেকি NDAৰ?

উল্লেখ্য যে, G-20ৰ শীৰ্ষ সন্মিলনত অংশ লোৱা বিদেশী ৰাষ্ট্রপ্রধানসকলৰ বাবে প্রস্তুত কৰা পুস্তিকাসমূহতো ‘ভাৰত, গণতন্ত্রৰ মাতৃ’ শীৰ্ষক শব্দ ব্যৱহাৰ কৰা হৈছে। তাত উল্লেখ কৰা হৈছে ভাৰত হৈছে আমাৰ দেশৰ আনুষ্ঠানিক নাম। দেশৰ সংবিধানতো আছে এই বিষয়ে উল্লেখ।

REPUBLIC OF BHARAT বুলি দেশৰ নাম সলনিৰ প্ৰসংগক আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
ভাৰতৰ নাম সলনিৰ সপক্ষে প্রথমটো টুইট অসমৰ মুখ্যমন্ত্ৰীৰ
I.N.D.I.A. জোঁটৰ নাম ‘ভাৰত’লৈ সলনি কৰিলে বিজেপিয়ে বিকল্প বিচাৰিব নেকি? প্রশ্ন দিল্লীৰ মুখ্যমন্ত্ৰীৰ
বিৰোধীক ৰাষ্ট্রবিৰোধী আৰু সংবিধান বিৰোধী আখ্যা বিজেপি সভাপতি জে পি নাড্ডাৰ

উল্লেখ্য যে, INDIA শব্দৰ স্থানত আমাৰ দেশৰ নাম ভাৰত ব্যৱহাৰ কৰিবলৈ RSSএ পূৰ্বৰে পৰা আৰ্জি জনাই আহিছিল।

গুৱাহাটীত ১ ছেপ্টেম্বৰত মোহন ভাগৱতে INDIA নাম ‘ভাৰত’ কৰিবলৈ জনাইছিল আহ্বান
তেওঁ INDIA নামৰ ব্যৱহাৰ বন্ধ কৰিবলৈও আহ্বান জনাইছিল
আজিৰ বিতৰ্কৰ পাছতে অমিতাভ বচ্চনৰ টুইট ‘ভাৰত মাতা কি জয়’
আগন্তুক এদিনীয়া বিশ্বকাপত টীম ইণ্ডিয়াৰ জাৰ্চিত ভাৰত লিখিবলৈ আহ্বান ক্ৰিকেটাৰ বীৰেন্দ্রে ছেহৱাগৰ

বিৰোধী ঐক্যজোঁট UPAৰ পৰিৱৰ্তে I.N.D.I.A. হোৱাৰ লগে লগে অস্বস্তিত পৰিছিল NDA চৰকাৰ। এতিয়া সংসদৰ বিশেষ অধিৱেশনত এই মৰ্মে কি সিদ্ধান্ত হয় সেয়া হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

305 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...