লোকসভা নিৰ্বাচনৰ ফলাফলে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ বিপদ কঢ়িয়াব নেকি?

সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত বিজেপিৰ শোচনীয় ফলাফলক লৈ শেহতীয়াকৈ দল আৰু চৰকাৰৰ মাজত সংঘাত আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ দক্ষতাকলৈও প্ৰশ্ন উত্থাপিত হৈছে দলৰ আভ্যন্তৰত। ইয়াৰ মাজতে উত্তৰ প্ৰদেশত মুখ্যমন্ত্ৰীৰ সালসলনিকলৈও চৰ্চা অব্যাহত আছে। লোকসভাৰ ৮০খন আসনৰ ভিতৰত বিজেপিয়ে ২০১৯ৰ নিৰ্বাচনত ৬২খনকৈ আসন লাভ কৰিছিল যদিও সদ্য সমাপ্ত নিৰ্বাচনত মাত্ৰ ৩৩খন আসনতে সীমাৱদ্ধ থাকিবলগীয়া হয় দলটো। ফলস্বৰূপে বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভত ব্যৰ্থ হোৱা বুলিও বিভিন্ন দলীয় মহলত চৰ্চিত হৈছে। কিন্তু কাৰ ভুলৰ বাবে লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত বিজেপিৰ এনে শোচনীয় স্থিতি হ’ল তাক লৈ দলৰ আভ্যন্তৰত অসন্তুষ্টিয়ে গা কৰি উঠিছে। লোকসভাৰ নিৰ্বাচনৰ ফলাফলকলৈয়ে সম্প্ৰতি বোকা ছটিওৱাৰ খেল আৰম্ভ হৈছে ৰাজ্যখনত। ইমানদিনে এনে অসন্তুষ্টি গোপনে চলি আহিছিল যদিও শেহতীয়াকৈ ৰাজহুৱা হৈ পৰিছে বিজেপিৰ এই অন্তঃকন্দল। উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি ভূপেন্দ্ৰ চৌধাৰীয়ে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি লোকসভা নিৰ্বাচনত দলৰ ব্যৰ্থতাৰ বাবে নৈতিক দায়িত্ব মূৰ পাতি লৈ সভাপতি পদৰ পৰা অব্যাহতি বিচাৰে। এই সম্পৰ্কত এতিয়াও দলৰ শীৰ্ষ মহলত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই যদিও ইয়াৰ জৰিয়তে ৰাজ্যখনত বিজেপিৰ ভিতৰত মহলত চলি থকা অসন্তুষ্টি প্ৰকাশ্য হৈ পৰিছে। ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশৰ উপমুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ স’তে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়। শেহতীয়াকৈ লক্ষ্ণৌত অনুষ্ঠিত দলীয় বৈঠকৰ পিছতে উত্তৰ প্ৰদেশ বিজেপিত ৰদবদলৰ চৰ্চাও আৰম্ভ হৈছে। এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ স্থানত আন এজন শক্তিশালী নেতা তথা উপমুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ বাবেও দলৰ বৃহৎসংখ্যক বিধায়ক আন নেতাই হেঁচা প্ৰয়োগ কৰিছে। ইয়াৰোপৰি উত্তৰ প্ৰদেশৰ ১০খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া উপনিৰ্বাচনৰ বাবে উপমুখ্যমন্ত্ৰী মৌৰ্যক দলৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰাৰো দাবী উত্থাপন কৰিছে একাংশ দলীয় নেতাই। দলৰ আভ্যন্তৰত এনে অসন্তুষ্টিয়ে গা কৰি উঠাৰ সময়তে সামাজিক মাধ্যমযোগে উপমুখ্যমন্ত্ৰী মৌৰ্যই কৰা কেতবোৰ মন্তব্যক লৈ বিজেপিৰ আভ্যন্তৰত চলি থকা বিসম্বাদ একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে। চৰকাৰতকৈ দল ডাঙৰ বুলি মন্তব্য কৰি মৌৰ্যই লগতে কয় কোনো লোক দল–সংগঠনকলৈ ডাঙৰ নহয়। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক উপলক্ষ্য কৰিয়েই মৌৰ্যই এই মন্তব্য কৰা বুলি ইতিমধ্যে স্পষ্ট হৈ পৰিছে। দলৰ এক শীৰ্যসূত্ৰই প্ৰকাশ কৰা মতে মুখ্যমন্ত্ৰী আদিত্যনাথৰ স’তে চলি থকা দ্বন্দ্বৰ বাবেই উপমুখ্যমন্ত্ৰী মৌৰ্যক সাংগঠনিক পদলৈ অনাৰ বাবে দলৰ শীৰ্ষ নেতৃত্বই চেষ্টা চলাইছে। ইয়াৰ মাজতে বুধবাৰে ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপাল আনন্দিবেণ্ড পেটেলৰ স’তে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। ৰাজ্যপালৰ স’তে দীৰ্ঘসময় ধৰি আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী। অৱশ্যে এই বৈঠকৰ প্ৰকৃত কাৰণ এতিয়াও দলীয়ভাৱে প্ৰকাশ কৰা হোৱা নাই যদিও মন্ত্ৰীসভাৰ সাল–সলনি প্ৰসংগও নুই কৰা নাই দলৰ শীৰ্ষ নেতৃত্বই। ইপিনে উত্তৰ প্ৰদেশত বিজেপিৰ আভ্যন্তৰত চলি থকা এই সংঘাতক লৈ তীৰ্যক মন্তব্য কৰিছে বিৰোধী কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিয়েও। সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱে বিজেপিৰ আভ্যন্তৰত সংঘাত আৰম্ভ হোৱা বুলি দাবী কৰাৰ লগতে বিজেপিৰ কোনো নেতাই জনসাধৰণৰ কথা নাভাবে বুলি মন্তব্য কৰে। আনহাতে কংগ্ৰেছৰ কিশোৰীলাল শৰ্মায়ো উত্তৰ প্ৰদেশত বিজেপিৰ সংঘাত চলি থকাৰ বিষয়ে মন্তব্য কৰে।

লোকসভা নিৰ্বাচনৰ ফলাফলেই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ বিপদ কঢ়িয়াব নেকি তাক লৈ সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে। দলৰ শীৰ্ষ নেতৃত্বই এই সম্পৰ্কে বৰ্তমানলৈ কোনো ইংগিত দিয়া নাই যদিও যিকোনো মুহূৰ্ততে আদিত্যনাথ চৰকাৰৰ সমুখত বিপদে দেখা দিব পাৰে। এই প্ৰত্যাহ্বান নেওচিবলৈ মুখ্যমন্ত্ৰী আদিত্যনাথে মন্ত্ৰীসভাৰ সাল–সলনিৰ প্ৰচেষ্টাও চলাব বুলিও ৰাজনৈতিক বিশেষজ্ঞসকলে ধাৰণা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...