কংগ্ৰেছত যোগ দিব নেকি প্ৰফুল্ল মহন্তৰ পুত্ৰই?

বৰ্তমান অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। এক প্ৰকাৰ গৃহবন্দী মহন্ত। নিজ দল অসম গণ পৰিষদৰ পৰাও এলাগি বুলি বহুতেই অভিযোগ কৰে। এক কথাত প্ৰতিষ্ঠাপক সভাপতি আৰু দুটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী হিচাপে অগপত পাব লগীয়া মৰ্যাদা লাভ কৰা নাই মহন্তই। ক্ষমতাত থকা সময়ত কেৱল মহন্তই নহয়, পত্নী জয়শ্ৰী গোস্বামী মহন্তৰো প্ৰৱল প্ৰভাৱ আছিল দলত। পিছে একালৰ বৃন্দাবন একালত পৰে ছন অৱস্থা মহন্ত পৰিয়ালৰ। এনে অৱস্থাত শনিবাৰে সপৰিয়ালে মহন্তৰ ঘৰত উপস্থিত হ’ল কংগ্ৰেছ নেতা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন।

মহন্তৰ ঘৰত ৰকিবুলৰ উপস্থিতিক লৈ তোলপাৰ ৰাজ্যৰ ৰাজনীতি। মহন্তৰ বৰ পুত্ৰ শ্যামন্ত কাশ্যপে কংগ্ৰেছত যোগ দিব বুলিও চৰ্চা হ’ল। এনে চৰ্চাৰ কাৰণো নথকা নহয়। পূৰ্বে প্ৰফুল্ল মহন্তই প্ৰতিনিধিত্ব কৰা বঢ়মপুৰ সমষ্টি বৰ্তমান বিজেপিৰ হাতত। তথাপি বঢ়মপুৰত মহন্তৰ প্ৰভাৱ থকা বুলি একাংশ বিশ্বাস কৰে। আনহাতে সুৰেশ বৰাই কংগ্ৰেছ ত্যাগ কৰাত বঢ়মপুৰত কংগ্ৰেছৰ এজন প্ৰভাৱশালী প্ৰাৰ্থীও প্ৰয়োজন হৈছে। গতিকে সাতে সোতৰই অগপত এলাগি হোৱা প্ৰফুল্ল মহন্তৰ ঘৰত ৰকিবুলৰ উপস্থিতি চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। অৱশ্যে ৰকিবুল হুছেইনে এনে কোনো সম্ভাৱনীয়তাৰ কথা প্ৰকাশ নকৰিলে। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে কয়– ‘প্ৰফুল্ল মহন্তৰ পৰিয়ালক সাক্ষাৎ সম্পূৰ্ণ ব্যক্তিগত আছিল। মহন্তৰ পুত্ৰৰ লগত কোনোধৰণৰ ৰাজনৈতিক বিষয় আলোচনা হোৱা নাই। প্ৰফুল্ল মহন্তৰ পুত্ৰ এজন ভদ্র যুৱক। আমি যাম বুলি তেওঁ আগৰ পৰা সাজু হৈ আছিল।’

ৰকিবুলৰ দেউতাৰ মৃত্যুৰ সময়ত প্ৰফুল্ল মহন্তৰ পৰিয়ালে বহুত সহায় কৰি থৈছে বুলিও ক’লে সাংসদজনে। সংবাদমেলত মুখ্যমন্ত্ৰীকো ক্ষুৰধাৰ সমালোচনা কৰে হুছেইনে। সাংসদজনৰ অভিযোগ আহিবলগীয়া ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত অকলে কংগ্ৰেছ দলে প্ৰতিদ্বন্দিতা কৰাৰ ইংগিত দিয়ে সাংসদগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...