কংগ্ৰেছত যোগ দিব নেকি প্ৰফুল্ল মহন্তৰ পুত্ৰই?

বৰ্তমান অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। এক প্ৰকাৰ গৃহবন্দী মহন্ত। নিজ দল অসম গণ পৰিষদৰ পৰাও এলাগি বুলি বহুতেই অভিযোগ কৰে। এক কথাত প্ৰতিষ্ঠাপক সভাপতি আৰু দুটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী হিচাপে অগপত পাব লগীয়া মৰ্যাদা লাভ কৰা নাই মহন্তই। ক্ষমতাত থকা সময়ত কেৱল মহন্তই নহয়, পত্নী জয়শ্ৰী গোস্বামী মহন্তৰো প্ৰৱল প্ৰভাৱ আছিল দলত। পিছে একালৰ বৃন্দাবন একালত পৰে ছন অৱস্থা মহন্ত পৰিয়ালৰ। এনে অৱস্থাত শনিবাৰে সপৰিয়ালে মহন্তৰ ঘৰত উপস্থিত হ’ল কংগ্ৰেছ নেতা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন।

মহন্তৰ ঘৰত ৰকিবুলৰ উপস্থিতিক লৈ তোলপাৰ ৰাজ্যৰ ৰাজনীতি। মহন্তৰ বৰ পুত্ৰ শ্যামন্ত কাশ্যপে কংগ্ৰেছত যোগ দিব বুলিও চৰ্চা হ’ল। এনে চৰ্চাৰ কাৰণো নথকা নহয়। পূৰ্বে প্ৰফুল্ল মহন্তই প্ৰতিনিধিত্ব কৰা বঢ়মপুৰ সমষ্টি বৰ্তমান বিজেপিৰ হাতত। তথাপি বঢ়মপুৰত মহন্তৰ প্ৰভাৱ থকা বুলি একাংশ বিশ্বাস কৰে। আনহাতে সুৰেশ বৰাই কংগ্ৰেছ ত্যাগ কৰাত বঢ়মপুৰত কংগ্ৰেছৰ এজন প্ৰভাৱশালী প্ৰাৰ্থীও প্ৰয়োজন হৈছে। গতিকে সাতে সোতৰই অগপত এলাগি হোৱা প্ৰফুল্ল মহন্তৰ ঘৰত ৰকিবুলৰ উপস্থিতি চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। অৱশ্যে ৰকিবুল হুছেইনে এনে কোনো সম্ভাৱনীয়তাৰ কথা প্ৰকাশ নকৰিলে। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে কয়– ‘প্ৰফুল্ল মহন্তৰ পৰিয়ালক সাক্ষাৎ সম্পূৰ্ণ ব্যক্তিগত আছিল। মহন্তৰ পুত্ৰৰ লগত কোনোধৰণৰ ৰাজনৈতিক বিষয় আলোচনা হোৱা নাই। প্ৰফুল্ল মহন্তৰ পুত্ৰ এজন ভদ্র যুৱক। আমি যাম বুলি তেওঁ আগৰ পৰা সাজু হৈ আছিল।’

ৰকিবুলৰ দেউতাৰ মৃত্যুৰ সময়ত প্ৰফুল্ল মহন্তৰ পৰিয়ালে বহুত সহায় কৰি থৈছে বুলিও ক’লে সাংসদজনে। সংবাদমেলত মুখ্যমন্ত্ৰীকো ক্ষুৰধাৰ সমালোচনা কৰে হুছেইনে। সাংসদজনৰ অভিযোগ আহিবলগীয়া ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত অকলে কংগ্ৰেছ দলে প্ৰতিদ্বন্দিতা কৰাৰ ইংগিত দিয়ে সাংসদগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...