ইউক্ৰেইন যুদ্ধ : কিয় ব্যৰ্থতাৰ দিশত আগবাঢ়িছে পুটিন

0 213

✒️অচিন্ত্য শৰ্মা

ইউক্ৰেইনত স্পষ্ট হৈছে ৰুছিয়াৰ ব্যৰ্থতা। ৭২ ঘণ্টাত শেষ কৰিব খোজ। ইউক্ৰেইনত বিজয় অভিযান। শেষ নহ’ল সুদীৰ্ঘ আঠটা মাহেও। সেয়ে সন্মান ৰক্ষৰ যুঁজত পুটিনে এতিয়া চলাইছে পাৰমাণবিক আক্ৰমণৰ আখৰা। পিচে কিয় এনে হ’ল? কিয় তুলনামূলকভাবে অতি দুৰ্বল ইউক্ৰেইন পদানত কৰাতো এক প্ৰকাৰ অসম্ভত হৈ উঠিল বিশ্ব মহাশক্তি ৰুছিয়াৰ বাবে? এই প্ৰশ্নৰ উত্তৰ বিচাৰিয়েই এতিয়া হাবাথুৰি খাইছে সামৰিক বিশেষজ্ঞসকলে। এইবছৰৰ ২৪ ফেব্ৰুৱাৰীত পুটিনে যেতিয়া ইউক্ৰেইন অভিযান আৰ্মভ কৰিছিল, তেতিয়া তিনি দিনৰ ভিতৰতে অভিযান শেষ কৰাৰ। পিচে এই অভিযান শেষ নহ’ল সুদীৰ্ঘ আঠটা মাহেও। ডেৰ হাজাৰ বিষয়া, ৬০ হাজাৰৰো অধিক সৈনিক, শতাধিক যুদ্ধবিমান আৰু একাধিক ৰণতৰী। উক্ত সময়চোৱাত ৰুছিয়াই ইউক্ৰেইনৰ কিছু মাটি দখল বা বেদখল কৰিছে যদিও নিজদেশৰ সেই ভূভাগে লাহে লাহে পুনৰুদ্ধাৰ কৰি আনিছে ইউক্ৰেইনৰ সৈন্যই। সামৰিক বিশেষজ্ঞসকলৰ মতে মূলত : ছটা কাৰণৰ ইউক্ৰেইন অভিযানৰ ক্ষেত্ৰত ৰুছিয়া বিপৰ্যৰ মুখত পৰিছে। সেই কাৰণ সমূহ হৈছে ভূল পৰিকল্পনা আৰু দূৰ্বল পৰিচালনা, যুদ্ধৰ উপকৰণ যোগানৰ লেখেমীয়া গতি, অসুৰক্ষিত তথা নিম্নমানপ চীনা যোগাযোগ উপকৰণ, সেনা আধুনিকীকৰণ প্ৰক্ৰিয়াত সংঘটিত বৃহৎ দুৰ্নীতি, দক্ষতাতকৈ আনুগত্যক অধিক গুৰুত্ব প্ৰদান আৰু ৰুছ সেনাৰ মাজত যুদ্ধখনৰ লক্ষ্য উদ্দেশ্য সন্দৰ্ভত অস্পষ্টতা।

পূৰ্বোল্লেখিত সামৰিক বিশেষজ্ঞসকলৰ মতে ভুল পৰিকল্পনা আৰু দুৰ্বল পৰিচালনাৰ বাবে ৰণক্ষেত্ৰত ৰুছ সেনাৰ বিভিন্ন ইউনিটসমূহ উপযুক্ত সমণ্বয়ৰ অভাবত ভুগি আহিছে। সকলোবিলাক মস্কোৰ পৰা পোনপটীয়াকৈ নিয়ন্ত্ৰিত হোৱাৰ ফলত সৃষ্টি হৈছে কোনেও কাৰো কথা নুশুনা পৰিস্থিতিৰ। আনকি ৰণকৌশলগত পশ্ছাদপসৰণ আৰু অতিৰিক্ত সেনা প্ৰেৰণ আদিৰ নিচিনা অতি জুৰুৰী যুদ্ধকালীন সিদ্ধানৰ বাবেও মস্কোৰ মুখলৈ সেনানায়কসকলে চাই থাকিব লগা পৰিস্থিতিয়ে জটিলতাৰ সৃষ্টি কৰিছে। এই জটিলতাক অধিক জটিল কৰি তুলিছে মস্কোৰ শীৰ্ষ মহলত থকা ৰঙা ফিটাৰ মেৰপাকে। যুদ্ধৰ উপকৰণ যোগানৰ লেহেমীয়া গতিয়েও ইউক্ৰেইন যুদ্ধত বহুখিনি স্তব্ধ কৰিছে পুটিনৰ বিজয় ৰথে। আৰু এই লেহেমীয়া গতিৰ অন্যতম কাৰণ হৈছে আকাশী পৰিবহন ব্যৱস্থাৰ পৰিবৰ্তে ৰে’ল পৰিবহন ব্যৱস্থাৰ ওপৰত ৰুছিয়াৰ অত্যাধিক নিৰ্ভৰশীলতা। এনে ৰে’ল নিৰ্ভশীলতাৰ বাবেই ৰুছ অস্ত্ৰ আৰু লজিষ্টিকছ্ প্ৰয়োজনীয় সময়ত ৰণক্ষেত্ৰ গৈ পোৱাত ব্যৰ্থ হৈছে। আনহাতে ৰুছ কতৃপক্ষই সেনাৰ বাবে অস্ত্ৰ শস্ত্ৰত যিমানেই গুৰুত্ব দিছে, খাদ্য, ঔষধ আৰু কাপোৰৰ ওপৰত সিমান গুৰুত্ব নিদিয়াৰ বাবে যুদ্ধতৰ সৈনিকসকলৰ জীয়াই থকাটোৱেই সমস্যা হৈ উঠিছে; যাৰ বাবে বৃদ্ধি পাইছে নিহত বা মৃত ৰুছ সেনাৰ সংখ্যা। আশ্চৰ্যজনকভাবে ইউক্ৰেইন যুদ্ধত ৰুছ সেনাক যি ফাষ্ট এইডছ কিট্ দিয়া হৈছে, সেই কিট চাৰি দশক পূৰ্বে আফগান যুদ্ধৰ সময়তে তদানীন্তন ছোফিয়েট সৈনিকে ব্যৱহাৰ কৰিছিল। ইউক্ৰেইন যুদ্ধত ৰুছ সেনাই সন্মুখীন হোৱা তৃতীয়টো বৃহৎ সমস্যা হৈছে অসুৰক্ষিত যোগাযোগ উপকৰণ। নিম্নমানৰ এনে চীনা উপকৰণসমূহ ইউক্ৰেইন সেনাই সহজে ট্ৰেক আৰু জাম কৰি দিবলৈ সক্ষম হোৱাৰ ফলত ৰুছ সেনাৰ সকলো গোপনীয়তা ভংগ হোৱাৰ উপৰি নিজৰ মাজত তেঁওলোকে যোগাযোগ ৰখাটো ব্যৰ্থ হৈছে, যিটো সামৰিক সফলতাৰ বাবে আটাইতকৈ প্ৰয়োজনীয়। আনহাতে সাধাৰণ ৰুছ সৈনিকসকলৰ বাবে যুদ্ধক্ষেত্ৰত মোবাইল ফোন নিষিদ্ধ যদিও বিষয়াসকলে পকেটত মোবাইল ফোন ৰাখি যুদ্ধক্ষেত্ৰত নমাৰ ফলত তেঁওলোকে সহজেই ইউক্ৰেইন দ্ৰোণৰ চিকাৰ হৈ পৰিছে। ইউক্ৰেইন যুদ্ধৰ পূৰ্বে বিগত দুটা দশকৰ ভিতৰত ৰুছিয়াই আধুনিকীকৰণৰ বাবে প্ৰায় ৮০ লাখ কোটি টকা ব্যয় কৰিছিল। কিন্তু চৰকাৰৰ শীৰ্ষ মহলত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ পৰিণতিত ব্যয় অনুপাতে ৰুছ সেনাৰ আধুনিকিকৰণ নঘটিল। সেয়ে এইবাৰৰ যুদ্ধত ৰুছ সেনাতকৈ বহুক বেছি আধুনিক হাথিয়াৰ লৈ যুঁজিব পাৰিছে ইউক্ৰেইনৰ সেনাই। পিচে কিয় সংঘটিত হৈছে এনে অপ্ৰতিহত দুৰ্নীতি? ইয়াৰ মূল কাৰণ হৈছে অগ্ৰাধিকাৰ নিৰ্বাচনৰ ক্ষেত্ৰত পুটিনৰ ভূল নীতি। পুটিনৰ সদায় দক্ষতাতকৈ আনুগত্যক অধিক গুৰুত্ব দি আহিছে। যাৰ বাবে সমৰ বিভাগ আৰু প্ৰশাসনৰ উচ্চতম স্তৰটো ভৰি গৈছে পুটিনৰ প্ৰতি অনুগত, পুটিনৰ তোষামোদকাৰী অথচ অদক্ষ দুৰ্নীতিগ্ৰস্ত লোকৰে। ফলশ্ৰুতিত সোনাৰ আধুনিকীকৰণ দুৰ্নীতি সংঘটিত হৈছে, অদক্ষ লোকে দেশৰ হকে যুঁজিছে। তাত্পৰ্যপূৰ্ণভাবে ইউক্ৰেইন যুদ্ধত বিমান ৰুছ ক্ষেপনাস্ত্ৰ ব্যৱহাৰ কৰা হৈছে, তাৰ ৫০ শতাংশই লক্ষ্যস্থানত আঘাত হনাত ব্যৰ্থ হৈছে, সফল হৈছে মাত্ৰ ৫০ল শতাংশ ক্ষেপনাস্ত্ৰহে আৰু ইয়ে প্ৰমাণ কৰিছে কিমান অদক্ষ লোকেৰে ভৰিছে ৰুছ সেনাবাহিনী।
এই আটাইবোৰ ব্যৱহাৰিক কাৰণৰ উপৰি, এক বিশেষ মন:স্তাত্বিক কাৰণেও যুদ্ধখন কঠিন কৰি তুলিছে স্পষ্ট লক্ষ আৰু উদ্দেশ্য হৈছে ৰুছিয়াৰ আক্ৰমণ বা আগ্ৰাসণৰ পৰা নিজৰ দেশক ৰক্ষা কৰা। কিন্তু যুদ্ধখনৰ লক্ষ্য তেওঁলোকে নিজেই নাজানে এই যুঁজ তেওঁলোকে কিয় কৰি যুঁজিছে। যুদ্ধৰ লক্ষ্য উদ্দেশ্য সংক্ৰান্তীয় অস্পষ্টতাৰ বাবেই সামগ্ৰীকভাবে ৰুছ সেনা Demorslised হৈছে। ইফালে যুদ্ধত নিহত ৰুছ সৈনিকৰ মৃতদেহ উৰ্দ্ধতন কতৃপক্ষই ঘূৰাই নোলোৱাৰ বাবেও সেইসকল সৈনিক আনুষ্ঠানিকভাবে ছহিদ বুলি ঘোষিত হোৱা নাই, যআৰ বাবে উক্ত সৈনিকসকলৰ পৰিয়াল বৰ্গই পাবলৈ সক্ষম হোৱা নিয়মমাফিক বিভাগীয় ক্ষতিপূৰণ। ইয়াৰ বাবেই এতিয়া যুদ্ধক্ষেত্ৰত মৃত্যুবৰণ কৰি ছহিদ হোৱাতকৈ ৰুছ সৈনকৰ বাবে ইউক্ৰেইনৰ ৰণক্ষেত্ৰত অধিক গ্ৰহণ যোগ্য হৈ উঠিছে। আৰু এনেদৰেই ইউক্ৰেইনৰ ৰণক্ষেত্ৰত ৰচিত হৈছে ৰুছ ব্যৰ্থতাৰ এক দীঘলীয়া গাথাঁ।

Leave A Reply

Your email address will not be published.