ফিফা ১৭ অনূৰ্ধ মহিলা বিশ্বকাপত ইতিহাস ৰচিলে স্পেইনে

ফিফা ১৭ অনূৰ্ধ মহিলা বিশ্বকাপ প্ৰতিযোগিতাত ইতিহাস ৰচিলে স্পেইনে। প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিও আত্মঘাতী গ’লেৰে বিশ্বকাপ জয়ৰ স্বপ্নভংগ কলম্বিয়াৰ।

দেওবাৰে নিশা মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত ৰোমাঞ্চকৰ ফাইনেলত কলম্বিয়াক ১-০ গ’লত হৰুৱাই ফিফা ১৭ অনূৰ্ধ মহিলা বিশ্বকাপ দখল স্পেইনৰ। মেচখনৰ ৮২ মিনিটত আত্মঘাতী গ’লটো দিয়ে কলম্বিয়াৰ ডিফেণ্ডাৰ আনা গুজমেনে।

স্পেইনৰ গ’লমুখী আক্ৰমণ ৰোধ কৰিবলৈ গৈ গুজমেনে নিজৰ জালতেই বল ঠেলি দিয়ে। কলম্বিয়াক প্ৰত্যাৱৰ্তনৰ সুযোগেই নিদিলে স্পেইনৰ দলটোৱে। ইফালে জাৰ্মানীক হৰুৱাই নাইজেৰিয়াই দখল কৰে তৃতীয় স্থান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতত অব্যাহত মূল্যবৃদ্ধিৰ চাপ; আগষ্টত ভাৰতৰ পাইকাৰী মুদ্ৰাস্ফীতি ৯.৯২ শতাংশলৈ বৃদ্ধি

ভাৰতৰ পাইকাৰী মূল্যভিত্তিক মুদ্ৰাস্ফীতি আগষ্ট মাহত বৃদ্ধি পাই ৯.৯২...

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...