ফিফা ১৭ অনূৰ্ধ মহিলা বিশ্বকাপত ইতিহাস ৰচিলে স্পেইনে

ফিফা ১৭ অনূৰ্ধ মহিলা বিশ্বকাপ প্ৰতিযোগিতাত ইতিহাস ৰচিলে স্পেইনে। প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিও আত্মঘাতী গ’লেৰে বিশ্বকাপ জয়ৰ স্বপ্নভংগ কলম্বিয়াৰ।

দেওবাৰে নিশা মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত ৰোমাঞ্চকৰ ফাইনেলত কলম্বিয়াক ১-০ গ’লত হৰুৱাই ফিফা ১৭ অনূৰ্ধ মহিলা বিশ্বকাপ দখল স্পেইনৰ। মেচখনৰ ৮২ মিনিটত আত্মঘাতী গ’লটো দিয়ে কলম্বিয়াৰ ডিফেণ্ডাৰ আনা গুজমেনে।

স্পেইনৰ গ’লমুখী আক্ৰমণ ৰোধ কৰিবলৈ গৈ গুজমেনে নিজৰ জালতেই বল ঠেলি দিয়ে। কলম্বিয়াক প্ৰত্যাৱৰ্তনৰ সুযোগেই নিদিলে স্পেইনৰ দলটোৱে। ইফালে জাৰ্মানীক হৰুৱাই নাইজেৰিয়াই দখল কৰে তৃতীয় স্থান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...