বিৰাট কোহলিৰ হোটেলৰ কোঠাত সোমোৱা কোন এইজন লোক?

T20 বিশ্বকাপ অব্যাহত থকাৰ মাজতে আন এক ঘটনাৰ বাবে চৰ্চিত হৈছে বিৰাট কোহলি। ইণ্ডিয়ান বেটাৰজনে সোমবাৰে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।

ভিডিঅটো শ্বেয়াৰ কৰি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে তাৰকা ক্ৰিকেটাৰজনে। কোহলিয়ে লিখিছে- মই বুজি পাওঁ যে অনুৰাগীয়ে নিজৰ প্ৰিয় খেলুৱৈজনক লৈ যথেষ্ট সচেতন হৈ থাকে, লগতে সদায়ে উত্সুক হৈ থাকে। নিজৰ আটাইতকৈ প্ৰিয় খেলুৱৈজনক লগ পাবলৈ উদগ্ৰীৱ হৈ থাকে অনুৰাগীৰ এই কথা বুজি পাওঁ আৰু সদায়ে প্ৰশংসা কৰি আহিছো। কিন্তু এই ভিডিঅ’টো ভয়ংকৰ আৰু ই মোৰ গোপনীয়তাক লৈ অতি অস্বস্তি অনুভৱ কৰাইছে৷ যদি মই নিজৰ হোটেল ৰুমতে ব্যক্তিগত গোপনীয়তা ৰক্ষা কৰিব নোৱাৰো, তেন্তে নিজৰ ব্যক্তিগত গোপনীয়তা ক’ত পাম? এই ধৰণৰ কাৰ্যক লৈ মই কোনো কাৰণতে সন্তুষ্ট নহয়। এয়া গোপনীয়াৰ চৰম অনুপ্ৰৱেশ। বিনোদনৰ আহিলা ৰূপে ব্যৱহাৰ নকৰিব, প্ৰতিজন লোকৰ গোপনীয়তাক সন্মান কৰা উচিত।

বিৰাট কোহলিৰ এই পোষ্টটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। বহু তাৰকা ক্ৰিকেটাৰে এই ঘটনাৰ গৰিহণা দিছে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...

‘ভাৰতৰ অস্ত্ৰই কাম কৰিলে, চীনৰ অস্ত্ৰ-শস্ত্ৰই কাম নকৰিলে’: আমেৰিকাৰ শীৰ্ষ বিশেষজ্ঞ

অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ স্থানীয়ভাৱে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ সফলতাই বিশ্বৰ...

অপাৰেচন সিন্দূৰ : ভাৰতৰ কি কি লাভ হ’ল?পাকিস্তানে কি কি হেৰুৱালে?

ভাৰত চৰকাৰৰ সূত্ৰৰ উদ্ধৃতিৰে টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি,...

IPLৰ বাকী থকা মেচৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি আহিবলৈ ইচ্ছুক নহয় বহু খেলুৱৈ

ভাৰত-পাক সীমান্ত সংঘৰ্ষৰ বাবে এই মুহূৰ্তত উপমহাদেশৰ পৰিস্থিতি উত্তপ্ত।...