কিদৰে ভাঙিছিল গুজৰাটৰ ওলমা দলং? CCTVত শিহৰণকাৰী দৃশ্য!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্যত ভয়ংকৰ অঘটন। গুজৰাটৰ মৰ্বীত মৃত্যুৰ কিৰীলি। এখন ওলোমা দলং নৈত খহি পৰাৰ ফলত নিহত হ’ল ১৪১ জন। মৰ্বী অঞ্চলৰ মাচ্ছু নৈৰ ওপৰত থকা দলংখন বহন ক্ষমতাতকৈ অধিক লোক উঠাৰ বাবে খহি পৰে। দেওবাৰে বিয়লি দলংখনত একেলগে উঠিছিল ৫ শতাধিক লোক।

  • কাৰ ভুলৰ বাবে সংঘটিত হ’ল ভয়াৱহ ঘটনা?
  • ১৪০ বছৰ পুৰণি আছিল দুৰ্ঘটনাগ্ৰস্ত দলংখন
  • ৮ মাহ ধৰি বন্ধ হৈ আছিল পুৰণি দলংখন
  • দুৰ্ঘটনাৰ ৪দিন পূৰ্বে মুকলি কৰা হৈছিল দলংখন
  • কোম্পানীৰ গাফিলতিৰ বাবেই ভয়ংকৰ দুৰ্ঘটনা
  • পুনৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল ‘অৰেবা’ নামৰ এটা কোম্পানীয়ে
  • ১৫ বছৰৰ বাবে কোম্পানীটোৰ সৈতে হৈছিল চুক্তি
  • ২০২০ত নগৰপালিকা আৰু কোম্পানীটোৰ সৈতে হৈছিল চুক্তি
  • ২০২২ৰ পৰা ২০৩৭ লৈকে কোম্পানীটোৰে হৈছিল চুক্তি
  • চোৱাচিতা, টিকট সংগ্ৰহৰ দায়িত্বত আছিল কোম্পানীটো
  • অধিক লাভৰ বাবে বহন ক্ষমতাতকৈ বেছি লোক পঠিয়াইছিল কোম্পানীটোৱে
  • বহন ক্ষমতাতকৈ অধিক লোকৰ অনুমতি দিছিল কৰ্তৃপক্ষই
  • কোম্পানীটোৰ গাফিলতিৰ বাবেই ভয়ংকৰ ঘটনা
  • পুনৰ মেৰামতিৰ বাবে ৮-১২ মাহৰ সময় পাইছিল কোম্পানীটোৱে
  • কোম্পানীটোৱে ৫ মাহতে লাভৰ বাবে খুলি দিছিল দলংখন
  • প্ৰতি বছৰে কোম্পানীটোৱে বৃদ্ধি কৰিছিল টিকটৰ দাম
  • কিন্তু প্ৰয়োজনীয় মেৰামতি কৰা নাছিল তেওঁলোকে
  • ৩.৫ লাখ টকাৰে মেৰামতি কৰিছিল দলংখন
NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভাৰতৰ আক্ৰমণৰ পিছত সেনাৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰাৰ পৰিকল্পনা পাকিস্তানৰ

ভাৰতৰ আক্ৰমণত পাকিস্তানৰ নুৰ খান বিমান ঘাটিত হোৱা ব্যাপক...

আমেৰিকাক শূন্য শুল্ক দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ পাকিস্তানৰ

পাকিস্তানে আমেৰিকাক নিৰ্বাচিত পণ্যৰ ওপৰত শূন্য শুল্কৰ দ্বিপাক্ষিক বাণিজ্য...

ভাৰত-ভূটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ

জনতা ভৱনত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ স্বাস্থ্যমন্ত্ৰী...

ভাৰতত এপলৰ সামগ্ৰী বনোৱা বন্ধ কৰিবলৈ ট্ৰাম্পৰ প্ৰস্তাৱ

মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে Appleৰ CEO টিম কুকক ভাৰতত...