‘সদিচ্ছা দিৱস’ত মলয়া গোস্বামী, গোবিন বৰদলৈ, ৰঞ্জু হাজৰিকাক সম্বৰ্ধনা

‘সচেতনতা, সুৰক্ষা আৰু সজীৱ জীৱনৰ দিশে এখোজ’ মূলমন্ত্ৰৰে সমাজৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰি অহা অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ‘সদিচ্ছা’ৰ তৃতীয় বৰ্ষপূৰ্তি ‘সদিচ্ছা দিৱস’ ৰূপে দেওবাৰে গুৱাহাটীৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে প্ৰকাশ কৰি উলিওৱা মুখপত্ৰ ‘সদিচ্ছা’ৰ প্ৰথম সংখ্যা উন্মোচন কৰে প্ৰসিদ্ধ ৰহস্য উপন্যাসিক ৰঞ্জু হাজৰিকাই।

বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰি সদিচ্ছা দিৱসৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰে। সদিচ্ছাৰ সভাপতি মনালিছা বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰাৰ পিছত ‘সদিচ্ছা’ই আগবঢ়োৱা সম্বৰ্ধনা গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অভিনেত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত বিগত ৩ বছৰীয়া যাত্ৰাকালত সদিচ্ছা সংগঠনে সমাজৰ হিতৰ বাবে কৰি যোৱা কাৰ্যক্ৰমৰ শলাগ লয়।

‘সদিচ্ছা দিৱস উপলক্ষে প্ৰকাশ কৰি উলিওৱা মুখপত্ৰ ‘সদিচ্ছা’ৰ প্ৰথম সংখ্যা উন্মোচন কৰি বিশিষ্ট লেখক ৰঞ্জু হাজৰিকাই উচ্চ মানদণ্ডৰ আলোচনী এখন প্ৰকাশ কৰি উলিওৱা বুলি সদিচ্ছা সংগঠনৰ কৰ্মকৰ্তাসকলক প্ৰশংসা কৰে। ভাষণ প্ৰসংগত তেওঁ সমাজৰ উত্তৰণত সদিচ্ছাৰ দৰে সংগঠনৰ যথেষ্ট প্ৰাসংগিকতা আছে বুলি উল্লেখ কৰে।

‘সদিচ্ছা দিৱস’ৰ বিশেষ সম্বৰ্ধনা আগবঢ়োৱা হয় বিশিষ্ট সমাজসেৱক, ‘মা’ অনুষ্ঠানৰ যোগেদি অসমৰ বিভিন্ন স্থানৰ হেজাৰোধিক পিতৃ-মাতৃক সম্বৰ্ধনা আৰু উপহাৰ প্ৰদান কৰি বিশেষ নজিৰ স্থাপন কৰা গোবিন বৰদলৈক। ভাষণ প্ৰসংগত বৰদলৈয়ে বৰ্ণনা কৰা নিজৰ জীৱনৰ বিচিত্ৰ অভিজ্ঞতাৰ কাহিনীয়ে উপস্থিত দৰ্শকক আপ্লুত কৰে। বৰ্তমানৰ বৃদ্ধাশ্ৰম ব্যৱস্থাৰ বিৰোধিতা কৰি তেওঁ উঠি অহা প্ৰজন্মক পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। কাৰ্যসূচীৰ প্ৰাৰম্ভতে জনপ্ৰিয় সংগীত শিল্পী সংগীতা কাকতিৰ মঙ্গলাচৰণে অনুষ্ঠানটোক এক ভিন্ন মাত্ৰা প্ৰদান কৰে। তেওঁ পৰিবেশন কৰা দুটামান জনপ্ৰিয় গীতে এই অনুষ্ঠান সোণত সুৱগা কৰি তোলে।

আন এগৰাকী বিশিষ্ট অতিথি, ‘সদিচ্ছা’ৰ মুখ্য উপদেষ্টা জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে ‘সদিচ্ছা’ৰ তিনিবছৰীয়া যাত্ৰা সম্পৰ্কে নিজৰ ভাষণ প্ৰসংগত উপস্থিতসকলক অৱগত কৰে। মুখপত্ৰ সম্পাদক মঞ্জুলা ভট্টাচাৰ্যই সম্পাদনা সমিতিৰ হৈ মুখপত্ৰখন প্ৰকাশৰ লগত জড়িত বিভিন্ন দিশ উনুকিয়ায়।

সদিচ্ছাৰ সাধাৰণ সম্পাদক ময়ুৰী দত্তই আঁত ধৰা এই অনুষ্ঠানত বিগত বৰ্ষপূৰ্তি সমূহৰ দৰে এগৰাকী দৰিদ্ৰপীড়িত মহিলা গীতিকা দত্তক ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰা হয়। সদিচ্ছাৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য মৰমী শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...