সাৱধান! গুৱাহাটীত ওলাইছে মেখেলা পিন্ধা চোৰ

বিহুৰ বতৰত ঘৰ এৰি যোৱাৰ পূৰ্বে এশবাৰ ভাবক। গুৱাহাটীত ওলাইছে মেখেলা পিন্ধা চোৰ। নিশা হ’লেই মহিলাৰ পোছাক পিন্ধি মহানগৰীৰ অলিয়ে-গলিয়ে উপদ্ৰৱ চলাই এই চোৰৰ দলটোৱে। প্ৰথমে চাওক এই দৃশ্য।

মেখেলা-চাদৰ পিন্ধি খুব সন্তৰ্পণে আগবাঢ়ি আহিছে এগৰাকী মহিলা। দিও, নিদিওকৈ খোজে দিছে মহিলাগৰাকীয়ে। আপুনি হয়তো ভাবিব পাৰে নিশাৰ মহানগৰীৰ জনশূন্য পথত আগবাঢ়ি যাবলৈ ভয় কৰিছে মহিলাগৰাকীয়ে। কিন্তু নহয়, কাৰ ঘৰত সোমাব পাৰি, কাৰ ঘৰৰ পৰা দামীতকৈ দামী সোণৰ চেইনডাল লৈ পলাব পাৰি তাৰহে উমান লৈছে নকল চুলি, মেখেলা চাদৰ পিন্ধি মহিলাৰ ৰূপ লোৱা এইটো চোৰে।

শেহতীয়াকৈ বশিষ্ঠ আৰক্ষীয়ে এক অভিযান চলাই গ্ৰেপ্তাৰ কৰে জানমণি শৰ্মা আৰু গগন বৰ্মন নামৰ ২টাকৈ চোৰক। দীৰ্ঘদিনে মহানগৰীৰ ভিন্ন প্ৰান্তত মহিলাৰ ভেশ ধৰি চুৰিকাণ্ড সংঘটিত কৰি আহিছিল চোৰকেইটাই। চোৰকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে চুৰিকাৰ্যত ব্যৱহৃত সামগ্ৰীৰ লগতে, নকল চুলি, মহিলাৰ কেইবাযোৰো কাপোৰ। লগতে জব্দ কৰে AR 01 G 8850 নম্বৰৰ এখন বাহন। মহানগৰীৰ ভিন্ন প্ৰান্তৰ পৰা চোৰকেইটাই চুৰি কৰিছিল স্কুটী, সোণৰ লগতে আন বহুতো সামগ্ৰী। উল্লেখ্য যে ঘটনা সন্দৰ্ভত এগৰাকী মহিলাকো আটক কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

UGC NET-ত উজলিল মৰিয়নীৰ নাংমু বুঢ়াগোহাঁই

জীৱনৰ কঠিন পৰিস্থিতিকো হেলাৰঙে নেওচি UGC NET ২০২৬ পৰীক্ষাত...

“মাছৰ টেঙা…বহুত সুস্বাদু”: অসমৰ খাদ্যৰ প্ৰশংসাত সুনীল গাভাস্কাৰ গাভাস্কাৰ

অসমলৈ আহিলে কি খাব লাগে? এই প্ৰশ্নৰ উত্তৰত কোনো...

BRICS সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব চীনা ৰাষ্ট্ৰপতি শ্বী জিনপিঙ

চীনা ৰাষ্ট্ৰপতি সকলো জল্পনা-কল্পনাৰ অন্তঃ BRICS সন্মিলনত অংশ ল’বলৈ...