আমেৰিকাৰ জনপ্ৰিয় ৰেপাৰ টেকঅফক গুলীয়াই হত্যা

0 1,619

আমেৰিকাৰ জনপ্ৰিয় ৰেপাৰ টেকঅফক গুলীয়াই হত্যা। টেক্সাছৰ হিউষ্টন মহানগৰীৰ এটা গলিত ডাইছ খেলি থকা অৱস্থাত শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা হয় মিগ’জ বেণ্ডৰ জনপ্ৰিয় ৰেপাৰ টেকঅফক। জানিবপৰা মতে ডাইছ খেলি থকা মুহূৰ্তত এটা পক্ষৰ সৈতে বাকযুদ্ধ লাগিছিল টেকঅফৰ। ডাইছ খেলি থকা মুহূৰ্তত গোট খাইছিল প্ৰায় ৪০-৫০জন লোক। তাৰ পিছতেই অতৰ্কিতে টেকঅফসহ আন দুজনক গুলীয়াই দুৰ্বৃত্তই। গুলীবিদ্ধ টেকঅফ ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন দুজন। এই গুলীচালনাৰ ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে দুৰ্বৃত্তই। ২৮ বছৰীয়া টেকঅফৰ হত্যাকাণ্ডক লৈ শোকত ভাগি পৰিছে কোটি কোটি অনুৰাগী।

Leave A Reply

Your email address will not be published.