টংলাৰ ২ দেৱশিশুৰ হত্যা ৰহস্য ফাদিল

অকল্পনীয়, অবাস্তৱ, লোমহৰ্ষক। মাত্ৰ ১০ মিনিটতে ২ ভাতৃক হত্যা। নীৰজ শৰ্মা। মৰম লগা মুখমণ্ডলেৰে স্নাতক বৰ্ষৰ ছাত্ৰ। ওদালগুৰিৰ টংলাত নৃশংস হত্যাৰ বলি কণমানি গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মাৰ সতীয়া ককায়েক। গৌৰৱ-কৌশিকৰ পিতৃ মহেন্দ্ৰ শৰ্মাৰ প্ৰথম পত্নীৰ পুত্ৰ নীৰজ। মৰমলগা ল’ৰাটোৱে যে কাৰোবাক এনেকৈ নৃশংসভাৱে হত্যা কৰিব পাৰে, সেয়া কল্পনাৰো অগোচৰ।

পূৰ্বে মাকৰ সৈতে নীৰজে এমাহ পূৰ্বে পিতৃ আৰু মাহীমাকৰ ঘৰলৈ উভতিছিল। নীৰজ বুলিলেই বলিয়া আছিল কণমানি গৌৰৱ-কৌশিক। ককায়েকৰ সৈতেই খেলা-ধূলা, ঘূৰা-ফুৰা। শুকুৰবাৰে সেয়ে পৰীক্ষাৰ বাবে স্কুললৈ ওলাই যোৱা গৌৰৱ আৰু কৌশিকক বাইকত উঠাই নিয়া সময়ত এবাৰো নাভাবিলে ২ কণমানিয়ে। নিশ্চিন্তমনে ককায়েকে নিয়া বাইকত উঠিছিল দুয়ো। কিন্তু সেই ককায়েকেই ডিঙি কাটি পেলালে দুয়োৰে।

আৰক্ষীৰ তদন্তত ঘাতক নীৰজ সন্দৰ্ভত পোহৰলৈ আহিছে বহু কথা। পিতৃৰ দ্বিতীয় বিবাহ আৰু মাহীমাকৰ দুই পুত্ৰ সন্তান জন্মৰ পিছৰে পৰাই সলনি হৈছিল নীৰজ শৰ্মা। পিতৃৰ মৰমৰ পৰা হোৱা বঞ্চনাই হতাশ কৰিছিল নীৰজক। দৈনন্দিন জীৱনত অহা আৰ্থিক সংকটেও বিদ্ৰোহী কৰি তুলিছিল নীৰজক। বহুতেই নীৰজক কৈছিল পিতৃৰ সম্পত্তিৰ পৰাও বঞ্চিত হোৱাৰ কথা। মনস্তাত্বিক জগতৰ আন এখন পৃথিৱীত সোমাই পৰিছিল নীৰজ। শীতল মস্তিস্কৰে কৰি পেলাইছিল ভয়ংকৰ পৰিকল্পনা। আৰু সেই পৰিকল্পনা বাস্তৱত ৰূপায়িত কৰিবলৈয়ে মাক-মোমায়েকৰ ঘৰ এৰি এমাহমান পূৰ্বে পিতৃ আৰু মাহীমাকৰ ঘৰলৈ উভতিছিল নীৰজ শৰ্মা।

ঘটনাৰ দিন শুকুৰবাৰ পুৱা প্ৰায় ৮ বাজি ৩০ মিনিট। স্কুলৰ পৰীক্ষাৰ বাবে মাকে সাজি দিয়া ভাত-পানী খাই মাত্ৰ ৬০০ মিটাৰ আঁতৰত থকা স্কুল অভিমুখে খোজ কাঢ়িছিল গৌৰৱ আৰু কৌশিক। ইপিনে সতীয়া ককায়েক নীৰজেও ভয়ংকৰ পৰিকল্পনা বাস্তবায়িত কৰিবলৈ সাজু হৈছিল। মোমায়েকৰ ঘৰলৈ গৈ পুৱা ৮.৩০ মান বজাতে কলেজত কাম থকা বুলি বাইকখন খুজিছিল। মোমায়েকৰ ঘৰৰ পৰা মনে মনে লৈ গৈছিল এখন খুকুৰী। বাইকখন লৈ স্কুললৈ গৈ থকা থকা দুই ভাতৃক বাইকত তুলিছিল। কিন্তু স্কুল অভিমুখে নগৈ নাইকা নদীৰ পাৰৰ হাবি অভিমুখে গুছি গৈছিল নীৰজ শৰ্মা। বেছি সময় নল’লে নীৰজে। মাত্ৰ ১০ মিনিটতে দুই কণমানি ভাতৃক ডিঙি কাটি হত্যা কৰি উভতি আহিছিল নীৰজ। প্ৰায় ৮.৪৫ বজাত মোমায়েকৰ বাইকখন ঘূৰাই দিছিল। হত্যাত ব্যৱহাৰ হোৱা খুকুৰীখন ধুই আগৰ ঠাইতে থৈছিল। বাথৰুমত সোমাই তেজলগা কাপোৰবোৰ ধুইছিল। তাৰ পিছত মোমায়েকৰ ঘৰৰ কামতো সহায় কৰি দিয়ে।

দুটাকৈ নৃশংশ হত্যাকাণ্ড সংঘটিত কৰি অতি সহজভাৱেই ঘৰৰ কামবোৰ কৰি গৈছিল নীৰজে। গাখীৰ আৰু ভাত খাই গা-পা ধুই পিতৃৰ ঘৰলৈ গৈছিল। ইপিনে তেতিয়া দেউতাক আৰু মাহীমাকৰ ঘৰত হুলস্থূলীয়া পৰিৱেশ। ঘৰৰ পৰা স্কুললৈ বুলি ওলাই যোৱা দুই কণমানি স্কুল গৈ পোৱা নাই। স্কুল কৰ্তৃপক্ষৰ সৈতে মাহীমাকৰ কথা হৈছে। এইবাৰ মাহীমাকৰ সৈতে দুই ভাতৃৰ সন্ধানত ওলাল নীৰজ। ঘটনা সন্দৰ্ভত প্ৰাথমিক অনুসন্ধানৰ বাবে সোধা-পোচা কৰাৰ সময়ত নীৰজৰ ভাষ্যত সন্দেহ হৈছিল ওদালগুৰি আৰক্ষীৰ। পিছত আৰক্ষীৰ মাৰাথান জেৰাত সমগ্ৰ অপৰাধৰ কথা স্বীকাৰ কৰে ১৯ বছৰীয়া নীৰজ শৰ্মাই।

দুই কণমানি সতীয়া ভাতৃক ককায়েকে কৰা এই নৃশংশ হত্যাকাণ্ডৰ ঘটনাত স্তম্ভিত হৈ গৈছে সমগ্ৰ ওদালগুৰি। দেওবাৰে দুই শিশুৰ মৰণোত্তৰ পৰীক্ষাৰ কৰি ওদালগুৰি আৰক্ষীয়ে আন কেতবোৰ দিশতো অনুসন্ধান অব্যাহত ৰাখিছে। নীৰজৰ মোবাইলত ৩ মাহে ৰিচাৰ্জ নাছিল। কিন্তু হোৱাটছআপত ডিলিট হৈ আছিল কেতবোৰ মেছেজ। তাৰোপৰি হোৱাটছআপত আছিল সন্দেহজনক ভইচকল ৰেকৰ্ডিং। আৰক্ষীৰ সন্দেহ — কেৱল নীৰজ শৰ্মা নহয়, হত্যাকাণ্ডৰ ঘটনাত জড়িত হৈ আছে তৃতীয় পক্ষ। যি তৃতীয় পক্ষই ধাৰাবাহিকভাৱে নিৰ্দেশ দি গৈছিল নীৰজক। তাৰোপৰি নীৰজৰ জ্যেষ্ঠ ভগ্নীয়েও সম্পত্তি কেন্দ্ৰিক বিষয়কলৈ নীৰজৰ মাহীমাকক কিছুদিন পূৰ্বে ভাবুকি দি গৈছিল। গতিকে কেৱল নীৰজৰ গ্ৰেপ্তাৰতে থমকি ৰ’ব খোজা নাই ওদালগুৰি আৰক্ষী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...