প্ৰৱল শীতত কঁপিছে সমগ্ৰ উত্তৰ ভাৰত

৫০ বছৰৰ শীতলতম নিশাৰ সাক্ষী হ’ল শ্ৰীনগৰ। মাইনাছ ১০ ডিগ্ৰী ছেলচিয়াছৰ তললৈ নামিল পাৰাস্তম্ভ। প্ৰৱল শীতত কঁপিছে সমগ্ৰ উত্তৰ ভাৰত।

১৮৯১ চনৰ পৰা শ্ৰীনগৰ প্ৰতিদিনে তাপমাত্ৰা জোখাৰ নিয়ম আৰম্ভ হৈছিল। তাৰ পিছত বহুবাৰ তাপমাত্ৰা হ্ৰাস, বৃদ্ধি প্ৰত্যক্ষ কৰিছে শ্ৰীনগৰে।

১৯৩৪ চনৰ ১৩ ডিচেম্বৰত সৰ্বাধিক নিম্নগামী হৈছিল পাৰাস্তম্ভ। মাইনাছ ১২.৮ ডিগ্ৰী ছেলচিয়াছলৈ নামিছিল তাপমাত্ৰা। ইয়াৰ পিছত কোনোদিন তাপমাত্ৰা এই হাৰত নিম্নগামী হোৱা নাই। ২১ ডিচেম্বৰত শ্ৰীনগৰৰ তাপমাত্ৰা নামিল মাইনাছ ১০ ডিগ্ৰী ছেলচিয়াছলৈ।

অনন্তনাগত মাইনাছ ১০.৫ ডিগ্ৰী ছেলচিয়াছ। ছোপিয়ানত তাপমাত্ৰা মাইনাছ ১০.৪ ডিগ্ৰী ছেলচিয়াছ। পুলৱামাত তাপমাত্ৰা নামিল মাইনাছ ১০.৩ ডিগ্ৰী ছেলচিয়াছলৈ।

সাধাৰণতে ডিচেম্বৰৰ শেষৰ পৰা ৩১ জানুৱাৰী পৰ্যন্ত জম্মু কাশ্মীৰত তাপমাত্ৰা অতি নিম্নগামী হয়। এইবাৰ ২১ ডিচেম্বৰত আৰম্ভ হ’ল প্ৰৱল শীতৰ দিনকেইটা। তাপমাত্ৰা অধিক হ্ৰাস পোৱাৰ সম্ভাৱনাও আছে। প্ৰৱল শীতৰ বাবে সমস্যা বাঢ়িছে স্থানীয় লোকৰ।

পানীৰ অভাৱত হাহাকাৰ অৱস্থা। পানীৰ পাইপত বৰফ জমা হৈ বন্ধ হৈ পৰিছে। বিদ্যুৎ সৰবৰাহ বন্ধ হৈছে। এনে অৱস্থাত মাটিৰ চৌকাই ভৰষা হৈ পৰিছে জম্মু কাশ্মীৰবাসীৰ বাবে। ইফালে ধাৰাবাহিকভাৱে বৰফ পৰিছে প্ৰায় গোটেই কাশ্মীৰ উপত্যকাত। প্ৰৱল শীতৰ বাবে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য চাবলৈ যোৱা পৰ্যটকেও ১০বাৰ ভাবিবলগীয়া হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...