প্ৰৱল শীতত কঁপিছে সমগ্ৰ উত্তৰ ভাৰত

৫০ বছৰৰ শীতলতম নিশাৰ সাক্ষী হ’ল শ্ৰীনগৰ। মাইনাছ ১০ ডিগ্ৰী ছেলচিয়াছৰ তললৈ নামিল পাৰাস্তম্ভ। প্ৰৱল শীতত কঁপিছে সমগ্ৰ উত্তৰ ভাৰত।

১৮৯১ চনৰ পৰা শ্ৰীনগৰ প্ৰতিদিনে তাপমাত্ৰা জোখাৰ নিয়ম আৰম্ভ হৈছিল। তাৰ পিছত বহুবাৰ তাপমাত্ৰা হ্ৰাস, বৃদ্ধি প্ৰত্যক্ষ কৰিছে শ্ৰীনগৰে।

১৯৩৪ চনৰ ১৩ ডিচেম্বৰত সৰ্বাধিক নিম্নগামী হৈছিল পাৰাস্তম্ভ। মাইনাছ ১২.৮ ডিগ্ৰী ছেলচিয়াছলৈ নামিছিল তাপমাত্ৰা। ইয়াৰ পিছত কোনোদিন তাপমাত্ৰা এই হাৰত নিম্নগামী হোৱা নাই। ২১ ডিচেম্বৰত শ্ৰীনগৰৰ তাপমাত্ৰা নামিল মাইনাছ ১০ ডিগ্ৰী ছেলচিয়াছলৈ।

অনন্তনাগত মাইনাছ ১০.৫ ডিগ্ৰী ছেলচিয়াছ। ছোপিয়ানত তাপমাত্ৰা মাইনাছ ১০.৪ ডিগ্ৰী ছেলচিয়াছ। পুলৱামাত তাপমাত্ৰা নামিল মাইনাছ ১০.৩ ডিগ্ৰী ছেলচিয়াছলৈ।

সাধাৰণতে ডিচেম্বৰৰ শেষৰ পৰা ৩১ জানুৱাৰী পৰ্যন্ত জম্মু কাশ্মীৰত তাপমাত্ৰা অতি নিম্নগামী হয়। এইবাৰ ২১ ডিচেম্বৰত আৰম্ভ হ’ল প্ৰৱল শীতৰ দিনকেইটা। তাপমাত্ৰা অধিক হ্ৰাস পোৱাৰ সম্ভাৱনাও আছে। প্ৰৱল শীতৰ বাবে সমস্যা বাঢ়িছে স্থানীয় লোকৰ।

পানীৰ অভাৱত হাহাকাৰ অৱস্থা। পানীৰ পাইপত বৰফ জমা হৈ বন্ধ হৈ পৰিছে। বিদ্যুৎ সৰবৰাহ বন্ধ হৈছে। এনে অৱস্থাত মাটিৰ চৌকাই ভৰষা হৈ পৰিছে জম্মু কাশ্মীৰবাসীৰ বাবে। ইফালে ধাৰাবাহিকভাৱে বৰফ পৰিছে প্ৰায় গোটেই কাশ্মীৰ উপত্যকাত। প্ৰৱল শীতৰ বাবে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য চাবলৈ যোৱা পৰ্যটকেও ১০বাৰ ভাবিবলগীয়া হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...

‘ভাৰতৰ অস্ত্ৰই কাম কৰিলে, চীনৰ অস্ত্ৰ-শস্ত্ৰই কাম নকৰিলে’: আমেৰিকাৰ শীৰ্ষ বিশেষজ্ঞ

অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ স্থানীয়ভাৱে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ সফলতাই বিশ্বৰ...

অপাৰেচন সিন্দূৰ : ভাৰতৰ কি কি লাভ হ’ল?পাকিস্তানে কি কি হেৰুৱালে?

ভাৰত চৰকাৰৰ সূত্ৰৰ উদ্ধৃতিৰে টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি,...

IPLৰ বাকী থকা মেচৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি আহিবলৈ ইচ্ছুক নহয় বহু খেলুৱৈ

ভাৰত-পাক সীমান্ত সংঘৰ্ষৰ বাবে এই মুহূৰ্তত উপমহাদেশৰ পৰিস্থিতি উত্তপ্ত।...