বাৰে বাৰে অসম আৰু অসমীয়াই অপমানিত হয় কিয়?


অসম আৰু অসমীয়াক চূড়ান্ত অপমানৰ ধৃষ্টতা কৰিলে আজমল ভাতৃ চিৰাজুদ্দিন আজমলে ৰাজনৈতিক ভণ্ডামিৰে চৰ্চাত থকা বদৰুদ্দিন আজমলৰ ভাতৃ তথা বিধায়ক চিৰাজুদ্দিন আজমলৰ অসম তথা অসমীয়াক অপমান কৰাৰ দুঃসাহসে এতিয়া ৰাজ্যত বিতৰ্কৰ সূচনা কৰাৰ লগতে সৰ্বস্তৰতে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

একমাত্ৰ নিজ ব্যৱসায়ীৰ স্বাৰ্থতে সংখ্যালঘুৰ তথাকথিত ত্ৰাণকৰ্তাৰ ভূমিকা লোৱা এআইইউডিএফে ৰাজ্যসভাৰ নিৰ্বাচনত আজমল পৰিয়ালৰ ব্যৱসায়িক স্বাৰ্থৰ লগতে ব্যক্তিগত লাভালাভৰ বাবেই বিজেপিৰ প্ৰাৰ্থী জয়ৰ বাট মুকলি কৰি দিয়া বুলি অভিযোগ উঠাৰ পিছতেই দলটোৰ নেতৃত্বৰ মুখা খোল খাইছে। ৰাজ্যৰ ৰাজনীতিত সুবিধাবাদীৰ ভূমিকা গ্ৰহণ কৰি কেৱল ব্যক্তিগত লাভালাভৰ কথা চিন্তা কৰি সাম্প্ৰদায়িকতাবাদৰ পৃষ্ঠপোষকতা কৰা এআইইউডিএফে বিজেপিৰ সৈতে যে গোপন মিতিৰালিত লিপ্ত হৈছে সেই কথা নিশ্চিত হৈছে। অসমৰ ৰাইজে সেই কথা বুজি পাইছে। দলটোৰ এনেদৰে মুখাৰ আঁৰৰ মুখা পোহৰলৈ অহাৰ পিছতে চিৰাজুদ্দিন আজমল অসম তথা অসমীয়াক এনেদৰে চৰম অপমান কৰিবলৈ আৰম্ভ কৰিছে। শুকুৰবাৰে সংবাদিকৰ এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ চিৰাজুদ্দিন আজমলে ‘অসমীয়া ভাষা কোনে জানে?’ বুলি চৰম তাচ্ছিল্য অসমীয়া ভাষাক অপমান কৰিলে। উল্লেখ্য যে, ৰাজ্যসভাৰ নিৰ্বাচনক লৈ এআইইউডিএফ আৰু কংগ্ৰেছৰ মাজত যুঁজ তীব্ৰতৰ হোৱাৰ সময়তে চিৰাজুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্যই এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...