WhatsAppত এইকেইটা কাম ভুলটো নকৰিব, নহ’লে বিপদত পৰিব গ্ৰাহক!

ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে নিশ্চয় WhatsApp দৈনিক ব্যৱহাৰ কৰে। আন দেশৰ কথা কবই নালাগে, আমাৰ দেশতে কোটি কোটি ব্যৱহাৰকাৰী আছে। কিন্তু গ্ৰাহকৰ নিজৰ ভুলৰ বাবে কেতিয়াবা বিপদত পৰিব পাৰে। কি কি কামৰ পৰা আঁতৰত থাকিব লাগে।
• ভুৱা বাৰ্তা বা ভিডিঅ’ প্ৰেৰণ কৰাৰ পৰা আঁতৰত থাকক। বিশেষকৈ হিংসাৰ প্ৰচাৰ কৰা বা হিংসা বিয়পোৱা একাউণ্ট বন্ধ কৰি দিব পাৰে WhatsApp-এ।
• যদি আপুনি কাৰোবাৰ ভুৱা একাউণ্ট সৃষ্টি কৰে, WhatsApp-এ আপোনাৰ একাউণ্ট নিষিদ্ধ কৰিব পাৰে।
• যদি আপোনাৰ সম্পৰ্ক তালিকাত নথকা ব্যক্তিক অত্যাধিক বাৰ্তা প্ৰেৰণ কৰে, WhatsApp-এ আপোনাক নিষিদ্ধ কৰিব পাৰে।
• যদি আপুনি তৃতীয় পক্ষৰ এপ, উদাহৰণস্বৰূপে হোৱাটছএপ ডেল্টা, জিবিহোৱাটছএপ, হোৱাটছএপ প্লাছ আদি ব্যৱহাৰ কৰে, তেনে ক্ষেত্ৰতো গ্ৰাহকে বিপদত পৰিব পাৰে। পৰাপক্ষত হোৱাটছএপৰ অৰিজিনেল ভাৰ্জন ব্যৱহাৰ কৰিব লাগে।
• যদি আপোনাক বহু সংখ্যক ব্যৱহাৰকাৰীয়ে ব্লক কৰিছে, হোৱাটছএপে আপোনাক নিষিদ্ধ কৰিব পাৰে।
• বহুলোকে ইচ্ছাকৃতভাবে বা উদ্দেশ্যপ্ৰণোদিতভাবে হোৱাটছএপ একাউণ্টৰ বিৰুদ্ধে ৰিপ’ৰ্ট দিয়ে, এনে ক্ষেত্ৰতো নিষিদ্ধ বা ব্যৱস্থা লব পাৰে।
• মালৱেৰ বা ফিছিং লিংক প্ৰেৰণ কৰিলেও হোৱাটছএপে আপোনাক নিষিদ্ধ কৰিব পাৰে।
• WhatsAppৰ জৰিয়তে অশ্লীল ক্লিপ, ভাবুকি বা মানহানিকৰ বাৰ্তা প্ৰেৰণ নকৰিব। অশ্লীল বা বিতৰ্কিত আৰু আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰিলেও গ্ৰাহকৰ বিপদ অনিবাৰ্য!

অৱশ্যে সাৱধানী লোকৰ মৰণ নাই। অচিনাকী ব্যক্তিক মেছেজ কৰাৰ পূৰ্বে সাৱধান হোৱা ভাল!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...