কাৰ এজেণ্ট জো বাইডেন?

✒️অচিন্ত্য শৰ্মা

ইণ্টাৰনেশ্যেনেল ইছলামিক ইকোছিষ্টেমৰ অংশ হৈ পৰিল নেকি মাৰ্কিন ৰাষ্ট্ৰপতি জো-বাইডেন। কাৰ কু-প্ৰভাবেৰে পৰিচালিত হ’ব লৈছে শক্তিৰ অভিকেন্দ্ৰ হোৱাইট হাউছ। শেহতীয়াভাবে প্ৰায় প্ৰতিখন জিঅ’ পলিটিকেল প্লেটফৰ্মতে উত্থাপিত হৈছে এই প্ৰশ্ন। বাইডেনৰ সাম্প্ৰতিক কেতবোৰ কাৰ্য আৰু সিদ্ধান্তৰ পৰিণতিতেই জন্ম হৈছে উক্ত প্ৰশ্নসমূহৰ। তাত্পৰ্যপূৰ্ণভাবে বিগত বহুবছৰ জোৰা ৰণনীতিগত আৰু ৰণকৌশলগত মাৰ্কিন স্থিতিৰ বিপৰীতে গৈ জো-বাইডেনে পাকিস্তানৰ বাবে ঘোষণা কৰিছে বৃহৎ পৰিমাণৰ সামৰিক সাহায্য। বহু হাজাৰ কোটি টকাৰ এই সামৰিক সাহায্য পাকিস্তানে ব্যৱহাৰ কৰিব নিজৰ F-16 যুদ্ধ বিমানৰ ফ্লিট উন্নীত তথা সমৰ সাজু কৰি ৰাখিবৰ বাবে। মাৰ্কিন ৰাষ্ট্ৰপতিৰ এই সিদ্ধান্তই ইতিমধ্যে দেশৰ বাহিৰে ভিতৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মূলত: বাইডেনৰ আমোলত নতুনকৈ বৃদ্ধি পোৱা পাক-মাৰ্কিন ঘনিষ্টতাৰেই এয়া প্ৰতিফলন বুলিও মত প্ৰকাশ কৰিছে বিভিন্নজনে। ইয়াৰ পূৰ্বে বিভিন্নজনে দিয়া গুপ্ত সূচনাৰ ভিত্তিতেই আমেৰিকাই আফগানিস্তানৰ সক্ষম হোৱা বুলিও চৰ্চা চলাইছিল। অৰ্থাৎ সমগ্ৰ ঘটনা ক্ৰমে এইটো কথা একপ্ৰকাৰ স্পট কৰি তুলিছে যে পাক-মাৰ্কিন ঘনিষ্ঠাতা প্ৰায় পূৰ্বৰ শীতল যুদ্ধকালিন দিনবোৰলৈ উভতি গৈছে আৰু পাকিস্তানক নতুনকৈ শক্তিশালী কৰাত লাগি গৈছে বাইডেন প্ৰশাসন।

পাকিস্তানক শক্তিশালী কৰিবলৈ বাইডেনে প্ৰদৰ্শন কৰা এনে তত্পৰতাই বিশেষ সন্দেহৰ জন্ম দিছে। কাৰণ ইয়াৰ পূৰ্বে আফগানিস্তানখন আকৌ তালিৱানৰ হাতত গটাই দিছিল এইজন মাৰ্কিন ৰাষ্ট্ৰপতি জোবাইদেনেই। আফগানিস্তানৰ পৰা মাৰ্কিন সেনা সম্পূৰ্ণভাবে অপসাৰণ কৰি দেশখনে মুকলি কৰি দিছিল ইছলামিক মৌলবাদী জেহাদী শক্তিৰ চৰণীয়া পথাৰ হ’বলৈ। তেনেহ’লে বিশ্বজনীন ইছলামিক সম্প্ৰসাৰণবাদ বাস্তবায়িত কৰাৰ বাবে যিটো ইকোছিষ্টেম কাম কৰি আছে সেই ইকোছিষ্টেমৰেই অংশ বা বহতীয়া হৈ পৰিল নেকি মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে? লক্ষণীয়ভাবে এইবাৰৰ মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত জো বাইডেনক জয়মুক্ত কৰিবলৈ উঠিপৰি লাগিছিল দেশখনৰ বামপন্থী আৰু মুছলিমপন্থী শক্তিসমূহ। অতি ৰাষ্ট্ৰবাদী ডোনাল্ড ট্ৰাম্প আছিল এইসকলৰ বাবে চকুৰ কূটা দাঁতৰ শাল। অৱশেষত সেই শক্তিসমূহৰ লগতে জয়ী হৈছিল জোবাইডেন আৰু হয়তো এতিয়া আফগনিস্তান-পাকিস্তান সহায়ৰ ধাৰা শুজা প্ৰক্ৰিয়া চলাইছে ৰাষ্ট্ৰপতি বাইডেনে। মনকৰিবলগীয়া যে জো বাইডেনৰ আমোলত ইছলামিক বিশ্বৰ প্ৰধান শত্ৰু ইজৰাইলৰ লগত আমেৰিকাৰ সম্পৰ্কয়ো হেৰুৱাৰ পেলাইছে পূৰ্বৰ ডোনাল্ড ট্ৰাম্পৰ দিনৰ উষ্ণতা আৰু গভীৰতা। অথচ ৰাষ্ট্ৰপতি নিৰ্বাচনত ভাৰতীয় মূলৰ আমেৰিকানসকলে প্ৰায় সৰ্বাত্মকভাবে জো বাইডেনক সমৰ্থন কৰিছিল। ডেমোক্ৰিটিক দলৰ প্ৰবজনৰ প্ৰতি থকা বন্ধুত্বমূলক নীতিৰ বাবেই প্ৰবাসী ভাৰতীয়সকলৰ সেই দলৰ প্ৰাৰ্থী জো বাইডেনৰ প্ৰতি জো বাইডেনৰ আছিল বিশেষ সমৰ্থন। ডেমোক্ৰেটিক দলৰ তথাকথিত উদাৰ নীতিয়েই আকৃষ্ট কৰিছিল প্ৰবাসী ভাৰতীয়সকলৰ। এতিয়া জো বাইডেনৰ মুছলিম সম্প্ৰসাৰণবাদৰ বাহক হৈ পাকিস্তানক শক্তিশালী কৰিবলৈ লাগি যোৱাৰ লগতে দক্ষিণ এছীয়াৰ ইছলামীকৰণ প্ৰৱণতা দেখুওৱাৰ পিছত আমেৰিকান ইণ্ডিয়ান ভোটাৰসকলে পৰবৰ্তী মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বচনত কি ভূমিকা লয় সেয়া হ’ব গুৰুত্বপূৰ্ণ।

NKTV Digital
Author: NKTV Digital

328 COMMENTS

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...