ইলন মাস্কৰ পদত্যাগৰ পিছত কোনে চলাব ট্ৰাম্পৰ চৰকাৰী দক্ষতা বিভাগ?

ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনৰ পৰা ইলন মাস্কে ইস্তাফা দিছে। বৃহস্পতিবাৰে তেওঁ ঘোষণা কৰিছিল যে তেওঁৰ সময় শেষ হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত ট্ৰাম্পে কেৱল মাস্কৰ বাবেই এটা পৃথক বিভাগ গঠন কৰিছিল, যাৰ নাম আছিল চৰকাৰী দক্ষতা বিভাগ (ডিপাৰ্টমেণ্ট অৱ গভৰ্ণমেণ্ট এফিচিয়েন্সি বা ডিঅ’জিই)। এতিয়া এই বিভাগৰ ভৱিষ্যৎ কি হ’ব? কোনে পৰিচালনা কৰিব এই বিভাগ? এই প্ৰশ্নই কৌতূহলৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে (আমেৰিকাৰ সময় অনুসৰি) হোৱাইট হাউছে এই প্ৰশ্নৰ উত্তৰ দিছে।

ডিঅ’জিইৰ মূল কাম আছিল প্ৰশাসনৰ ‘অপ্ৰয়োজনীয় খৰচ’ হ্ৰাস কৰা আৰু অৰ্থনৈতিক সঞ্চয় কৰা। হোৱাইট হাউছৰ প্ৰেছ ছেক্ৰেটাৰী কেৰ’লিন লিভিটে জনাইছে যে মাস্কে ডিঅ’জিইৰ জৰিয়তে যি কাম আৰম্ভ কৰিছিল, আগন্তুক দিনত ট্ৰাম্প আৰু তেওঁৰ কেবিনেটৰ প্ৰতিজন সদস্যই সেই কাম আগুৱাই নিব। ডিঅ’জিইৰ সদস্যসকলে সকলোৰে সহায় পাব। কেৰ’লিনে জনোৱা মতে, ট্ৰাম্প নিজেও চৰকাৰ পৰিচালনাৰ অতিৰিক্ত খৰচ কমোৱাৰ বাবে দৃঢ়প্ৰতিজ্ঞ।

ইস্তাফা ঘোষণাৰ পিছত শুকুৰবাৰে মাস্কৰ হোৱাইট হাউছত শেষ দিন হ’ব। ট্ৰাম্পে জনাইছে যে শেষ দিনটোত তেওঁ মাস্কৰ সৈতে এখন সংবাদমেল কৰিব। তেওঁ মাস্কৰ প্ৰশংসা কৰিছে। সামাজিক মাধ্যমত ট্ৰাম্পে লিখিছে, “শুকুৰবাৰে দুপৰীয়া ১.৩০ বজাত (ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে নিশা ১১ বজাত) মই ওভাল অফিচত ইলন মাস্কৰ সৈতে সংবাদমেল কৰিম। এইটোৱেই তেওঁৰ শেষ দিন। কিন্তু ইলন সদায় আমাৰ লগত আছিল, আছে আৰু থাকিব। ইলন অসাধাৰণ।”

হোৱাইট হাউছৰ পৰা মাস্কৰ আকস্মিক ইস্তাফাই নানা জল্পনা-কল্পনাৰ জন্ম দিছে। মাস্কে নিজে এতিয়ালৈকে এই বিষয়ে মুখ খোলা নাই। কিছুমানে কয় যে তেওঁ নিজৰ ব্যৱসায়ৰ প্ৰতি অধিক মনোযোগ দিব বিচাৰে, যেনে টেছলা আৰু স্পেচএক্সৰ কাম। সেয়েহে তেওঁ পদত্যাগ কৰিছে। কিন্তু বহুতৰে দাবী, ট্ৰাম্পৰ সৈতে কিছু বিষয়ত মতানৈক্যৰ বাবেই মাস্কৰ ইস্তাফা। শেহতীয়াকৈ ট্ৰাম্পে এখন জনকল্যাণমূলক বিলত স্বাক্ষৰ কৰিছে, যাৰ বিৰোধিতা মাস্কে প্ৰকাশ্যে কৰিছিল। তেওঁৰ মতে, ডিঅ’জিইৰ সদস্যসকলে এতিয়ালৈকে যি পৰিশ্ৰম কৰিছিল, এই বিলৰ বাবে সেই সকলো বৃথা হ’ব, কাৰণ এই বিলৰ ৰূপায়ণ খৰচসাপেক্ষ। ট্ৰাম্পে যি বিলক ‘বৃহৎ’ আৰু ‘সুন্দৰ’ বুলি বৰ্ণনা কৰিছে, মাস্কে তাৰ বিষয়ে কৈছে, “এই বিল একে সময়তে বৃহৎ আৰু সুন্দৰ হ’ব নোৱাৰে। হয় বৃহৎ, নহয় সুন্দৰ।” এই মন্তব্যৰ পিছতেই এই আমেৰিকান ধনকুবেৰজনে ইস্তাফা ঘোষণা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...