ফ্ৰান্সৰ ইতিহাসত শিশুৰ প্ৰতি যৌন নিৰ্যাতনৰ সৰ্ববৃহৎ ঘটনা

ইউৰোপীয় গণমাধ্যমে ‘ফ্ৰান্সৰ ইতিহাসত শিশুৰ প্ৰতি যৌন নিৰ্যাতনৰ সৰ্ববৃহৎ ঘটনা’ হিচাপে চিহ্নিত কৰা এটা গোচৰত বুধবাৰে ৭৪ বছৰীয়া ফৰাচী শল্যচিকিৎসক জোয়েল লে স্কুয়াৰনেকক ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰা হৈছে।

১৯৮৯ৰ পৰা ২০১৪ চনলৈ জোয়েল ফ্ৰান্সৰ বিভিন্ন চিকিৎসালয়ত কৰ্মৰত আছিল। ২০১৭ চনত চিকিৎসা সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতো তেওঁৰ অপৰাধ অব্যাহত আছিল। আদালতৰ তথ্য অনুসৰি, তেওঁ কমেও ১১১ জন শিশু আৰু কিশোৰ-কিশোৰীৰ ওপৰত ধৰ্ষণ আৰু ১৮৮ জনৰ ওপৰত যৌন নিৰ্যাতন কৰিছিল। ইযাৰ ভিতৰত ২৫৬জন ১৯৮৯ৰ পৰা ২০১৪ চনৰ ভিতৰত পশ্চিম ফ্ৰান্সৰ ১৫খন চিকিৎসালয়ত জোয়েলৰ চিকিৎসাধীন আছিল।

প্ৰায় সকলো ক্ষেত্রতে জোয়েলে তেওঁৰ এইসকল ৰোগীক মাদক দ্ৰব্য বা চেতনানাশক ঔষধ প্ৰয়োগ কৰি অচেতন কৰি নিৰ্যাতন কৰিছিল। অৱসৰৰ পিছতো তেওঁ একে পদ্ধতিৰে কেইবাটাও যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত কৰিছিল। ২০২১ চনত অত্যধিক মাদক দ্ৰব্যৰ প্ৰভাৱত এজন শিশুৰ মৃত্যু হয়, যিটোক তেওঁৰ পৰিয়ালে প্ৰথমে আত্মহত্যা বুলি ভাবিছিল। ২০২০ চনতো এজন নাবালিকৰ অস্বাভাৱিক মৃত্যুৰ সৈতে জোয়েলৰ সংযোগ প্ৰমাণিত হৈছিল।

চাৰি মাহৰ বিচাৰ প্ৰক্ৰিয়াৰ পিছত সোমবাৰে জোয়েলক দোষী সাব্যস্ত কৰা হৈছিল। মাৰ্চ মাহত তেওঁৰ অধিবক্তাই আদালতত তেওঁৰ অপৰাধ স্বীকাৰ কৰিছিল। ফ্ৰান্সৰ আইন অনুসৰি, এনে ক্ষেত্রত সৰ্বোচ্চ শাস্তি ২০ বছৰৰ কাৰাদণ্ড। (উল্লেখযোগ্য যে, ফ্ৰান্সত ১৫ বছৰৰ কম বয়সৰ সৈতে প্ৰাপ্তবয়স্কৰ যৌন সম্পৰ্কও শাস্তিযোগ্য অপৰাধ।) চৰকাৰী অধিবক্তায়েও এই শাস্তিৰ বাবে আবেদন জনাইছিল, আৰু বুধবাৰে আদালতে সেই আবেদন মানি শাস্তি ঘোষণা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...

LPGৰ ঠাই ল’ব নেকি ইথানলে? ইয়াক পানীৰ সৈতে মিহলি কৰাৰ আঁৰৰ যুক্তি কি?

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইথানল ভিত্তিক ষ্ট’ভ প্ৰযুক্তিৰ...

এটা আমৰ বাবে ১৫ৰ পৰা ১৮ হাজাৰ টকাৰ নিবিদা…

আমক লৈ চৰ্চিত হৈ পৰিছে এখন বিশেষ ঠাই। জাপানৰ...

এজন অধিবক্তা কেতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হয়?

ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ...