কোন হ’ব পাকিস্তানৰ প্ৰধানমন্ত্ৰী? আজি হ’ব সিদ্ধান্ত

ইমৰাণ খান চৰকাৰৰ অনাস্থা প্ৰস্তাৱৰ বিলম্বিত ভোটগ্ৰহণত পৰাজিত হোৱাৰ পাছত আজি নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ বাবে পাকিস্তানৰ ৰাষ্ট্ৰীয় সংসদত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব। পাকিস্তানৰ স্থানীয় সময় অনুসৰি দিনৰ ২ বজাৰ পৰা প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হ’ব। শনিবাৰে মাজনিশা ইমৰাণ খান চৰকাৰৰ অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

শনিবাৰে অনাস্থা প্ৰস্তাৱৰ বাবে সংসদৰ কাম-কাজ পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হৈছিল যদিও সংসদৰ কাম-কাজ কেইবাবাৰো ব্যাহত হয়। আৰু নিশা প্ৰায় ১১.৫৮ বজাৰ পৰাহে ভোটগ্ৰহণ আৰম্ভ হয়। ভোটগ্ৰহণৰ সময়ত ইমৰাণ খান নিজেও উপস্থিত আছিল।

৩৪২জনীয়া সংসদত সংখ্যাগৰিষ্ঠতাৰ বাবে ১৪২জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন আছিল। উল্লেখযোগ্য যে, অনাস্থা প্ৰস্তাৱৰ দ্বাৰা অপসাৰিত হোৱা ইমৰাণ খানেই প্ৰথমজন পাকিস্তানৰ প্ৰধানমন্ত্ৰী। ইমৰাণ খানক অপসাৰণৰ পাছত পাকিস্তানৰ এটৰ্ণি জেনেৰেল খালিদ জাভেদেও পদত্যাগ কৰে।

পাকিস্তান সংসদত বিৰোধীৰ সমৰ্থনত থকা সাংসদৰ সংখ্যালৈ চাই শ্বেহবাজ শ্বৰিফেই পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে। তথাপিও চাৰিজন নিৰ্দলীয় প্ৰাৰ্থী আৰু পি টি আইৰ প্ৰাৰ্থীজন শ্বেহবাজ শ্বৰিফৰ বাবে প্ৰত্যাহ্বান হ’ব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...