কোন হ’ব পাকিস্তানৰ প্ৰধানমন্ত্ৰী? আজি হ’ব সিদ্ধান্ত

ইমৰাণ খান চৰকাৰৰ অনাস্থা প্ৰস্তাৱৰ বিলম্বিত ভোটগ্ৰহণত পৰাজিত হোৱাৰ পাছত আজি নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ বাবে পাকিস্তানৰ ৰাষ্ট্ৰীয় সংসদত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব। পাকিস্তানৰ স্থানীয় সময় অনুসৰি দিনৰ ২ বজাৰ পৰা প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হ’ব। শনিবাৰে মাজনিশা ইমৰাণ খান চৰকাৰৰ অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

শনিবাৰে অনাস্থা প্ৰস্তাৱৰ বাবে সংসদৰ কাম-কাজ পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হৈছিল যদিও সংসদৰ কাম-কাজ কেইবাবাৰো ব্যাহত হয়। আৰু নিশা প্ৰায় ১১.৫৮ বজাৰ পৰাহে ভোটগ্ৰহণ আৰম্ভ হয়। ভোটগ্ৰহণৰ সময়ত ইমৰাণ খান নিজেও উপস্থিত আছিল।

৩৪২জনীয়া সংসদত সংখ্যাগৰিষ্ঠতাৰ বাবে ১৪২জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন আছিল। উল্লেখযোগ্য যে, অনাস্থা প্ৰস্তাৱৰ দ্বাৰা অপসাৰিত হোৱা ইমৰাণ খানেই প্ৰথমজন পাকিস্তানৰ প্ৰধানমন্ত্ৰী। ইমৰাণ খানক অপসাৰণৰ পাছত পাকিস্তানৰ এটৰ্ণি জেনেৰেল খালিদ জাভেদেও পদত্যাগ কৰে।

পাকিস্তান সংসদত বিৰোধীৰ সমৰ্থনত থকা সাংসদৰ সংখ্যালৈ চাই শ্বেহবাজ শ্বৰিফেই পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে। তথাপিও চাৰিজন নিৰ্দলীয় প্ৰাৰ্থী আৰু পি টি আইৰ প্ৰাৰ্থীজন শ্বেহবাজ শ্বৰিফৰ বাবে প্ৰত্যাহ্বান হ’ব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...