গ’ল মেচিন বনাম গ’ল ৰক্ষক! কোন হ’ব AIFFৰ নতুন সভাপতি?

✒️ মানস গোস্বামী

ফুটবল, আপোনাৰ মোৰ প্ৰিয় খেল। গ্লোবেল স্পৰ্ট বুলি খ্যাত এই খেলৰ অনুৰাগীৰ সংখ্যা গণি শেষ কৰিব নোৱাৰিব আপুনি! আৰু এই বিশ্বখ্যাত খেলবিধক ভাৰতক নিষিদ্ধ কৰিছে বিশ্ব ফুটবলক নিয়ন্ত্ৰণ কৰা ফিফাই। ভাৰতৰ ফুটবলত তৃতীয় পক্ষৰ হাত থকাৰ অভিযোগত ফিফাই কেইদিনমানৰ পূৰ্বে নিলম্বিত কৰিছিল অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক। নিষিদ্ধ ঘোষণাৰ পিছতে ২০২৮ চনৰ ফিফা বিশ্বকাপৰ বাবে চলি থকা ভাৰতীয় দলৰ প্ৰস্তুতিত যেন এক ডাঙৰ প্ৰশ্নবোধকৰ উদয় হৈছে।

সুনীল চেত্ৰী, গুৰপ্ৰীত সিং সান্ধু, সান্দেশ ঝিংহানৰ দৰে চমকপ্ৰদক খেলুৱৈ থকা ভাৰতীয় ফুটবল যেন অন্ধকাৰৰ ফালে গতি কৰিছে এই আশংকা ফুটবল অনুৰাগীৰ। তাৰ মাজতে AIFFক নিকা ভাবমূৰ্তিৰে সজাই তুলিবলৈ প্ৰস্তুতি চলিছে। যাতে ভাৰতীয় ফুটবলক ফিফাই আৰোপ কৰা নিষেধাজ্ঞা আঁতৰি যায়। ইয়াৰে প্ৰথম খোজ হিচাপে ইতিমধ্যেই AIFFৰ নতুন সভাপতি পদৰ নিৰ্বাচনৰ বাবে যো-জা চলাইছে ক্ৰীড়া মন্ত্ৰণালয়ে।

AIFFৰ নতুন সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছে ভাৰতৰ প্ৰাক্তন অধিনায়ক আৰু গ’ল মেচিন ভাইচুং ভূটীয়াই। ১৯৯৫ চনৰ পৰা ২০১১ চনলৈ ভাৰতৰ হৈ ৮০ খন মেচত নিজৰ দুভৰিৰ যাদু দেখুওৱা ভাইচুং ভূটিয়াই দাখিল কৰিছে মনোনয়ন। কিন্তু ভূটীয়াক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে বিজেপি সদস্য কল্যাণ চৌবে। চৌবেৰ নাম গুজৰাট এফএ-ৰ দ্বাৰা প্ৰস্তাৱ কৰাৰ বিপৰীতে অৰুণাচল প্ৰদেশ ফুটবল সংস্থাই কল্যাণ চৌবেক সমৰ্থন জনাইছে। কল্যাণ চৌবে ভাৰতৰ অন্যতম শক্তিশালী গ’লৰক্ষক।

১৯৯৭ আৰু ২০০১ বৰ্ষত ভাৰতৰ বৰ্ষটোৰ শ্ৰেষ্ঠ গ’লৰক্ষকৰ বঁটা লাভ কৰিছিল চৌবেই। ইপিনে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভাতৃ অজিত বেনাৰ্জীয়েও দাখিল কৰিছে মনোনয়ন। আনহাতে, মেঘালয়ৰ বিধায়ক ইউজিনচন লিংডোৱেও মেঘালয় ফুটবল সংস্থাৰ জৰিয়তে মনোনয়ন দাখিল কৰিছে। উলেখ্য যে, AIFFৰ সভাপতি নিৰ্বাচন অহা ২৮ আগষ্টত অনুষ্ঠিত হ’ব।

ফুটবল অনুৰাগী আৰু বিশেষজ্ঞৰ চৰ্চা অনুসৰি মূল প্ৰতিদ্বন্দ্বিতা হ’ব ভাইচুং ভূটীয়া আৰু বিজেপি সদস্য কল্যাণ চৌবেৰ মাজত। এতিয়া অপেক্ষা মাথোঁ ২৮ আগষ্টলৈ। কোন হ’ব AIFFৰ পৰৱৰ্তী সভাপতি আৰু কিদৰে আগুৱাই নিব ভাৰতীয় ফুটবলক সেয়া হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...