সাহস, পৰাক্ৰম আৰু মেধাৰ অন্য নাম জেনেৰেল বিপিন ৰাৱাট

সাহস, পৰাক্ৰম আৰু মেধাৰ অন্য নাম জেনেৰেল বিপিন ৰাৱাট। যাৰ ব্ৰজ কঠোৰ সিদ্ধান্ত আৰু সুক্ষ্ম পৰ্যবেক্ষণত থৰকাছুটি হেৰাই শত্ৰু ৰাষ্ট্ৰৰ। অত্যন্ত কঠিন ভাবুকিকো অনায়াসে প্ৰতিহত কৰাত সিদ্ধহস্ত এইজন বিপিন ৰাৱাট। তেওঁৰ সবল নেতৃত্বই ভাৰতীয় সেনাক কৰি তুলিছিল অপ্ৰতিৰোধ্য।

১৯৭৮ চনৰ ১৬ ডিচেম্বৰত গোৰ্খা ৰাইফলছৰ ১১নং বেটেলিয়নত যোগদান কৰা ৰাৱাটে পদে পদে প্ৰামণ কৰিছে তেওঁৰ দক্ষতা। যি কৰাণে তেওঁক অধিষ্ঠিত কৰা হয় দেশৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ (CDS)ৰ পদত। ২০২০ চনৰ ১ জানুৱাৰীত দেশৰ স্থল, বায়ু আৰু নৌ সেনা তিনিওটা বাহিনীৰে নেতৃত্ব প্ৰথমবাৰলৈ অৰ্পণ কৰা হয় এইজন বিপিন ৰাৱটৰ হাতত।

দেশৰ সেনা-বাহিনীত অন্যতম শক্তিশালীৰূপে গঢ় দিয়া বিপিন ৰাৱাটৰ জন্ম হয় ১৯৫৮ চনৰ ১৬ মাৰ্চত উত্তৰাখণ্ডৰ পাউৰীত। ডেৰাডুনৰ কেমব্ৰিয়ান হ’ল বিদ্যালয়ত শিক্ষাজীৱনৰ পাতনি মেলা ৰাৱাট সৰুৰে পৰাই অতি তীক্ষ্ণ মেধাৰ গৰাকী। ছিমলাৰ ছেইণ্ট এডৱাৰ্ড স্কুলতো অধ্যয়ন কৰা ৰাৱাটে পৰৱৰ্তী সময়ত খৰকৱাছলাৰ নেশ্যনেল ডিফেঞ্চ একাডেমিত নামভৰ্তি কৰে। ডেৰাডুনৰ ইণ্ডিয়া মিলিটেৰি একাডেমিৰ পৰাও সুখ্যাতিৰে উত্তৰ্ণ হয় ৰাৱাট।

ৱেলিংটনৰ ডিফেঞ্চ ছাৰ্ভিছ ষ্টাফ কলেজৰো স্নাতক বিপিন ৰাৱাট। ইউনাইটেড ষ্টেটচ আৰ্মি কমাণ্ড এণ্ড জেনেৰেল ষ্টাফ কলেজৰ পৰাও তেঁও গ্ৰহণ কৰে উচ্চ শিক্ষা। আনহাহে DSSCৰ পৰা MPhil ডিগ্ৰী গ্ৰহণ কৰা ৰাৱাটে military-media strategic studies. বিষয়ত চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা গ্ৰহণ কৰে পি এইছ ডি ডিগ্ৰী।

তীক্ষ্ণ মেধাৰ বিপিন ৰাৱাটে ১৯৭৮ চনৰ ১৬ ডিচেম্বৰত গোৰ্খা ৰাইফলছৰ ১১ নং বেটেলিয়নত যোগদান কৰে। ৰাৱাটৰ পৰিয়ালৰ ৰেইবাটাও প্ৰজন্মই সেনা বাহিনীৰ হৈ দেশ সেৱা কৰিছে। নিজ পৰিয়ালৰ পৰাই সেনাবাহিনীৰ হৈ দেশৰ সেৱা কৰাৰ বাবে অনুপ্ৰাণীত হৈছিল জেনেৰেল বিপিন ৰাৱাট। বিপিন ৰাৱাটৰ পিতৃ লক্ষ্মণ সিং ৰাৱাটো আছিল সেনাৰ লেফটেনেণ্ট জেনেৰেল। একেটা বেটেলিয়নতে কৰ্মৰত আছিল পিতৃ লক্ষ্মণ সিং ৰাৱাটো।

১৯৬২ চনৰ ভাৰত–চীন যুদ্ধৰ পিছত প্ৰথমবাৰলৈ হোৱা ১৯৮৭ৰ চামদৰং চ্যু ভেলিৰ সীমা বিবাদ নিৰ্মূলৰ বাবে মোতায়েন কৰা হৈছিল বিপিন ৰাৱটৰ বেটেলিয়নকে। ইতিপূৰ্বে উৰি জম্মু কাশ্মিৰ আদিৰ বহুকেইটা সফল অভিযান চলোৱা ৰাৱাটে ১৯৮৭টো পি এল এক দিছিল যোগ্য প্ৰত্তুত্যৰ। ২০১৫ চনত ৰাৱাটৰ নেতৃত্বে চলিছিল NSCN-Kৰ বেছ কেম্পত ভাৰতীয় সেনাৰ পেৰাছ্যুট ৰেজিমেণ্টৰ অভিযান।

দেশৰ ভিতৰতে নহয় ৰাষ্ট্ৰসংঘৰ হৈ কেইবাটাও আন্তঃৰাষ্টীয় অভিযানৰ সফল নেতৃত্ব দিছে বিপিন ৰাৱটে। ২০১৬ চনৰ ১৭ ডিচেম্বৰত স্থল সেনাৰ সেনাৰ মুৰব্বী পদত অধিষ্ঠিত হয় ৰাৱাট। ইয়াৰ পিছতে ২০২০ চনৰ ১ জানুৱাৰীত দেশৰ প্ৰথম গৰাকী চীফ অৱ ডিফেন্স ষ্টাফ (CDS)ৰূপে দায়িত্ব গ্ৰহণ কৰে বিপিন ৰাৱটে।

নিজৰ কাৰ্যকালত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে সেনাবাহিনীৰ বহুকেইটা সন্মানেৰে সন্মানিত হয় CDS বিপিন ৰাৱাট। পৰমবীৰ সেৱা মেডেলেৰেও বিভূষিত জেনেৰেল বিপিন ৰাৱাট। উত্তম যুদ্ধ সেৱা মেডেল, অতি বিশিষ্ট সেৱা মেডেল, যুদ্ধ সেৱা মেডেলো প্ৰদান কৰা হয় ৰাৱটক। সেৱা মেডেল, বিশিষ্ট সেৱা মেডেলেৰোও সন্মানিত কৰা হয় দেশ মাতৃৰ এইগৰাকী সুযোগ্য সন্তানক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...