কেন্দ্ৰৰ সাহায্য তালিকাত স্থান নাপালে ক’ভিডত মৃত্যু হোৱা অসমৰ এজনো সাংবাদিকে

মহামাৰী ক’ভিড -১৯ত মৃত্যু হোৱা ১৯ ৰাজ্যৰ ১২৩ গৰাকী সাংবাদিকৰ পৰিয়ালক ৬ কোটি ১৫ লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে। কিন্ত উদ্বেগজনক কথা যে কেন্দ্ৰই ঘোষণা কৰা ক্ষতিপূৰণৰ তালিকাত উল্লেখ নাই অসমৰ সাংবাদিকৰ নাম। ক’ভিড-১৯ত আক্রান্ত হৈ মৃত্যু হৈছিল দিল্লীস্থিত অসমৰ জ্যেষ্ঠ সাংবাদিক কল্যান বৰুৱা, সাংবাদিক নীলাক্ষী ভট্টাচাৰ্য আৰু গুৱাহাটীস্থিত সাংবাদিক আয়ুষ্মান দত্তৰ। কিন্ত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ক্ষতিপূৰণৰ তালিকাত নাম নাই অসমৰ ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা সাংবাদিকৰ। কি পৰিস্থিতিত অসমৰ সাংবাদিকৰ নাম ক্ষতিপূৰণৰ তালিকাত অন্তৰ্ভুক্ত নহ’ল তাকে লৈ উদ্বেগ প্ৰকাশ কৰিছে গুৱাহাটী প্ৰেছ ক্লাৱে।

গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে অসমৰ কোনো ক’ভিড আক্রান্ত হৈ মৃত্যু হোৱা সাংবাদিকৰ পৰিয়াল যাতে বঞ্চিত নহয় সেই বিষয়ৰ প্ৰতি ৰাজ্য চৰকাৰ তথা সংশ্লিষ্ট বিভাগে কঠোৰ দৃষ্টি ৰাখিব লাগিব। অৱশ্যে দিল্লীৰ ক’ভিড মৃতকৰ তালিকাত জ্যেষ্ঠ সাংবাদিক কল্যান বৰুৱা আৰু নীলাক্ষী ভট্টাচাৰ্যৰ নাম আছে নে সেয়া এতিয়াও স্পষ্ট নহয়। কিন্ত ক’ভিড আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা সাংবাদিক আয়ুষ্মান দত্তৰ নাম সাংবাদিক কল্যান নিধিৰ ক্ষতিপূৰণৰ তালিকাত নথকা বিষয়টো পৰিতাপৰ বিষয় বুলি গণ্য কৰে গুৱাহাটী প্ৰেছ ক্লাৱে। ক’ভিড আক্রান্ত হৈ মৃত্যুক সাৱটি লোৱা সাংবাদিকৰ পৰিয়ালে যাতে ন্যায় পায়, সেয়াই আহ্বান গুৱাহাটী প্ৰেছ ক্লাৱৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...