হাৰ্দিক পাণ্ডিয়াৰ কাষত কোন এইগৰাকী সুন্দৰী?

পত্নী নাতাশাৰে চলি আছে হাৰ্দিকৰ বিচ্ছেদৰ বাতৰি। তেনে সময়তে হাৰ্দিক পাণ্ডিয়াৰ কাষত আন এগৰাকী সুন্দৰী। হঠাতে হাৰ্দিকলৈ দুগুণে মৰম বাঢ়িছিল অনুৰাগীৰ। বহু সমালোচনাৰে থকা-সৰকা হোৱা হাৰ্দিকে বিশ্বকাপত সুন্দৰ প্ৰদৰ্শনেৰে বন্ধ কৰিলে সমালোচকৰ মুখ।

এতিয়া হাৰ্দিকৰ প্ৰশংসাত পঞ্চমুখ অনুৰাগী। কিন্তু বিশ্বকাপত জয়ী হৈ অহাৰ পাছতো হাৰ্দিকক শুভেচ্ছা জনোৱা নাই পত্নী নাতাশাই। সামাজিক মাধ্যমতো হাৰ্দিকক উদ্দেশ্যি কৰা নাই কোনোধৰণৰ পষ্ট। যি কথাই হাৰ্দিক আৰু নাতাশাৰ বিচ্ছেদৰ বাতৰিত ইন্ধন যোগাইছে৷ এই খবৰৰ মাজতে হাৰ্দিকৰ শেহতীয়া কিছু ফটো আৰু ভিডিঅ’ই গৰম কৰি তুলিছে ছ’চিয়েল মিডিয়া। সামাজিক মাধ্যমত হাৰ্দিকৰ সৈতে ফটো শ্বেয়াৰ কৰি ভাইৰেল হৈছে এগৰাকী যুৱতী। যুৱতীগৰাকী সন্দৰ্ভত হাৰ্দিকক বিভিন্ন প্ৰশ্ন অনুৰাগীৰ।

কোন এইগৰাকী ৰহস্যময়ী যুৱতী? সুন্দৰী যুৱতীগৰাকী হাৰ্দিকৰ ভাবী পত্নী নেকি? এনে চৰ্চাৰ মাজতে পোহৰলৈ আহিছে যুৱতীগৰাকীৰ পৰিচয়।

যুৱতীগৰাকীৰ নাম প্ৰাচী চোলাংকী। প্ৰাচী চোলাংকী এগৰাকী ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ। হাৰ্দিকৰ পৰিয়ালৰ আন সদস্যৰ সৈতেও ভাল সম্পৰ্ক আছে প্ৰাচীৰ। পূৰ্বে হাৰ্দিকৰ ভাতৃ ক্ৰুনালৰ সৈতেও ফটো শ্বেয়াৰ কৰিছিল প্ৰাচী চোলাংকীয়ে। বিশ্বকাপ জয় কৰি অহাৰ পিছতে হাৰ্দিকৰ সৈতেও শ্বেয়াৰ কৰিছে নিজৰ এখন ধুনীয়া ফটো। ফটোবোৰত হাৰ্দিকৰ সৈতে একে ৰঙৰ পোচাকত দেখা গৈছে প্ৰাচীক। এই ফটোবোৰেই পাণ্ডেয়াৰ অনুৰাগীসকলৰ মনত বিভিন্ন কৌতুহলৰ সৃষ্টি কৰিছে। আনকি একাংশ অনুৰাগীয়ে যুৱতীগৰাকীৰ সৈতে বিয়া পাতিবলৈয়ো ক’লে হাৰ্দিকক। কিন্তু এই সন্দৰ্ভত এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই হাৰ্দিক পাণ্ডিয়াই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...