হাৰ্দিক পাণ্ডিয়াৰ কাষত কোন এইগৰাকী সুন্দৰী?

পত্নী নাতাশাৰে চলি আছে হাৰ্দিকৰ বিচ্ছেদৰ বাতৰি। তেনে সময়তে হাৰ্দিক পাণ্ডিয়াৰ কাষত আন এগৰাকী সুন্দৰী। হঠাতে হাৰ্দিকলৈ দুগুণে মৰম বাঢ়িছিল অনুৰাগীৰ। বহু সমালোচনাৰে থকা-সৰকা হোৱা হাৰ্দিকে বিশ্বকাপত সুন্দৰ প্ৰদৰ্শনেৰে বন্ধ কৰিলে সমালোচকৰ মুখ।

এতিয়া হাৰ্দিকৰ প্ৰশংসাত পঞ্চমুখ অনুৰাগী। কিন্তু বিশ্বকাপত জয়ী হৈ অহাৰ পাছতো হাৰ্দিকক শুভেচ্ছা জনোৱা নাই পত্নী নাতাশাই। সামাজিক মাধ্যমতো হাৰ্দিকক উদ্দেশ্যি কৰা নাই কোনোধৰণৰ পষ্ট। যি কথাই হাৰ্দিক আৰু নাতাশাৰ বিচ্ছেদৰ বাতৰিত ইন্ধন যোগাইছে৷ এই খবৰৰ মাজতে হাৰ্দিকৰ শেহতীয়া কিছু ফটো আৰু ভিডিঅ’ই গৰম কৰি তুলিছে ছ’চিয়েল মিডিয়া। সামাজিক মাধ্যমত হাৰ্দিকৰ সৈতে ফটো শ্বেয়াৰ কৰি ভাইৰেল হৈছে এগৰাকী যুৱতী। যুৱতীগৰাকী সন্দৰ্ভত হাৰ্দিকক বিভিন্ন প্ৰশ্ন অনুৰাগীৰ।

কোন এইগৰাকী ৰহস্যময়ী যুৱতী? সুন্দৰী যুৱতীগৰাকী হাৰ্দিকৰ ভাবী পত্নী নেকি? এনে চৰ্চাৰ মাজতে পোহৰলৈ আহিছে যুৱতীগৰাকীৰ পৰিচয়।

যুৱতীগৰাকীৰ নাম প্ৰাচী চোলাংকী। প্ৰাচী চোলাংকী এগৰাকী ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ। হাৰ্দিকৰ পৰিয়ালৰ আন সদস্যৰ সৈতেও ভাল সম্পৰ্ক আছে প্ৰাচীৰ। পূৰ্বে হাৰ্দিকৰ ভাতৃ ক্ৰুনালৰ সৈতেও ফটো শ্বেয়াৰ কৰিছিল প্ৰাচী চোলাংকীয়ে। বিশ্বকাপ জয় কৰি অহাৰ পিছতে হাৰ্দিকৰ সৈতেও শ্বেয়াৰ কৰিছে নিজৰ এখন ধুনীয়া ফটো। ফটোবোৰত হাৰ্দিকৰ সৈতে একে ৰঙৰ পোচাকত দেখা গৈছে প্ৰাচীক। এই ফটোবোৰেই পাণ্ডেয়াৰ অনুৰাগীসকলৰ মনত বিভিন্ন কৌতুহলৰ সৃষ্টি কৰিছে। আনকি একাংশ অনুৰাগীয়ে যুৱতীগৰাকীৰ সৈতে বিয়া পাতিবলৈয়ো ক’লে হাৰ্দিকক। কিন্তু এই সন্দৰ্ভত এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই হাৰ্দিক পাণ্ডিয়াই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...