এটা মাহতে WhatsApp-এ নিষিদ্ধ কৰিলে ২ নিযুতৰো অধিক ভাৰতীয় একাউণ্ট

পূৰ্বতকৈ অধিক কঠোৰ হৈছে জনপ্ৰিয় মেছেজিং এপ হোৱাটছএপ। প্ৰতিষ্ঠানটোৰ বিভিন্ন বিধি উলংঘাৰ অভিযোগত অক্টোবৰ মাহত নিষিদ্ধ হৈছে ২ নিযুতৰো অধিক ভাৰতীয় একাউণ্ট। যোৱা ১-৩০ অক্টোবৰৰ ভিতৰত পঞ্চম মাহিলী প্ৰতিবেদন প্ৰকাশ কৰিছে WhatsApp-এ। এই সময়ছোৱাত ৫০০ৰো অধিক অভিযোগৰ প্ৰতিবেদন লাভ কৰিছে। ইয়াৰ ভিত্তিত ২,০৬৯,০০০টা ভাৰতীয় একাউণ্ট নিষিদ্ধ কৰিছে WhatsApp-এ। বৰ্তমান ৪০০ মিলিয়নতকৈও অধিক ভাৰতীয়ই ব্যৱহাৰ কৰে WhatsApp। চলিত বছৰৰ ১৬ জুনৰ পৰা ৩১ জুলাইলৈ ভাৰতত ৩ লাখ একাউণ্ট বন্ধ কৰি দিছিল। WhatsAppৰ মতে অনুমতি অবিহনে স্বয়ংক্ৰিয় বা বৃহৎ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে একাউণ্ট নিষিদ্ধ কৰা হৈছে। ইয়াত অন্তৰ্ভুক্ত আছিল একাউণ্ট সমৰ্থনৰ অভিযোগ, নিষেধাজ্ঞাৰ আপিলৰ অভিযোগ, সামগ্ৰী সমৰ্থন, সুৰক্ষা আৰু অন্যান্য সমৰ্থন তালিকাৰো অভিযোগ।

উল্লেখ্য যে, ভাৰত চৰকাৰে ২৬ মে’ত নতুন তথ্য প্ৰযুক্তি নিয়ম প্ৰৱৰ্তন কৰিছিল। নতুন আইটি নিয়মৰ অধীনত প্ৰতি মাহে প্ৰতিবেদন প্ৰকাশ কৰাটো প্ৰয়োজন। এই নিয়ম অনুসৰি ৫০ লাখতকৈ অধিক ব্যৱহাৰকাৰী থকা যিকোনো ডিজিটেল প্লেটফৰ্মে প্ৰতিমাহে অনুপালন প্ৰতিবেদন প্ৰকাশ কৰিব লাগিব। প্ৰতিবেদনত প্ৰাপ্ত অভিযোগ আৰু সেইবোৰৰ আধাৰত লোৱা পদক্ষেপবোৰ অৱগত কৰিব লাগিব। WhatsAppৰ দাবী-বন্ধ কৰা একাউণ্টসমূহৰ কোনো ব্যৱহাৰকাৰীৰ বাৰ্তা পঢ়া নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...