বৰাকত কয়লা ছিণ্ডিকেটৰ ধন কাৰ পকেটত সোমাইছে?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই বৰাকত অব্যাহত আছে কয়লাৰ ছিণ্ডিকেট! মুখ্যমন্ত্ৰীৰূপে দায়িত্ব লাভৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে। তাৰ মাজতো বিভিন্ন সুৰুঙাৰে ৰমৰমীয়া বেহা চলাই আহিছে একাংশই। ক’লা হীৰাৰ ক’লা বেহা এতিয়াও অব্যাহত আছে বৰাক উপত্যকাত। কৰিমগঞ্জ জিলাৰ বদৰপুৰত নিশা আৰক্ষীয়ে জব্দ কৰিছে বৈধ নথি নথকা দুখন কয়লাভৰ্তি ট্ৰাক। মেঘালয়ৰ পৰা নথিবিহীনভাবে কৰিমগঞ্জত প্ৰৱেশ কৰিছিল। জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ AS 01 EC 9877 আৰু AS 01 GC 3306। সম্প্ৰতি দুয়োখন ট্ৰাক বদৰপুৰ আৰক্ষীৰ জিম্মাত আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে এজন লোকক।

লক্ষ্যণীয় যে, যোৱা ৩০ এপ্ৰিলত গৃহ বিভাগৰ নিৰ্দেশত বৰাকৰ তিনিওখন জিলাত গঠন কৰা হৈছিল স্কোৱাড টীম। এই টীমত অন্তৰ্ভুক্ত কৰা হৈছিল DTO, DFO, মেজিষ্ট্ৰেট আৰু আবকাৰী শুল্ক বিষয়া তথা শীৰ্ষ প্ৰশাসনিক বিষয়াকো। ইয়াৰ উদ্দেশ্য আছিল বৰাক উপত্যকাৰ মাজেদি অবৈধ কয়লা বাণিজ্য বন্ধ কৰা। তাৰ পিছতো কয়লাৰ অবৈধ বেহা চলি থকাত স্কোৱাড টীমৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কিয়নো মেঘালয়ৰ পৰা কয়লাভৰ্তি ট্ৰাক কাছাৰ হৈ হাইলাকান্দি আৰু কৰিমগঞ্জ প্ৰবেশ কৰে। কিন্তু এই দুয়োখন জিলাৰ আৰক্ষীৰ নাকা চেকিং থকাৰ পিছতেও ৰহস্যজনকভাবে কয়লাভৰ্তি ট্ৰাক কৰিমগঞ্জ আৰক্ষীয়েহে জব্দ কৰে। স্কোয়াড টীম গঠন কৰি দিয়াৰ পিছতো অবৈধ কয়লাৰ বেহা অব্যাহত আছে বৰাক উপত্যকাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা...

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...