এটা মাহতে WhatsApp-এ নিষিদ্ধ কৰিলে ২ নিযুতৰো অধিক ভাৰতীয় একাউণ্ট

পূৰ্বতকৈ অধিক কঠোৰ হৈছে জনপ্ৰিয় মেছেজিং এপ হোৱাটছএপ। প্ৰতিষ্ঠানটোৰ বিভিন্ন বিধি উলংঘাৰ অভিযোগত অক্টোবৰ মাহত নিষিদ্ধ হৈছে ২ নিযুতৰো অধিক ভাৰতীয় একাউণ্ট। যোৱা ১-৩০ অক্টোবৰৰ ভিতৰত পঞ্চম মাহিলী প্ৰতিবেদন প্ৰকাশ কৰিছে WhatsApp-এ। এই সময়ছোৱাত ৫০০ৰো অধিক অভিযোগৰ প্ৰতিবেদন লাভ কৰিছে। ইয়াৰ ভিত্তিত ২,০৬৯,০০০টা ভাৰতীয় একাউণ্ট নিষিদ্ধ কৰিছে WhatsApp-এ। বৰ্তমান ৪০০ মিলিয়নতকৈও অধিক ভাৰতীয়ই ব্যৱহাৰ কৰে WhatsApp। চলিত বছৰৰ ১৬ জুনৰ পৰা ৩১ জুলাইলৈ ভাৰতত ৩ লাখ একাউণ্ট বন্ধ কৰি দিছিল। WhatsAppৰ মতে অনুমতি অবিহনে স্বয়ংক্ৰিয় বা বৃহৎ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে একাউণ্ট নিষিদ্ধ কৰা হৈছে। ইয়াত অন্তৰ্ভুক্ত আছিল একাউণ্ট সমৰ্থনৰ অভিযোগ, নিষেধাজ্ঞাৰ আপিলৰ অভিযোগ, সামগ্ৰী সমৰ্থন, সুৰক্ষা আৰু অন্যান্য সমৰ্থন তালিকাৰো অভিযোগ।

উল্লেখ্য যে, ভাৰত চৰকাৰে ২৬ মে’ত নতুন তথ্য প্ৰযুক্তি নিয়ম প্ৰৱৰ্তন কৰিছিল। নতুন আইটি নিয়মৰ অধীনত প্ৰতি মাহে প্ৰতিবেদন প্ৰকাশ কৰাটো প্ৰয়োজন। এই নিয়ম অনুসৰি ৫০ লাখতকৈ অধিক ব্যৱহাৰকাৰী থকা যিকোনো ডিজিটেল প্লেটফৰ্মে প্ৰতিমাহে অনুপালন প্ৰতিবেদন প্ৰকাশ কৰিব লাগিব। প্ৰতিবেদনত প্ৰাপ্ত অভিযোগ আৰু সেইবোৰৰ আধাৰত লোৱা পদক্ষেপবোৰ অৱগত কৰিব লাগিব। WhatsAppৰ দাবী-বন্ধ কৰা একাউণ্টসমূহৰ কোনো ব্যৱহাৰকাৰীৰ বাৰ্তা পঢ়া নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভয়ংকৰ বিমান দুৰ্ঘটনাত ১২জনকৈ লোকৰ মৃত্যু

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰিছে বিশ্ব। আমেৰিকাৰ মিচৌৰীত সংঘটিত...

অচল ফেচবুক, কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ

শুকুৰবাৰে সন্ধিয়া কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত লাগিল হাহাকাৰ।...

ভয়ংকৰ দুৰ্ঘটনাই জোকাৰিছে নলবাৰী

নলবাৰীৰ বানেকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। বুঢ়াদিয়া নদীৰ দলঙত ট্ৰাক...

কৃষকৰ আঁচনি ৰূপায়ণত গাফিলতি সহ্য কৰা নহ’ব: মন্ত্ৰী পীয়ূষ হাজৰীকা

অহা মাহত ১৫ লাখ উদ্যান শস্যৰ পুলি বিতৰণৰ লক্ষ্য...