পানীৰ লগত হালধি মিহলোৱা যাদু! কি এই ‘টাৰ্মাৰিক গ্ল’ ট্ৰেণ্ড?

মোবাইল ফোনৰ ফ্লেছ লাইটৰ ওপৰত থোৱা পানীৰে ভৰা স্বচ্ছ কাঁচৰ গিলাচ। তাতে এচামুচ পানী দিলেই যাদু! হালধীয়া পোহৰৰ আভা চাৰিওফালে বিয়পি পৰে। এতিয়া এনে এটা ট্ৰেণ্ডত নেটনাগৰিকসকল মগ্ন হৈ পৰিছে! নামী-অনামী তাৰকা আৰু ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰসকলেও এই ট্ৰেণ্ডত যোগ দিছে। বহুতে এই দৃশ্য কেমেৰাত বন্দী কৰি ৰাখিছে। এই সংক্ৰান্তীয় একাধিক ভিডিঅ’ ইতিমধ্যে নেটজগতত ভাইৰেল হৈ পৰিছে।

কিন্তু কি এই ‘টাৰ্মাৰিক গ্ল’ ট্ৰেণ্ড? এই ট্ৰেণ্ডত অংশ ল’বলৈ বিশেষ খৰচৰ প্ৰয়োজন নাই। এটা মোবাইল, পানীৰে ভৰা স্বচ্ছ গিলাচ, এচামুচ হালধি গুড়ি বা এটা ভিটামিন বি২-ৰ কেপচুল থাকিলেই হ’ব। প্ৰথমে স্বচ্ছ গিলাচত পানী ভৰাই ল’ব লাগে। তাৰ পিছত এটা আন্ধাৰ কোঠাত মোবাইলৰ ফ্লেছ জ্বলাই ওলোটাকৈ থৈ দিব লাগে। পানীৰে ভৰা গিলাচটো মোবাইলৰ ফ্লেছৰ ওপৰত সাৱধানে ৰাখিব লাগে। তাৰ পিছত সেই পানীত এচামুচ হালধি গুড়ি বা এটা ভিটামিন বি২-ৰ টেবলেট ভাঙি মিহলালেই হ’ল!

কিন্তু এনে কিয় হয়? ইয়াৰ আঁৰত কি বিজ্ঞান আছে? আচলতে Ultraviolet ৰশ্মিৰ পোহৰত ভিটামিন বি২ বা ৰাইব’ফ্লেভিনে পানীক উজ্জ্বল কৰি তোলে। কাৰণ এই পদাৰ্থৰ পানীত পোহৰ বিক্ষিপ্ত কৰাৰ গুণ আছে। হালধিতো এই ৰাইব’ফ্লেভিন থাকে। সেই কাৰণে মোবাইল ফ্লেছৰ ওপৰত থোৱা পানীৰ গিলাচত হালধি গুড়ি বা ভিটামিন বি২ মিহলালে উজ্জ্বলতা দেখা যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...