এখন বিধেয়কৰ বাবেই অন্ত পৰিল ট্ৰাম্প-মাস্কৰ সম্পৰ্ক… কেনেকৈ মিঠাৰ পৰা টেঙালৈ গতি কৰিলে তেওঁলোকৰ সম্পৰ্ক?

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ধনকুবেৰ ইলন মাস্কৰ সম্পৰ্ক এতিয়া তিক্ততাৰ চৰম সীমাত। কিছুদিন আগলৈকে ট্ৰাম্পে যাক আকোৱালি আছিল, যাৰ বাবে হোৱাইট হাউছত এটা পৃথক দপ্তৰ গঢ়ি দিছিল, সেই মাস্কেই এতিয়া তেওঁৰ চৰকাৰৰ এডাল ডাঙৰ ‘কাঁইট’ হৈ পৰিছে। মাস্কৰ কোম্পানীৰ সৈতে চুক্তি বাতিলৰ পৰা আৰম্ভ কৰি চৰকাৰী চুক্তি বাতিললৈকৈ—ট্ৰাম্পে এটাৰ পিছত এটা কঠোৰ ভাবুকি দি আছে। কিন্তু মাস্ক থমকি ৰোৱা নাই। বৰঞ্চ তেওঁ আক্ৰমণৰ সুৰ আৰু তীব্ৰ কৰিছে, যি এতিয়া ব্যক্তিগত স্তৰলৈ গৈ পোৱাৰ উপক্ৰম হৈছে। ট্ৰাম্পৰ ভাবুকিৰ ফলত মাস্কৰ কোম্পানীৰ শ্বেয়াৰৰ মূল্য এটা ধাক্কাত কমি গৈছে। মানুহে টেছলাৰ শ্বেয়াৰ বিক্ৰী কৰিবলৈ ভাৱি থকা নাই। কিন্তু এই আৰ্থিক ক্ষতিৰ মাজতো স্পেচএক্সৰ স্বতাধিকাৰী মাস্ক নিজৰ অৱস্থানত অটল। বীৰদৰ্পে তেওঁ কৈছে, “মই সহায় নকৰিলে ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসনত বহিবই নোৱাৰিলেহেঁতেন।”

কিন্তু ট্ৰাম্প-মাস্কৰ সম্পৰ্কত এই ‘ইউ-টাৰ্ণ’ কিয়? দুজনৰ বন্ধুত্ব কিয় ক’লা-কাৰ্পণ্যলৈ পৰিণত হ’ল? তেওঁলোকৰ ‘ব্ৰ’মেন্স’ৰ (দুজন পুৰুষৰ মাজত যৌনতা ব্যতিৰেকে ঘনিষ্ঠ সম্পৰ্কৰ ব্যাখ্যা হিচাপে আমেৰিকাৰ সংবাদ মাধ্যমে ব্যৱহাৰ কৰা শব্দ) আৰম্ভণি কেনেকুৱা আছিল?

সুখৰ দিন

২০২৪ চনৰ ১৩ জুলাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ চাৰি মাহ আগতে পেনচিলভেনিয়াত এখন সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল ৰিপাব্লিকান প্ৰাৰ্থী ট্ৰাম্প। তাত এখন প্ৰকাশ্য সভাত ট্ৰাম্পক লক্ষ্য কৰি এজন যুৱকে গুলী চলায়। গুলীটো ট্ৰাম্পৰ কাণৰ কাষ চুই পাৰ হৈ যায়। মঞ্চত তেজ বৈ যায়। এই ঘটনাই আমেৰিকাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ঠিক তাতেই মাস্কৰ সৈতে ট্ৰাম্পৰ সম্পৰ্কৰ সূত্ৰপাত হয়। ট্ৰাম্পৰ দ্ৰুত সুস্থতাৰ কামনা কৰি মাস্কে সামাজিক  মাধ্যমত পোষ্ট কৰে। তেওঁ লিখিছিল, “ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰতি মোৰ সম্পূৰ্ণ সমৰ্থন আছে। আশা কৰোঁ তেওঁ সোনকালে সুস্থ হৈ উঠিব।” ইয়াৰ পিছত কেইবাখনো জনসভাত ট্ৰাম্পৰ কাষত দেখা গৈছিল মাস্কক। পৰিধানত আছিল ট্ৰাম্পৰ শ্লোগান ‘মেক আমেৰিকা গ্ৰেট এগেইন’ৰ টুপী। নিৰ্বাচনত ট্ৰাম্পৰ হৈ জোৰদাৰ প্ৰচাৰো কৰিছিল মাস্কে।

‘আমি ট্ৰাম্পক ভাল পাওঁ’

ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত মাস্কৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু ঘনিষ্ঠ হৈ পৰে। প্ৰথমে ট্ৰাম্পে মাস্কক ৰাষ্ট্ৰপতিৰ বিশেষ পৰামৰ্শদাতা (অবৈতনিক) পদত নিযুক্তি দিয়ে। পিছত তেওঁৰ বাবে এটা চৰকাৰী দক্ষতা বিষয়ক দপ্তৰ (ডিঅ’জিই) গঢ়ি দিয়ে। এই দপ্তৰৰ কাম আছিল ‘অপ্ৰয়োজনীয়’ খৰচ হ্ৰাস কৰি ট্ৰাম্প প্ৰশাসনক সহায় কৰা। মাস্কে এই দায়িত্ব গ্ৰহণ কৰিছিল। তেতিয়া তেওঁ লিখিছিল, “মই ট্ৰাম্পক এনেকৈয়ে ভাল পাওঁ, যেনেকৈ এজন পুৰুষে আন এজন পুৰুষক ভাল পাব পাৰে।” সেই সময়ত মাস্ক ট্ৰাম্প প্ৰশাসনৰ আটাইতকৈ জনপ্ৰিয় মুখ হৈ পৰিছিল। খৰচ হ্ৰাসৰ বাবে তেওঁ কেইবাটাও সাহসী পদক্ষেপো গ্ৰহণ কৰিছিল।

‘ডাঙৰ আৰু সুন্দৰ বিল’

শেহতীয়াকৈ আমেৰিকাৰ জনস্বাৰ্থত ট্ৰাম্পে এখন বিলত স্বাক্ষৰ কৰিছে। তেওঁ নিজে বিলখনক ‘ডাঙৰ আৰু সুন্দৰ বিল’ বুলি বৰ্ণনা কৰিছে। কিন্তু এই বিলৰ বাবেই ট্ৰাম্প-মাস্কৰ তিক্ততাৰ বীজ ৰোপণ হ’ল। এটা সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত মাস্কে কৈছিল, “ৰাষ্ট্ৰপতিয়ে কৈছে এই নতুন বিলখন ডাঙৰ আৰু সুন্দৰ। কিন্তু মই নাভাবোঁ যে কোনো বিল একে সময়তে ডাঙৰ আৰু সুন্দৰ হ’ব পাৰে। হয় সেয়া ডাঙৰ হ’ব, নহয় সুন্দৰ।” ট্ৰাম্পৰ এই বিলৰ ফলত ডিঅ’জিইয়ে এতিয়ালৈকে কৰি অহা কাম ব্যৰ্থ হ’ব বুলি আশংকা প্ৰকাশ কৰে মাস্কে। পিছদিনাই তেওঁ ট্ৰাম্প প্ৰশাসনৰ পৰা ইস্তাফা দিয়ে।

‘মোৰ সময় শেষ’

ইস্তাফাৰ কথা মাস্কে সামাজিক মাধ্যমত ঘোষণা কৰে। তেওঁ লিখিছিল, “মোৰ নিৰ্ধাৰিত সময় শেষ হৈছে। অপ্ৰয়োজনীয় খৰচ হ্ৰাসৰ সুযোগ দিয়াৰ বাবে মই ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জনাইছো।” পিছদিনা ট্ৰাম্পে প্ৰস্থানকাৰী মাস্কক কাষত বহুৱাই সংবাদমেল কৰে। সেইদিনাও দুয়োৰে সম্পৰ্কৰ তিক্ততাৰ কোনো আঁচ পোৱা নগৈছিল। ট্ৰাম্পে মাস্কক ‘দুৰ্দান্ত’ বুলি আখ্যা দিছিল। মধুৰ কথাৰে তেওঁক বিদায় দিছিল। মাস্কেও শেষৰ দিনটোত বিতৰ্ক বঢ়োৱা নাছিল। জনাইছিল যে তেওঁ এতিয়া ব্যৱসায়ত মনোনিৱেশ কৰিব বিচাৰে। সেই কাৰণেই ইস্তাফা দিলে।

ক’লা-কাৰ্পণ্য

ইস্তাফাৰ পিছত মাস্ক আৰু মৌন হৈ থকা নাই। প্ৰকাশ্যভাৱে ট্ৰাম্পৰ বিলৰ সমালোচনা আৰম্ভ কৰে। তেওঁ জনায় যে এই বিলে আমেৰিকাৰ প্ৰশাসনক ‘দেউলীয়া’ কৰি দিব। ডিঅ’জিইৰ খৰচ হ্ৰাসৰ সকলো প্ৰচেষ্টা ব্যৰ্থ কৰিব। মাস্কে কৈছিল, “এই বিশাল সাংঘাতিক বিল জঘন্য” মাস্কে মুখ খোলাৰ পিছত ট্ৰাম্পো নীৰৱ হৈ নাথাকিল। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে প্ৰত্যক্ষভাৱে অভিযোগ কৰে যে বৈদ্যুতিক গাড়ীৰ টেক্স ক্ৰেডিট বাতিলৰ ফলত টেছলাৰ আৰ্থিক ক্ষতি হৈছে। সেইকাৰণে মাস্কৰ খং উঠিছে আৰু পূৰ্ব পৰিকল্পনাৰে এই ‘সুন্দৰ’ বিলৰ বিৰোধিতা কৰিছে। ট্ৰাম্পে কৈছিল, “ইলনৰ সৈতে মোৰ বৰ ভাল সম্পৰ্ক আছিল। আগন্তুক দিনত তাৰ অস্তিত্ব থাকিব নে নাই নাজানো। তেওঁৰ আচৰণত মই বৰ হতাশ। এই বিলৰ খুঁটিনাটি তেওঁ জানিছিল। আন যিকোনো মানুহতকৈ বেছি জানিছিল। প্ৰথমৰ পৰা এইটোৰ লগত তেওঁৰ কোনো সমস্যা নাছিল।” ট্ৰাম্পৰ এই অভিযোগ উৰুৱাই মাস্কে কৈছিল, “এই বিল মোক এবাৰৰ বাবেও দেখুওৱা হোৱা নাই। গভীৰ নিশা এই বিল পাছ কৰোৱা হৈছে। কাকো বিলখন পঢ়ি চোৱাৰ সুযোগো দিয়া হোৱা নাই।”

ব্যক্তিগত আক্ৰমণ

ক’লা-কাৰ্পণ্যৰ মাজতে মাস্কে আমেৰিকাৰ ৰাষ্ট্ৰপতিক ব্যক্তিগত আক্ৰমণ কৰে। তেওঁ দাবী কৰে যে, যৌন কেলেংকাৰীত অভিযুক্ত জেফৰি এপষ্টেইনৰ সৈতে ট্ৰাম্পৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। আমেৰিকাত এটা নতুন ৰাজনৈতিক দল আৰম্ভ কৰাৰ ইচ্ছাও প্ৰকাশ কৰে মাস্কে। ইমপিচমেণ্ট পদ্ধতিৰে ট্ৰাম্পক অপসাৰণৰ দাবী তুলি তেওঁ উপ-ৰাষ্ট্ৰপতি জেডি ভান্সৰ প্ৰতি সমৰ্থন জনায়। মাস্কে এইটোও কৈছে যে ট্ৰাম্পে যি শুল্কনীতি গ্ৰহণ কৰিছে, তাৰ ফলত অদূৰ ভৱিষ্যতে গোটেই বিশ্ব অৰ্থনৈতিক মন্দাৰ দিশলৈ যাব। আনহাতে, ট্ৰাম্পে মাস্কৰ কোম্পানীৰ চুক্তি বাতিলৰ ভাবুকি দিছে। তাৰ ফলত এদিনৰ ভিতৰতে টেছলাৰ শ্বেয়াৰ ১৪ শতাংশ কমি গৈছে। ব্লুমবাৰ্গৰ মতে, মাস্কৰ ব্যক্তিগত ক্ষতি হৈছে ৮৭৩ কোটি ডলাৰ (ভাৰতীয় মুদ্ৰাত ৭৪ হাজাৰ কোটি টকা)! ট্ৰাম্পে অৱশ্য কৈছে যে মাস্কে তেওঁৰ বিপক্ষে গৈছে বুলি তেওঁ চিন্তিত নহয়। এইটো কাম আগতীয়াকৈ কৰা উচিত আছিল বুলিহে কয়।

ট্ৰাম্প-মাস্কৰ এই ‘দ্বৈৰথ’ ক’ত গৈ থমকিব, ৰাষ্ট্ৰপতিৰ ভাবুকিৰ সন্মুখত মাস্কে পিছুৱাই যাব নে শেষত ট্ৰাম্পৰ ওচৰতে ‘নতশিৰ’ হ’ব লাগিব, সেয়া এতিয়াও স্পষ্ট নহয়। আপাতত আমেৰিকা তথা গোটেই বিশ্বই দেখিলে তেওঁলোকৰ ‘ব্ৰ’মেন্স’!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...