মই সহায় নকৰা হ’লে ট্ৰাম্প হাৰিলেহেঁতেন : ইলন মাস্ক

ড’নাল্ড ট্ৰাম্পে দাবী কৰিছিল যে, তেওঁ তেওঁৰ ‘বন্ধু’ তথা ধনকুবেৰ ইলন মাস্কক বহুত সহায় কৰিছে। ইয়াৰ পিছতেই মাস্কে দাবী কৰে যে, তেওঁৰ সহায় নোহোৱা হ’লে ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হ’বই নোৱাৰিলেহেঁতেন! দুয়োৰে সম্পৰ্ক আগৰ দৰে মসৃণ নহয় বুলি শেহতীয়া ঘটনাক্ৰমত ইংগিত পোৱা গৈছিল। কিন্তু এইবাৰ ট্ৰাম্প-মাস্কৰ সংঘাত পোহৰলৈ আহিল।

বৃহস্পতিবাৰে ট্ৰাম্পে দাবী কৰিছিল যে, মাস্কৰ সহায় অবিহনে তেওঁ আমেৰিকাৰ পেনচিলভেনিয়া প্ৰদেশত জয়ী হ’ব পাৰিলেহেঁতেন। ট্ৰাম্পৰ এই দাবী থকা এটা ভিডিঅ’ সমাজমাধ্যমত বিয়পি পৰাৰ লগে লগে টেছলা আৰু এক্সৰ স্বতাধিকাৰী মাস্কে এটা পোষ্ট কৰে। তাত তেওঁ লিখিছে, “মোৰ সহায় নোহোৱা হ’লে ট্ৰাম্পে এই নিৰ্বাচনত জিকিব নোৱাৰিলেহেঁতেন।” মাস্কৰ দাবী, সেই ক্ষেত্ৰত আমেৰিকাৰ আইনসভাৰ নিম্নকক্ষ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছত ডেম’ক্ৰেটসকলে সংখ্যাগৰিষ্ঠতা লাভ কৰিলেহেঁতেন আৰু উচ্চকক্ষ ছিনেটত ৰিপাব্লিকানসকলে সামান্য সংখ্যাগৰিষ্ঠতা লাভ কৰিলেহেঁতেন। অৱশ্যে ভোটত জিকিবলৈ ট্ৰাম্পক তেওঁ কেনেকৈ সহায় কৰিছিল, তাৰ ব্যাখ্যা মাস্কে দিয়া নাই।

অন্যহাতে, ট্ৰাম্পৰ বিৰুদ্ধে মাস্কে ডাঙৰ বিস্ফোৰণ কৰাৰ ভাবুকিও দিছে। বিতৰ্কিত ‘এপষ্টেইন ফাইল’ত ট্ৰাম্পৰ নাম থকাৰ কথা উল্লেখ কৰি তেওঁ দাবী কৰিছে যে কেৱল এই কাৰণেই ফাইলটো প্ৰকাশ্যলৈ অনা হোৱা নাই। বিতৰ্কিত বিষয় সম্পৰ্কীয় পোষ্টটো পুনৰ প্ৰকাশ্যলৈ আনি মাস্কে লিখিছে, “ভৱিষ্যতৰ বাবে এইটো তেওঁ মনত ৰাখিব। সত্য উন্মোচিত হ’ব।”

উল্লেখযোগ্য যে, জেফ্ৰি এপষ্টেইন নামৰ এজন বিতৰ্কিত ব্যক্তিৰ ঘনিষ্ঠজনৰ বিৰুদ্ধে ভাৰ্জিনিয়া গিফৰে নামৰ এগৰাকী মহিলাই মানহানিৰ গোচৰ ৰুজু কৰিছিল। গোচৰৰ নথিত এপষ্টেইনৰ ঘনিষ্ঠসকলৰ সকলো তথ্য উত্থাপন কৰা হৈছিল। শুনা গৈছিল যে, যৌন কেলেংকাৰীত দোষী সাব্যস্ত এপষ্টেইনৰ সৈতে ট্ৰাম্পৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। এইটোও শুনা গৈছিল যে, এপষ্টেইনৰ বিলাসবহুল বিমান ‘ল’লিটা এক্সপ্ৰেছ’ত উঠি ট্ৰাম্পে কেইবাখনো দেশলৈ গৈছিল। এই বছৰৰ আৰম্ভণিতে এই ফাইলৰ এটা অংশ প্ৰকাশ্যলৈ অনা হৈছিল। কিন্তু মাস্কে এই ফাইলৰ সম্পূৰ্ণ অংশ প্ৰকাশ্যলৈ আনিবলৈ দাবী জনাইছে। ইয়াৰ উপৰিও এটা সাক্ষাৎকাৰত প্ৰশ্নকৰ্তাৰ সুৰত সুৰ মিলাই মাস্কে কৈছে যে ৰাষ্ট্ৰপতি ট্ৰাম্পক ‘ইমপিচ’ (পদচ্যুত) কৰা উচিত আৰু তেওঁৰ ঠাইত ভাইচ প্ৰেসিডেণ্ট জেডি ভান্সক বহোৱা উচিত।

বিগত ২০ জানুৱাৰীত দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসনত বহি ট্ৰাম্পে মাস্কক নিজৰ বিশেষ পৰামৰ্শদাতা হিচাপে নিযুক্তি দিছিল। তেওঁ কৈছিল, “তেওঁৰ সৈতে মোৰ সম্পৰ্ক অতি ভাল।” মাস্কৰ বাবে এটা পৃথক দপ্তৰো সৃষ্টি কৰা হৈছিল। সেই ‘চৰকাৰী দক্ষতা বিষয়ক দপ্তৰ’ (ডিপাৰ্টমেণ্ট অৱ গভৰ্ণমেণ্ট এফিচিয়েন্সি বা ডিঅ’জিই)-ৰ কাম আছিল প্ৰশাসনৰ ‘অপ্ৰয়োজনীয় ব্যয়’ হ্ৰাস কৰা আৰু দেশৰ অৰ্থনৈতিক নিৰাপত্তা সুনিশ্চিত কৰা। কিন্তু ট্ৰাম্পৰ ‘জনকল্যাণমূলক’ বিলক ‘জঘন্য পদক্ষেপ’ বুলি চিহ্নিত কৰি ধনকুবেৰ ইলন মাস্কে প্ৰশাসনিক উপদেষ্টাৰ পদৰ পৰা ইস্তাফা দিছিল। তেওঁ ‘খৰচ হ্ৰাসৰ দপ্তৰ’ৰ দায়িত্বও এৰিছিল।

এই পৰিস্থিতিত বৃহস্পতিবাৰে ট্ৰাম্পে কয়, “আমি ইলনৰ বিষয়ে বৰ হতাশ। তেওঁৰ সৈতে আৰু ভাল সম্পৰ্ক থাকিব নে নাই নাজানো।” তাৰ পিছত এটাৰ পিছত এটা ইংগিতপূৰ্ণ পোষ্ট কৰি মাস্কে বুজাই দিছে যে, দুয়োৰে মাজত ‘ভাল সম্পৰ্ক’ আৰু নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...