RCBৰ বিজয় উৎসৱ চাই ঘূৰি আহিম বুলি কৈ আৰু ঘূৰি নাহিল কামাক্ষী…

অফিচত খোলা অৱস্থাত পৰি আছে তেওঁৰ লেপটপ। কাৰ্যালয়ৰ ছিনিয়ৰক কেইঘণ্টামানৰ বাবে ছুটী দিবলৈ অনুৰোধ কৰিছিল। আৰচিবিৰ অনুষ্ঠান চাই অফিচলৈ ঘূৰি আহিব বুলি কৈছিল। বছৰ পৰা অনুমতি পাইয়েই তেওঁ ছিন্নাস্বামী ষ্টেডিয়ামৰ উদ্দেশ্যে খৰধৰকৈ ওলাই গৈছিল। কিন্তু কোনে ভাবিছিল যে হাঁহিমুখে অফিচৰ পৰা ওলাই যোৱা সেই ছোৱালীজনী নিথৰ হৈ ঘূৰি আহিব! বেংগালুৰুৰ ছিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত ভিৰত পদপিষ্ট হৈ তথ্যপ্ৰযুক্তি কৰ্মী কামাক্ষী দেৱীৰ মৃত্যু হৈছে।

অফিচৰ সহকৰ্মীসকলে এতিয়াও ভাবিব পৰা নাই যে কামাক্ষী আৰু কেতিয়াও অফিচলৈ ঘূৰি নাহিব। আৰু কাৰো সৈতে হাঁহি-আড্ডা নকৰিব। ঘৰ তামিলনাডুত হ’লেও পঢ়া-শুনা আৰু কৰ্মসূত্ৰে বেংগালুৰুতেই থাকিছিল কামাক্ষী। সহকৰ্মীসকলে জনোৱা মতে, বেংগালুৰুৰ প্ৰতি কামাক্ষীৰ আছিল এটা বিশেষ টান। তেওঁৰ খেলৰ প্ৰতি আছিল উন্মাদনা। তামিলনাডুৰ হ’লেও আৰচিবিৰ প্ৰতি তেওঁৰ গভীৰ দুৰ্বলতা আছিল। বিশেষকৈ তেওঁ আছিল কোহলিৰ ‘ডাঙৰ ফেন’।

শেহতীয়াকৈ বিৰাটৰ আৰচিবিয়ে আইপিএল জিকিছিল। সেই জয় উদযাপনৰ কথা ঘোষণা কৰা হৈছিল। স্থিৰ হৈছিল যে ছিন্নাস্বামী ষ্টেডিয়ামত এই বিজয়োৎসৱ পালন কৰা হ’ব। কামাক্ষীৰ সহকৰ্মীসকলে জনোৱা মতে, আৰচিবিৰ উদযাপন চাবলৈ তেওঁ আগতীয়াকৈ বছক জনাই ৰাখিছিল। সহকৰ্মীসকলে জনোৱা অনুসৰি, “এই বিষয়ত কামাক্ষী অতি উৎসাহী আছিল। বছৰ পৰা ছুটী মঞ্জুৰ হোৱাৰ লগে লগে হাঁহিমুখে অফিচৰ পৰা ওলাই গৈছিল। কৈ গৈছিল, ঘূৰি আহি পুনৰ কাম কৰিব। লেপটপো খুলি থৈ গৈছিল।”

বুধবাৰে কামাক্ষীয়ে তেওঁ আৰু তিনিজন সহকৰ্মীৰ সৈতে দুপৰীয়া আঢ়ৈটামান বজাত ছিন্নাস্বামী ষ্টেডিয়ামত উপস্থিত হৈছিল। ভাতৃয়ে জনোৱা অনুসৰি, “ষ্টেডিয়ামৰ ৭ নম্বৰ গেটেৰে সোমাবলৈ চেষ্টা কৰি আছিলো। কেইছেকেণ্ডমানৰ ভিতৰতে গেটৰ সন্মুখত বিশাল ভিৰ জমা হৈছিল। থেলা-হেঁচাত আমি ইজনৰ পৰা সিজন আঁতৰি পৰিছিলো। তাৰ পিছতেই শুনিলো কামাক্ষী আৰু নাই।” উল্লেখযোগ্য যে, বুধবাৰে ছিন্নাস্বামী ষ্টেডিয়ামত আৰচিবিৰ বিজয়োৎসৱত পদপিষ্টৰ ঘটনা সংঘটিত হৈছিল। সেই ঘটনাত ১১ জনৰ মৃত্যু হৈছে। সেই তালিকাত আছে তামিলনাডুৰ কামাক্ষীও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...

দুসপ্তাহৰ জাননী দি ৭২ ঘণ্টাৰ ভিতৰত ইৰাণক আক্ৰমণ! ট্ৰাম্পে কেতিয়া আক্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল?

ইৰাণৰ বিৰুদ্ধে আমেৰিকাই প্ৰত্যক্ষভাৱে অস্ত্ৰ ল’ব নে নাই, সেই...

ৰাছিয়াই ইৰাণক কিয় প্ৰত্যক্ষভাৱে সহায় কৰা নাই?

পশ্চিম এছিয়াত উত্তেজনা ক্ৰমাৎ বাঢ়িছে। এই পৰিপ্ৰেক্ষিতত শনিবাৰে গভীৰ...

ইৰাণত প্ৰৱেশ কৰি কেনেকৈ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলাইছিল আমেৰিকাই?

ইৰাণৰ পৰমাণু কেন্দ্ৰত আমেৰিকাৰ গোপন আক্ৰমণ শনিবাৰে গভীৰ নিশা আমেৰিকাই...