ভাৰতৰ দৰিদ্ৰতাৰ হাৰ এটা দশকত ২৭ কোটি হ্ৰাস পাইছে! বিশ্ব বেংকৰ প্ৰতিবেদনত মোদী চৰকাৰৰ প্ৰশংসা

ভাৰতে ক’ভিড-১৯ মহামাৰীৰ প্ৰভাৱৰ পিছতো দৰিদ্ৰতা দূৰীকৰণত উল্লেখযোগ্য সফলতা লাভ কৰিছে। বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, বিগত এটা দশকত ভাৰতত ‘চৰম দৰিদ্ৰতা’ উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। ২০১১-১২ চনত চৰম দৰিদ্ৰতাৰ হাৰ আছিল ২৭.১ শতাংশ, যিটো ২০২২-২৩ চনত কমি ৫.৩ শতাংশ হৈছে।

বিশ্ব বেংকৰ তথ্য অনুসৰি, এই এটা দশকত প্ৰায় ২৭ কোটি (প্ৰকৃততে ২৬ কোটি ৯০ লাখৰ কিছু বেছি) লোকক চৰম দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে ভাৰতে। আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত ইয়াক প্ৰতিবেদনত ‘উল্লেখযোগ্য সফলতা’ বুলি উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে, ২০২০ চনৰ ক’ভিডৰ সময়ছোৱাত ভাৰতত কমেও ৫.৬ কোটি লোক নতুনকৈ দৰিদ্ৰতাৰেখাৰ তললৈ নামি গৈছিল বুলি ২০২২ চনত বিশ্ব বেংকৰ ‘পভাৰ্টি এণ্ড শ্বেয়াৰ্ড প্ৰ’চ্পেৰিটি’ শীৰ্ষক প্ৰতিবেদনত কোৱা হৈছিল।

শেহতীয়া প্ৰতিবেদনত স্পষ্ট হৈছে যে, মহামাৰীৰ সেই প্ৰভাৱ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত দৰিদ্ৰতা দূৰীকৰণ কাৰ্যসূচী যথেষ্ট আগবাঢ়িছে। আনকি প্ৰতিবেদনত কোৱা হৈছে যে, ২০১১-২৩ চনৰ ভিতৰত নিম্ন-মধ্যম আয়ৰ দৰিদ্ৰতাৰ হাৰো ৫৭.৭ শতাংশৰ পৰা কমি ২৩.৯ শতাংশত থিয় হৈছে। বিশ্ব বেংকে দৰিদ্ৰতাৰ সংজ্ঞা নিৰ্ধাৰণৰ ক্ষেত্ৰত আগতে প্ৰতিদিন ২.১৫ ডলাৰ (প্ৰায় ১৮৪ টকা) খৰচৰ সীমা মানি চলিছিল। ২০২১ চনত তাক বঢ়াই ৩ ডলাৰ (প্ৰায় ২৫৭ টকা) কৰা হৈছিল। তাৰ পিছতো ভাৰতত দৰিদ্ৰ লোকৰ সংখ্যা হ্ৰাস পাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...