অৰুণাচললৈ গ’লে কি কি চাব?

ভাৰতৰ উত্তৰ-পূব দিশত অৱস্থিত এখন ৰাজ্য অৰুণাচল। অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্যই সকলো মানুহকে ৰাজ্যখনৰ প্ৰতি আকৰ্ষিত কৰে। আনফালে ফুৰি ভাল পোৱা প্ৰতিজন মানুহেই জীৱনত এবাৰ হ’লেও অৰুণাচললৈ যোৱাৰ সপোন এটা পুহি ৰাখে। কিন্তু তাৰ মাজতেই বহুতৰে আকৌ এই লৈ সমস্যাও হয় যে অৰুণাচললৈ গৈ তেওঁলোকে কি কি চাব অথবা ক’ত ক’ত যাব। গতিকে এই সমস্যাৰ সমাধান আমি দিম আপোনাক। এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনাক অৰুণাচলৰ এনে কেইখনমান ঠাইৰ বিষয়ে জনাম, যিসমূহ ঠাই আপুনিও অৰুণাচললৈ গ’লে চাব পাৰিব।

টাৱাং : টাৱাঙক অৰুণাচল প্ৰদেশৰ এক প্ৰাচীন পৰ্যটন স্থল বুলি গণ্য কৰা হয়, য’ত প্ৰকৃতিৰ আশ্চৰ্যজনক দৃশ্য দেখা যায়। ইয়াত বৰফৰ শৃংগ, সুন্দৰ হ্ৰদ আৰু শান্ত জলপ্ৰপাত দেখিবলৈ পোৱা যায়। গতিকে যেতিয়াই আপুনি অৰুণাচললৈ যায়, এই টাৱাং দৰ্শন কৰিবলৈ নাপাহৰিব।

জিৰো ভেলী : সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৫,৬০০ ফুট উচ্চতাত অৱস্থিত জিৰো ভেলী হৈছে পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঠাইবোৰৰ ভিতৰত অন্যতম। জিৰো ভেলীলৈ গৈ আপুনি এনে অনুভৱ কৰিব যেন আপুনি পৃথিৱীত নহয় স্বৰ্গতহে আছে। প্ৰাকৃতিক সৌন্দৰ্য আৰু শান্তি দেখি, আপুনি ইয়াত জীৱনত অতিবাহিত কৰা সময় কেতিয়াও পাহৰিব নোৱাৰিব।

ৰয়িং : উত্তৰৰ দিবাং উপত্যকাৰ পাহাৰ আৰু নদীৰে আৱৰি থকা ৰয়িং হৈছে এক সুন্দৰ পৰ্যটন স্থলী। বৰফৰে আবৃত শৃংগ, নদী আৰু ৰহস্যৰে ভৰা পাহাৰবোৰে এখন বেলেগ পৃথিৱীলৈ অহাৰ অনুভূতি প্ৰদান কৰে। যদি আপুনি কেতিয়াবা অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰে, তেন্তে নিশ্চিতভাৱে এবাৰ এই ঠাইলৈ যাওক।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...