গোলাঘাট বিধানসভা সমষ্টিত ৫খন নতুন জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী অশোক সিংহলৰ

ৰাজ্যৰ জলসিঞ্চন আন্তঃগাঁথনিত এক নতুন সংযোজন হিচাপে ৰাজ্য চৰকাৰৰ জলসিঞ্চন তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে গোলাঘাট জিলাৰ দৈয়াং আমগুৰিত আয়োজিত এক বিশেষ অনুষ্ঠানত গোলাঘাট বিধানসভা সমষ্টিত ৰাজ্যৰ জলসিঞ্চন বিভাগে হাতত লোৱা ৫ খন নতুন জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। এই আঁচনিকেইখন হৈছে বৃহত্তৰ গমাৰীত দৈয়াং নৈৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি, গোলাঘাট সমষ্টিত দৈয়াঙৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি, চেলচেলি আৰু ঘিলাধাৰী নদীৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি, ৰজাবাৰীত দৈয়াঙৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি আৰু আমগুৰিত দৈয়াঙৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি। ৪২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই ৫ খন আঁচনিয়ে ১০৯০ হেক্টৰ বিশাল কৃষিভূমিত নিয়োজিত ১০১৬ টা কৃষক পৰিয়ালক উপকৃত কৰিব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে, অসমৰ প্ৰতিগৰাকী কৃষকৰ ঘৰ পোহৰ হৈ থাকিবলৈ হ’লে প্ৰতিখন পথাৰ সেউজীয়া হৈ থাকিব লাগিব। ইয়াৰ বাবে জলসিঞ্চন লাগিব আৰু তাৰ বাবে বিভাগটোৱে নতুন নতুন আঁচনি গ্ৰহণ কৰি আহিছে। আজি আধাৰশিলা স্থাপন কৰা এই পাঁচখন আঁচনিৰ সুবিধা গ্ৰহণ কৰি ৰাইজে বছৰি একাধিক কৃষিত আত্মনিয়োগ কৰিলে অতি সোনকালেই সমগ্ৰ দৈয়াংপৰীয়া ৰাইজ উপকৃত হোৱাকৈ এক বৃহৎ জলসিঞ্চন আঁচনি হাতত লোৱা হ’ব বুলি তেওঁ ঘোষণা কৰে।

এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিত্ত তথা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ তাচা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ড আৰু বিভাগৰ মুখ্য অভিযন্তা কে.এম.এচ. ৰাজকুমাৰো উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...