গোলাঘাট বিধানসভা সমষ্টিত ৫খন নতুন জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী অশোক সিংহলৰ

ৰাজ্যৰ জলসিঞ্চন আন্তঃগাঁথনিত এক নতুন সংযোজন হিচাপে ৰাজ্য চৰকাৰৰ জলসিঞ্চন তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে গোলাঘাট জিলাৰ দৈয়াং আমগুৰিত আয়োজিত এক বিশেষ অনুষ্ঠানত গোলাঘাট বিধানসভা সমষ্টিত ৰাজ্যৰ জলসিঞ্চন বিভাগে হাতত লোৱা ৫ খন নতুন জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। এই আঁচনিকেইখন হৈছে বৃহত্তৰ গমাৰীত দৈয়াং নৈৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি, গোলাঘাট সমষ্টিত দৈয়াঙৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি, চেলচেলি আৰু ঘিলাধাৰী নদীৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি, ৰজাবাৰীত দৈয়াঙৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি আৰু আমগুৰিত দৈয়াঙৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি। ৪২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই ৫ খন আঁচনিয়ে ১০৯০ হেক্টৰ বিশাল কৃষিভূমিত নিয়োজিত ১০১৬ টা কৃষক পৰিয়ালক উপকৃত কৰিব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে, অসমৰ প্ৰতিগৰাকী কৃষকৰ ঘৰ পোহৰ হৈ থাকিবলৈ হ’লে প্ৰতিখন পথাৰ সেউজীয়া হৈ থাকিব লাগিব। ইয়াৰ বাবে জলসিঞ্চন লাগিব আৰু তাৰ বাবে বিভাগটোৱে নতুন নতুন আঁচনি গ্ৰহণ কৰি আহিছে। আজি আধাৰশিলা স্থাপন কৰা এই পাঁচখন আঁচনিৰ সুবিধা গ্ৰহণ কৰি ৰাইজে বছৰি একাধিক কৃষিত আত্মনিয়োগ কৰিলে অতি সোনকালেই সমগ্ৰ দৈয়াংপৰীয়া ৰাইজ উপকৃত হোৱাকৈ এক বৃহৎ জলসিঞ্চন আঁচনি হাতত লোৱা হ’ব বুলি তেওঁ ঘোষণা কৰে।

এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিত্ত তথা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ তাচা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ড আৰু বিভাগৰ মুখ্য অভিযন্তা কে.এম.এচ. ৰাজকুমাৰো উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...