পথ বহলীকৰণৰ বাবে স্বেচ্ছাই মাটি এৰি দি নজিৰ দাঙি ধৰিলে ৭০ ঘৰ বাসিন্দাই

গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঁচটা নৱনিৰ্মিত পথৰ শুভ উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ

পথ বহলীকৰণৰ বাবে স্বেচ্ছাই মাটি এৰি দি নজিৰ দাঙি ধৰিলে গোলাঘাট চহৰৰ ৰূপনগৰ-কৃষ্ণনগৰৰ ৭০ ঘৰ বাসিন্দাই; ভূয়সী প্ৰশংসা মন্ত্ৰী সিংহলৰ, অন্যান্য চহৰবাসীকো আদৰ্শ ল’বলৈ আহ্বান

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে গোলাঘাট চহৰত বিত্তমন্ত্ৰী তথা স্থানীয় বিধায়িকা অজন্তা নেওগৰ উপস্থিতিত গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঁচটা নৱনিৰ্মিত পথৰ শুভ উদ্বোধন কৰে। এই পথকেইটি হৈছে কৃষ্ণনগৰ আৰু ৰূপনগৰ পথ, বি পি লাডিয়া পথ, ষ্টেচন সংযোগী পথ, লাচিত বৰফুকন পথ আৰু সুভাষ কলনী সংযোগী পথ। এই পথকেইটিৰ মুঠ দৈৰ্ঘ্য ১.৯৯৭ কিলোমিটাৰ।

এই উপলক্ষে গোলাঘাটৰ কৃষ্ণনগৰ অঞ্চলত আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে, স্থানীয় বিধায়িকা অজন্তা নেওগৰ তৎপৰতাত গোলাঘাট চহৰৰ ৰূপনগৰ-কৃষ্ণনগৰৰ ৰাইজে এক অভূতপূৰ্ব নজিৰ দাঙি ধৰিলে। নিজৰ অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত অঞ্চলটোৰ ৭০ ঘৰতকৈ অধিক মানুহে পথ নিৰ্মাণৰ বাবে নিজৰ মাটি এৰি দি পূৰ্বৰ ২.৫ মিটাৰ বহল পথটিক ৬ মিটাৰ পৰ্যন্ত বহল কৰাত সহযোগিতা আগবঢ়ালে। গোলাঘাট চহৰৰ বাসিন্দাসকলৰ এই কাৰ্য সামাজিক দায়বদ্ধতাৰ এক উজ্জ্বল দৃষ্টান্ত হৈ ৰ’ব বুলি মন্তব্য কৰি ৰাজ্যৰ অন্যান্য চহৰাঞ্চলৰ বাসিন্দাসকলকো এই আদৰ্শ অনুকৰণ কৰিবলৈ তেওঁ আহ্বান জনায়।

অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকন আৰু গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমনি বৰবৰাৰ লগতে বিভাগীয় বিষয়-ববীয়াসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰামৰ চৰিত্ৰত ছলমান, সীতাৰ চৰিত্ৰত সোণালী বেন্দ্ৰে! ৰণবীৰৰ ‘ৰামায়ণ’ৰ মুক্তিৰ পূৰ্বে নতুন চৰ্চা

ৰামৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ কাপুৰে। ইতিমধ্যে ছবিখনৰ প্ৰমোচনৰ...

ওঁঠ ফুলিছে, বিষত চকুপানী ওলাইছে! উৰ্ফীৰ কি হৈছে?

অভিনৱ কায়দাৰ পোছাক পৰিধান কৰি সকলোকে চমক দিয়ে উৰ্ফী...

আফ্ৰিকাতো সফল হৈছে ট্ৰাম্পৰ মধ্যস্থতা! কাটাৰত যুদ্ধবিৰতি চুক্তিত উপনীত ডি আৰ কংগো চৰকাৰ-বিদ্ৰোহীৰ

শনিবাৰে কাটাৰৰ ৰাজধানী দোহাত আমেৰিকাৰ মধ্যস্থতাত মধ্য আফ্ৰিকাৰ দেশ...

ভাৰত সীমান্তৰ সমীপত ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে চীনে

ভাৰত সীমান্তৰ সমীপৰ তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বিশ্বৰ সবাতোকৈ...