অৰুণাচললৈ গ’লে কি কি চাব?

ভাৰতৰ উত্তৰ-পূব দিশত অৱস্থিত এখন ৰাজ্য অৰুণাচল। অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্যই সকলো মানুহকে ৰাজ্যখনৰ প্ৰতি আকৰ্ষিত কৰে। আনফালে ফুৰি ভাল পোৱা প্ৰতিজন মানুহেই জীৱনত এবাৰ হ’লেও অৰুণাচললৈ যোৱাৰ সপোন এটা পুহি ৰাখে। কিন্তু তাৰ মাজতেই বহুতৰে আকৌ এই লৈ সমস্যাও হয় যে অৰুণাচললৈ গৈ তেওঁলোকে কি কি চাব অথবা ক’ত ক’ত যাব। গতিকে এই সমস্যাৰ সমাধান আমি দিম আপোনাক। এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনাক অৰুণাচলৰ এনে কেইখনমান ঠাইৰ বিষয়ে জনাম, যিসমূহ ঠাই আপুনিও অৰুণাচললৈ গ’লে চাব পাৰিব।

টাৱাং : টাৱাঙক অৰুণাচল প্ৰদেশৰ এক প্ৰাচীন পৰ্যটন স্থল বুলি গণ্য কৰা হয়, য’ত প্ৰকৃতিৰ আশ্চৰ্যজনক দৃশ্য দেখা যায়। ইয়াত বৰফৰ শৃংগ, সুন্দৰ হ্ৰদ আৰু শান্ত জলপ্ৰপাত দেখিবলৈ পোৱা যায়। গতিকে যেতিয়াই আপুনি অৰুণাচললৈ যায়, এই টাৱাং দৰ্শন কৰিবলৈ নাপাহৰিব।

জিৰো ভেলী : সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৫,৬০০ ফুট উচ্চতাত অৱস্থিত জিৰো ভেলী হৈছে পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঠাইবোৰৰ ভিতৰত অন্যতম। জিৰো ভেলীলৈ গৈ আপুনি এনে অনুভৱ কৰিব যেন আপুনি পৃথিৱীত নহয় স্বৰ্গতহে আছে। প্ৰাকৃতিক সৌন্দৰ্য আৰু শান্তি দেখি, আপুনি ইয়াত জীৱনত অতিবাহিত কৰা সময় কেতিয়াও পাহৰিব নোৱাৰিব।

ৰয়িং : উত্তৰৰ দিবাং উপত্যকাৰ পাহাৰ আৰু নদীৰে আৱৰি থকা ৰয়িং হৈছে এক সুন্দৰ পৰ্যটন স্থলী। বৰফৰে আবৃত শৃংগ, নদী আৰু ৰহস্যৰে ভৰা পাহাৰবোৰে এখন বেলেগ পৃথিৱীলৈ অহাৰ অনুভূতি প্ৰদান কৰে। যদি আপুনি কেতিয়াবা অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰে, তেন্তে নিশ্চিতভাৱে এবাৰ এই ঠাইলৈ যাওক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...