মহাকাশত প্রজনন আৰু শিশুৰ নিৰাপদ জন্ম সম্ভৱনে?

মহাকাশত প্রজনন আৰু শিশুৰ নিৰাপদ জন্ম সম্ভৱনে? মঙ্গল গ্রহত মানৱবাহী যান পঠোৱাৰ পৰিকল্পনা যিমানেই বাস্তৱায়িত হোৱাৰ পথত আগবাঢ়িছে, সিমানেই উত্থাপিত হৈছে এনে জটিল প্ৰশ্নসমূহ। কাৰণ, মঙ্গল গ্রহলৈ গৈ ঘূৰি আহিবলৈ প্ৰায় ৯ মাহ সময় লাগিব— যি এটা সম্পূৰ্ণ গৰ্ভাৱস্থাৰ সমান। তেন্তে কি গৰ্ভধাৰণৰ পৰা আৰম্ভ কৰি প্ৰসৱলৈকে সম্পূৰ্ণ প্ৰক্ৰিয়াটো মহাকাশত সম্পন্ন হ’ব পাৰে? পৃথিৱীৰ দৰে নৱজাত শিশু এজন তাত ডাঙৰ হ’ব পাৰিবনে? এইবাৰ এনে নানা প্ৰশ্নৰ উত্তৰ দিছে নতুন গৱেষণাই।

বিজ্ঞানীসকলে কয় যে, মহাকাশত গৰ্ভধাৰণ সম্ভৱ। শৰীৰত এবাৰ ভ্ৰূণ ৰোপণ কৰা হ’লে গৰ্ভাৱস্থা স্বাভাৱিক নিয়মেৰেই আগবাঢ়িব। কিন্তু প্ৰসৱ অত্যন্ত জটিল হ’ব। ইয়াৰ মূল কাৰণ হ’ল মাইক্ৰ’গ্ৰেভিটি বা মাধ্যাকৰ্ষণশূন্যতা। বিজ্ঞানী অৰুণ ভি হোলডেনে কয়, মাধ্যাকৰ্ষণ নোহোৱাৰ বাবে দেহৰ তৰল পদাৰ্থ ভাঁহি থাকে, ফলত মহাকাশত প্ৰসৱ এটা জটিল প্ৰক্ৰিয়া হৈ পৰিব পাৰে। শিশুৰ যত্ন লোৱাও অত্যন্ত জটিল কাম হ’ব। কাৰণ, পৃথিৱীৰ মাটিত শিশুক কোলাত লোৱা বা গাখীৰ খুওৱাৰ দৰে সাধাৰণ কামবোৰো মহাকাশত অতি কঠিন হৈ পৰিব!

ভ্ৰূণ এমনিঅ’টিক তৰলত ভাঁহি থাকে। অৰুণে কয়, এই পৰিৱেশে ভ্ৰূণক সুৰক্ষিত আৰু ভাসমান ৰাখে, প্ৰায় মহাকাশত মহাকাশচাৰীসকলৰ ওজনহীনতাৰ দৰে! আকৌ, মহাকাশত প্ৰসৱৰ ক্ষেত্ৰত মাধ্যাকৰ্ষণেই একমাত্ৰ সমস্যা নহয়। পৃথিৱীৰ বায়ুমণ্ডলে আমাৰ চাৰিওফালে এটা প্ৰতিৰক্ষামূলক বলয় সৃষ্টি কৰি ৰাখে, যাৰ দ্বাৰা ক্ষতিকাৰক মহাজাগতিক ৰশ্মিৰ পৰা ৰক্ষা পোৱা যায়। এই ৰশ্মিবোৰ মানৱদেহৰ সংস্পৰ্শলৈ আহিলে কোষৰ গুৰুতৰ ক্ষতি হ’ব পাৰে। কৰ্কট ৰোগৰ আশংকাও বাঢ়িব পাৰে। ফলত ক্ষতিকাৰক মহাজাগতিক ৰশ্মিৰ সংস্পৰ্শলৈ আহিলে মাতৃ আৰু ভ্ৰূণ— দুয়োৰে ওপৰত স্থায়ী প্ৰভাৱ পৰিব পাৰে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও ভাঙি পৰিব পাৰে।

এয়া প্ৰসৱৰ আগৰ কথা। বিজ্ঞানীসকলৰ মতে, প্ৰসৱৰ পিছতো আশংকা কোনো গুণে কম নহয়। বৰঞ্চ মহাকাশত জন্মগ্ৰহণ কৰা শিশু মাইক্ৰ’গ্ৰেভিটিৰ বাবে নানা বিকাশগত সমস্যাৰ সন্মুখীন হ’ব। মাধ্যাকৰ্ষণৰ অনুপস্থিতিৰ বাবে থিয় হোৱা বা বহাৰ ভংগীত স্থায়ী পৰিৱৰ্তন হ’ব পাৰে। মূৰ তুলি ধৰা, খোজ কঢ়াৰ দৰে প্ৰয়োজনীয় দক্ষতাবোৰো প্ৰভাৱিত হ’ব পাৰে। ফলত সামগ্ৰিকভাৱে শিশুৰ শাৰীৰিক আৰু মগজুৰ বিকাশত বাধাৰ সৃষ্টি হ’ব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...