আমেৰিকাৰ উপকূলত আৰম্ভ হৈছে ছুনামি!

জাপান আৰু ৰাছিয়াৰ পিছত আমেৰিকাৰ উপকূলতো ছুনামিৰ ঢৌৱে আঘাত হানিবলৈ আৰম্ভ কৰিছে। হাৱাই দ্বীপপুঞ্জৰ লগতে ৱাশ্বিংটন, অৰেগন আৰু কেলিফৰ্নিয়াৰ উপকূলত ঢৌ দেখা গৈছে। সমুদ্ৰ স্বাভাৱিকতকৈ অধিক উত্তাল হৈ আছে। হাৱাইত ছাইৰেন বাজি আছে। ইতিমধ্যে সমুদ্ৰৰ উপকূলীয় অঞ্চলৰ পৰা মানুহক উচ্চ স্থানলৈ স্থানান্তৰিত কৰা হৈছে।

আমেৰিকাৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি, এতিয়ালৈকে কেলিফৰ্নিয়াৰ এৰিনা ক’ভ উপকূলত  ছুনামিৰ ঢৌৰ উচ্চতা সৰ্বাধিক (১.৬ ফুট) আছিল। ইয়াৰ উপৰিও, কেলিফৰ্নিয়াৰ ক্ৰেছেণ্ট চিটি (১.৫ ফুট) আৰু মণ্টেৰেত (১.৪ ফুট)  ছুনামিৰ ঢৌয়ে আঘাত হানিছে। মূলতঃ কেলিফৰ্নিয়াৰ উত্তৰ উপকূলত এতিয়ালৈকে  ছুনামি  সীমাবদ্ধ হৈ আছে। স্থানীয় প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা বাকী উপকূল সমূহতো প্ৰযোজ্য হ’ব। ছান ফ্ৰান্সিস্ক’ বে এলেকা, অৰেগন উপকূল আৰু ৱাশ্বিংটন উপকূলত সতৰ্কবাণী জাৰি কৰা হৈছে। পৰিৱেশবিদসকলৰ মতে,  ছুনামিৰ এই প্ৰাথমিক ঢৌৰ পিছত কেইবাঘণ্টা ধৰি অতিৰিক্ত ঢৌ দেখা যাব পাৰে। পানীৰ সোঁতো স্বাভাৱিকতকৈ অধিক হ’ব পাৰে। কিছুমান ঠাইত সোঁত ‘ভয়ংকৰ’ হৈ পৰিব পাৰে। আমেৰিকাৰ নেশ্যনেল ৱেডাৰ ছাৰ্ভিচে সাধাৰণ মানুহক উপকূলৰ পৰা দূৰত থাকিবলৈ পৰামৰ্শ দিছে।

নেশ্যনেল অ’চেনিক এণ্ড এটম’স্ফিয়েৰিক এডমিনিষ্ট্ৰেশ্যনে (এনঅ’এএ) পাপুৱা নিউ গিনি, চল’মন দ্বীপ আৰু ভানুৱাটুত  ছুনামি সতৰ্কবাণী জাৰি কৰিছে। কোৱা হৈছে, উপকূলৰ কাষৰ বাসিন্দাসকল প্ৰস্তুত হৈ থাকিব লাগিব। সমুদ্ৰত কোনো অস্বাভাৱিকতা দেখা গ’লেই সকলোৱে উচ্চ স্থানলৈ যাব লাগিব। পৰৱৰ্তী নিৰ্দেশ নহা পৰ্যন্ত মাৰ্কিন নাগৰিক আৰু পৰ্যটকসকলক উপকূলীয় অঞ্চল এৰাই চলিবলৈ কোৱা হৈছে।

হাৱাইৰ ৱাহু দ্বীপৰ উপকূলীয় এটা পাৰ্কিং এলেকাত ছুনামিৰ ঢৌ সোমাই পৰিছে। হালেইৱা ব’ট হাৰ্বাৰৰ সেই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। তথাপি, পাৰ্কিং এলেকাত কোনো লোক নাছিল। কেইখনমান গাড়ী আৰু মটৰব’ট আছিল। হালেইৱাত  ছুনামিৰ ঢৌৰ উচ্চতা আছিল ৪ ফুট। হনলুলুত  ছুনামিৰ বাবে সাধাৰণ মানুহক সতৰ্ক কৰিবলৈ ছাইৰেন বাজি আছে। বহুতে সমুদ্ৰৰ তীৰৰ পৰা আঁতৰি গৈছে। উপকূলৰক্ষী বাহিনীৰ জাহাজো জৰুৰী পৰিস্থিতিৰ বাবে সতৰ্ক হৈ আছে।

বুধবাৰে (ভাৰতীয় সময়) ৰাছিয়াৰ পূৰ্ব কামচাটকা উপদ্বীপ অঞ্চল প্ৰবল ভূমিকম্পত কঁপি উঠিছিল। ৰিখটাৰ স্কেলত কম্পনৰ মাত্ৰা আছিল ৮.৮। সেই ভূমিকম্পৰ পিছতে  ছুনামিয়ে ৰাছিয়া আৰু জাপানৰ কেইবাটাও উপকূলত আঘাত হানিছিল। ইয়াৰ উপৰিও চীন, পেৰু, ইকুৱেডৰৰ দৰে দেশসমূহতো ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে। আমেৰিকাৰ কিছু উপকূলত  ছুনামিৰ ঢৌ দেখা গৈছে যদিও এতিয়ালৈকে কোনো বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। মাৰ্কিন জৰুৰী বিভাগে জনাইছে,  ছুনামিৰ বিপজ্জনক পৰ্যায়টো ইতিমধ্যে পাৰ হৈ গৈছে। আৰু কোনো ডাঙৰ বিপদৰ আশংকা নাই। যিসকলে সমুদ্ৰৰ তীৰ এৰি গৈছিল, তেওঁলোকে লাহে লাহে ঘূৰি আহিব পাৰে। তথাপিও সকলোৱে সতৰ্ক হৈ থাকিব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...